পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 ততাতৈয়াকৈ চুলিখিনি সামৰি আগলৈ আনি লয় তাই। মাতটো চিনি পাবনে তাই? একেই আছেনে সি? কি ক’ব তাই? সিয়েইবা কেনেকৈ আৰম্ভ কৰিব?

 তাই অপ্ৰস্তুত হ'ব। দস্তৰমত অপ্ৰস্তুত হ’ব তাই। হাতৰ চাহকাপ তেনেকৈয়ে চেঁচা পৰে। ছাদৰ ওপৰলৈ দৌৰি যায় তাই। ছাদৰ ওপৰৰ পৰিৱেশত তাই বিমুগ্ধ হৈ পৰে। বহুত দিনৰ মূৰত ফল্গু পূৰ্ণিমাৰ জোনটো দেখি অলংকৃতাৰ মনটো ৰঙীন হৈ পৰে। মোহিত নয়নেৰে এৰিকাপামজোঁপাৰ ওচৰত ঠিয় হ’লগৈ। এৰিকাপামৰ জোপোহাৰ মাজত চিৰিকি বৰষুণ আৰু স্নিগ্ধ জোনাকৰ ৰমন্যাস। ছাদৰ ওপৰত চেগুন গছৰ হালধীয়া সৰাপাত। বৰষুণে জিপাল কৰা হেঙুলবৰণীয়া সৰাপাত। মনৰ মাজত দুলি থাকে প্ৰিয় সময়ৰ কোলাত এৰি থৈ অহা উপন্যাসৰ পৃষ্ঠাবোৰ৷ সেই যে তালৈ কঢ়িয়াই নিয়া টিফিনৰ ভাগটো নতুবা বিহুৰ সময়ত নিজে ফুল তোলা প্ৰথমখন ৰুমাল, সেই যে কলেজৰ পুখুৰীৰ কাষৰ বেঞ্চখনত বহি তাইৰ অভিমান ভঙাত ব্যস্ত থকা ওখ লেংপেঙীয়া ল’ৰাজন, সেই যে গিটাৰৰ টুং টুং শব্দৰ মাজত বুৰি থকা ল’ৰাজনক আমনি নিদিওঁ বুলি হাতত সাৰে ভৰিত সাৰে ওলাই অহা তাইজনীৰ চুলিকোছা থাপ মাৰি ওচৰতে বহুৱাই দিয়া সময়কণ.. পৃষ্ঠাবোৰ লুটিয়াই থাকোঁতেই ফোনটো বাজি উঠে। বুকুৰ বাহিৰ-ভিতৰে চিৰিক চিৰিকৈ কল্লোল টানি সৰু ঘৰচিৰিকা এজনী উৰি ফুৰে। অভিমানত খৰিকাজাঁই পাহৰ দৰে ফুলি উঠা উঠন বুকুৰ উশাহটো কোনোমতে সলাই তাইৰ মাত ওলায়,

 “হেল্প”

 “অলংকৃতা। মই দীপক’’

 দীপক!

 কি যে শুনিছে তাই? নে ধ্ৰুৱমে তাইৰ লগত ধেমালি কৰিছে? ধ্ৰুৱমে নাজানে নেকি দীপকৰ যে মৃত্যু হ’ল। সঁচাকৈয়ে একেই আছে সি। ইমানবছৰৰ মূৰত প্ৰথমবাৰৰ মূৰত প্ৰথমবাৰ ফোন কৰিছে, অথচ ধেমালি কৰিবলৈকো এৰা নাই। দীপকৰ নাম লৈ ধেমালি কৰা ববে অৱশ্যে দুখো লাগিল তাইৰ। দীপক যে নাই এই পৃথিৱীত। হুমুনিয়াহ এটা নিগৰি গ’ল বুকুৰে।

 “ধ্ৰুৱম, তই ধেমালি কৰিব নালাগে দে। দীপকৰ মৃত্যুৰ খবৰ হ’বলা তই পোৱা নাই?”, কওঁতে তাইৰ মাতটো থোকা-থুকি হৈ পৰিল। দীপক ধৰফৰাই উঠে। গোটেই পৃথিৱীক যেন কৈ উঠিব, ‘মোৰ মৃত্যু হোৱা নাই, মই জীয়াই আছোঁ’৷ আৱেগিক হৈ পৰে সি, জীৱনৰ জটিলতাই আহত কৰে তাক, আহত হৈ পৰে তাৰ কণ্ঠ, আহত কণ্ঠেৰে কৈ উঠে সি,

 “মোৰ মাতটোও তই ধৰিব পৰা নাইনে অলংকৃতা? মই ধ্ৰুৱম নহয়। মই দীপক। বাহিৰৰ মানুহৰ চকুত মোৰ মৃত্যু হৈছে, আন নালাগে ৰাহুলৰ চকুতো মোৰ মৃত্যু হৈছে৷ কেৱল তোক খবৰ দিয়াৰ প্ৰয়োজন হোৱাৰ বাবেই ধ্ৰুৱমৰ নাম লৈ ৰাহুলৰ পৰা তোৰ নম্বৰ ল’লোঁ।”

 তাই বিচূৰ্তি খালে। দীপক জীয়াই আছে, তেন্তে মৃত্যুৰ খবৰ বিয়পি যোৱাৰ ৰহস্য কি? আশ্চৰ্যত ডুব গ’লেও দীপকৰ কথাত তাই অফুৰন্ত সুখ অনুভৱ কৰিলে। যি দীপকৰ মৃত্যুবাতৰিয়ে তাইক এইকেইদিন কন্দুৱাই আছিল, সেই দীপকৰ মাত শুনি তাই সুখী হোৱাৰে কথা। মুহূৰ্ততে তাই ধ্ৰুৱম নামৰ চৰিত্ৰটোৰ পৰা আঁতৰি আহি দীপকৰ লগত দীঘলীয়া আলাপত ব্যস্ত হৈ পৰিল। কথাবোৰ গোপন। বেৰখনকো ক’ব নোৱাৰাকৈ গোপন। বিশালকো ক'ব নোৱাৰি। ৰাহুলক ক’ব পাৰিনে নোৱাৰি সেই কথা সোধা নহ’ল তাইৰ। নিশ্চয় নোৱাৰি।

 আকৌ কলিজাৰ ছটফটনি বাঢ়িল। সঁচাকৈয়ে দীপকৰ মাত আছিল নে? নে আন কোনোবাই তাইৰ সতে খেল খেলিছে?

 কথাবোৰে পাক লৈছে। চিন্তাৰ নৈখন ন ন সুঁতিৰ জন্ম দিছে। দীপকে তাইক মাতি পঠিয়াইছে। তাকো অকলে। ওহো অকলে নহয়। পাৰিলে মাকক লৈ আনিবলৈ কৈছে। চিংফৌ গাঁৱ কোনো এটা ঘৰত সি গোপনে তাইক লগ কৰিব।

 দীপকক বিশ্বাস কৰে তাই। সৰুকালৰ বন্ধু সি। কিন্তু যদি এয়া দীপক নহৈ আন কোনোবা হয়? আয়তাকাৰ চকুহালে যেন দূৰ দিগবলয়ত সততাৰ জোখ লয়। আত্মাত সমৰ্পিত হৈ কৈ উঠে নিজকে,

 “ৰিস্ক ৰিস্ক বহুত ৰিস্ক। জীৱনটোৰ আধাখিনি সময় ৰিস্ক লওঁতেই গ’ল। আল্ট্ৰাছৰ সৈতে বিয়াখন এক ৰিস্ক।