(ছয়)
নিজাববীয়াকৈ বিয়াৰ সিদ্ধান্ত লৈ পেলাইছিল দুয়োৱে। তাইৰ বাবে সেয়া প্ৰত্যাহবান যেন লগা নাছিল একেবাৰে। প্ৰেমৰ শক্তিৰ আগত তাই কৰিবলগীয়া হোৱা ত্যাগবোৰ যেন তুচ্ছ হৈ পৰিছিল।
“তোমাৰ নামটো সলাব লাগিছিল অলংকৃতা, দুকোঠলীয়া ঘৰ এটা ভাড়ালৈ লৈছিল সিহঁতে। তাৰে ভিতৰচৰাত বহি আছিল অলংকৃতা। আল্ট্ৰাছৰ মুখৰ শব্দকেইটাত এই প্ৰথমবাৰৰ বাবে তাই উচপ খাই উঠিল।
“কিয় আল্ট্ৰাছ? কিয় মোৰ নাম সলাম?”, তাই উত্তৰৰ অপেক্ষাত আল্ট্ৰাছলৈ চাই ৰ’ল। ভিতৰি ভিতৰি কঁপি উঠিল তাই। আল্ট্ৰাছে কি কয় এইবোৰ? ধেমালি কৰিছে চাগৈ বুলি পুনৰ প্ৰশ্ন কৰে।
“আল্ট্ৰাছ।”
“ওমম।”
“নাম সলোৱাৰ কথা কিয় ক’লা?”
“আমাৰ ধৰ্মৰ ম’তে তুমি এটা আৰৱী শব্দৰ নামৰ অধিকাৰী হোৱাটো প্ৰয়োজন”।
“কিয়?”
“কিয় মই নাজানো। এয়া কাজী চাহাবৰ মত।”
“কোন কাজী চাহাব?”
“আসঃঙ্গ তুমি ইমান বেছিকৈ প্ৰশ্ন কৰা। মই কাজী চাহাবৰ ওচৰলৈ তোমাক লৈ যাম। নিজেই সুধি ল'ব পাৰিবা।”
অলংকৃত নিশ্চুপ হৈ বহি ৰৈছিল। সিদিনা তাইৰ নিকাহ আছিল। সিদিনা বাহিৰৰ কোঠাত তাইৰ নামৰ বিষয়ে এলানি আলোচনা চলিছিল। কি নামেৰে শুৱাব নব-বধু তথা ধৰ্মান্তৰিত অলংকৃতাক, এই লৈ আল্ট্ৰাছৰ বন্ধুসকল ব্যস্ত হৈ পৰিছিল।
অঞ্জুমান নে আনোৱাৰা নে আছিয়া নে আফৰীনা?
তাইক ইছলাম ধৰ্মলৈ দীক্ষিত কৰাৰ পুৰা প্ৰস্তুতি চলিছিল। তাইক সোধাৰ প্ৰয়োজনবোধ কোনেও কৰা নাছিল। ঘৰখনে তাইক ত্যাগ কৰিছিল। আল্ট্ৰাছৰ ঘৰখনে তাইক গ্ৰহণ কৰা নাছিল। বন্ধু বান্ধৱৰ পৰামৰ্শমতে সিহঁত নিকাহত বহিছিল। তাৰেই পদক্ষেপ নাম সলনিকৰণ, আৰু তাতেই যেন তাইৰ ৰৈ দিয়াৰ ইচ্ছা জাগিছিল।
আল্ট্ৰাছে তাইৰ মুখখনি মন কৰিছিল নে নাই তাই নাজানে। তাই বেডৰূমত কুঁচিমুচি বহি ৰেছিল। সিটো কোঠাৰ পৰা ভাঁহি আহিছিল চাঙী সজাৰ শব্দ। উল্লাসেৰে সজা হৈছিল সেই চাঙী। কিছুপৰৰ পাছতেই যে সেই চাঙীত উঠাই তাইৰ ‘অলংকৃতা’ নামটি লৈ যাব অনন্তধামলৈ।
যুক্তি-তৰ্কত কাকো জিকিবলৈ নিদিয়া ছোৱালীজনী এইবাৰ টলকা মাৰিছিল। ধৰ্মৰ নামত তাই নিঃশেষ হৈ যাব নেকি এই চিন্তাই কুৰুকিছিল মন।
সকলোবোৰ ত্যাগ কৰি অহাৰ পাছতো সদম্ভে থিয় দি তাইৰ কাষত আছিল তাইৰ পিতাকে দিয়া নামটো। “চাবা, মইনাৰ মাক, গুণেৰে অলংকৃতা হ’ব তাই”, এই কথা প্ৰায়েই কৈছিল দেউতাকে তাইৰ মেলেৰীয়া হৈছিল সেইবাৰ।দেউতাক ওৰে ৰাতিটো বহি ৰৈছিল তাইৰ মূৰ শিতানত। বাৰে বাৰে হাত ফুৰাই চাইছিল জ্বৰৰ উত্তাপ। তেজ ওলোৱাত দেউতাক বলীয়াৰ দৰে হৈছিল। বলীয়াৰ দৰে হৈছিল ককায়েক। চোতালৰ এচুকত আঁঠুকাঢ়ি বহি লোৱা ককায়েকক মাকে জোৰ কৰিও ভাত খাবলৈ উঠাই আনিব পৰা নাছিল। মুখেৰে বিৰবিৰাই আছিল সেই কণমানি ককায়েকটোৱে, “দেতা, ভন্টীক আৰু কেতিয়াও দুখ নিদিওঁ, কেতিয়াও দুখ নিদওঁ।”
শিলৰ খুঁটিৰ দৰে ৰৈ গৈছিল সেই কথা। দুখ দিয়া নাছিল ককায়েকে। দেউতাক ঢুকুৱাৰ পাছত সি বৰগছজোপাৰ দৰে আৱৰি ৰাখিছিল তাইক। যেতিয়াই য’লৈকে দৰকাৰ হয়, ককায়েকে লৈ যায়। তাইৰ সমূহ হেঁপাহ ককায়েকে পূৰ কৰাৰ চেষ্টা কৰে। আতোলতোলকৈ ৰাজকুমাৰীৰ দৰে জীয়াই আছিল তাই। ঘৰৰ এক বিশাল সাম্ৰাজ্য ঘেৰি আছিল অলংকৃতা নামটিৰ অস্তিত্ব৷ ঘৰৰ চাৰিবেৰ, স্কুল ডেক্স-বেঞ্চ, কলেজৰ গছজোপাত,