পুহমাহৰ কুঁৱলীসনা গধূলি আৰু ভিতৰত ধোঁৱা বলি থকা চাহ-পকৰি।”
“ভিনদেউ কেতিয়া আহিব?”, চাহকাপ হাতত লৈ পাপৰিয়ে কথাৰ সুঁতি সলায়। এই বায়েকজনীক তাই খং দেখুৱাবও নাজানে। এই বায়েকজনীৰ বাবে জীৱনতকৈ অন্য সত্য নাই।
“আহিব পৰী। যিমান যি হ’লেও দিনান্তত নীড়মুখী পখীৰ দৰে তেওঁ ঘৰলৈকে উভতিব। আৰু সেইখিনিয়ে মোৰ অহংকাৰ।”
“অ’ কৃতাবা, মেইল এটা কৰিবলগা আছিল, পাহৰি থাকিলোঁ, লেপটপটো দিয়াচোন”, হঠাতে কিবা এটা মনত পৰাত পাপৰি উচপিচাই উঠিল।
পাপৰি স্বাস্থ্য বিভাগৰ। হস্পিতেল মেনেজমেন্টৰ কোৰ্চটো কৰি তাই চাকৰিত সোমাইছিল। দৈনিক প্ৰতিবেদন, ওপৰৱালাৰ নিৰ্দেশসমূহত লাগি থাকোঁতে তাই নিজলৈ বুলি সময়েই নাপায়। তাৰ মাজতে অলংকৃতাৰ ওচৰলৈ ঢাপলি মেলে মাজে মাজে। আজিও আহিছিল তাইৰ খবৰ ল’বলৈকে তেনেতে মনত পৰিল, এটা ৰিপৰ্ট পঠিয়াবলৈ বাকী থাকিল, দৌৰাদৌৰিকৈ গৈ আল্ট্ৰাছৰ লেপটপটো অন কৰি ল’লে। আল্ট্ৰাছ লেপটপটো অলংকৃতাই খুলি নাচায়। খুলিবলৈ কষ্ট পায়। আল্ট্ৰাছে লেপটপত পাছৰৱৰ্ড দি থয়, সেই কথাত তাই কষ্ট নাপায়, কষ্ট পায় যেতিয়া পাছৱৰ্ডটো তাই টাইপ কৰিব লগা হয়, উল্কি বুলি। তাৰ পাছত কষ্ট পায়, যেতিয়া আল্ট্ৰাছৰ ৱালপেপাৰ খোল খায়। লেপটপৰ ৱালপেপাৰত আল্ট্ৰাছ, বৰফৰ মাজৰ আল্ট্ৰাছ। সেয়া মায়’ডিয়াৰ বৰফ। কাষত আন এটা নাৰীমূৰ্তিৰ ছাঁ, ফটোখনৰ পৰা উল্কিৰ অৱয়বটো কাটি আল্ট্ৰাছে নিজৰ ফটোখন ৱালপেপাৰ কৰি থৈছে।
ফটোখন তাইৰ চিনাকি৷ সেই নাৰীমূৰ্তিৰ ছাঁটো তাইৰ চিনাকি। ফটোখনৰ লগত জড়িত কথাবোৰ তাইৰ চিনাকি। এই ফটোখনে আনি দিয়া বিশৃংখলতাখিনি তাইৰ চিনাকি।
পাহৰিব পৰা নাই তাই। পাহৰিব পৰা নাই হয়তো আল্ট্ৰাছেও। উল্কি আঁতৰি যোৱাৰ অতদিনৰ পাছতো আল্ট্ৰাছে সেই সময়খিনিক লেপটপত বন্দী কৰি ৰাখে। কিবা এটাই তাইৰ বুকুখনত খোঁচ মাৰি ধৰে। সকলো থাকিও তাই নিঃকিন। বিয়াৰ আগৰ নিজৰ ভালপোৱাখিনিলৈ পুতৌ জন্মে তাইৰ। ভাব হয়, সেই ভালপোৱা অভিনয়হে আছিল, যি ভালপোৱাৰ বোকোচাত উঠি তাই এৰি আহিছিল পৃথিৱী।
ব্যৰ্থতাৰ চেঁচা বতাহ এছাটিয়ে তাইক চুই যায়। যক্ষ এটাই বুকুত বহি কলিজা ফালি তেজপান কৰে। সৰু সৰু কষ্টবোৰ তাই সহিব নোৱাৰে। দিনৰ কথাখিনিলৈ মনত পৰে। দিনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আগমণ উপলক্ষে সিহঁতৰ বৃহৎ আয়োজন হৈছিল। বিশালেও এই আয়োজনত যোগ দিয়াৰ কথা আছিল যদিও বিশেষ ব্যস্ততাৰ বাবে শেষ মুহূৰ্তত সি আহিব পৰা নাছিল। সি অহা হ'লে তাই তাৰ লগত মঙলদৈলৈ গ’লহেঁতেন। মঙলদৈলৈ গৈ টংলাৰ ওচৰৰ কোনো এক অঞ্চলত বাহৰ পাতি থকা দীপকৰ লিংকমেনজনক লগ ধৰিলেহেঁতেন। বিশাল কিয় নাহিল, সেই বিষয়ে তাই নাজানে, হয়তো সিও ব্যস্ত আছে, অলপ ব্যস্ততা কমিলেই তাইক সবিশেষ জনাব।
“বা অ’ বা, ৱাই-ফাইৰ পাছৱৰ্ডটো লাগিছিল।”, লেপটপৰ পৰা পাপৰিয়ে চিঞৰিলে।
“মই পাহৰিলোঁ পাই, ভিনিয়েৰাক ফোন কৰি সুধি লোৱা”, চাহৰ কাপকেইটা চিংকত থবলৈ গৈ থকাৰ পৰাই অলংকৃতাই উত্তৰ দিলে।
“দিয়া তোমাৰ ফোনটো”, পাপৰিয়ে অলংকৃতাক ফোনটো বিচাৰে। তাইৰ ফোনটো লৈ পাপৰিয়ে আল্ট্ৰাছৰ ফোন নম্বৰ বিচাৰিলে। ফোনটো লৈ কল-লগ স্ক্ৰল কৰি গৈ থাকিল, আল্ট্ৰাছৰ নাম নোলাল। তাইক আচৰিত কৰি বেছিভাগ ফোন আছিল বিশালৰ। কোন বিশাল? পাপৰি তভক মাৰিলে। কিবা এটা যেন গোন্ধ পালে। ফোনটো লৈ ৰৈ থাকিল। অলংকৃতা সোমাই আহিল,
“কি হ’ল পাগলী? ৰৈ থাকিলা যে?”
“বা, এই বিশাল কোন হয়?”
“বিশাল মোৰ জুনিয়ৰ আছিল পাপৰি, এতিয়া মঙলদৈত থাকে, কিয় সুধিলা?”
“নহয় মানে? নহয় মানে?”, তাই অলপ অপ্ৰস্তুত হৈছে।
“আচ্ছা, মন খাইছে ন? কথা পতাই দিম দেই”, অলংকৃতাই জোকায় তাইক।