(পঁচিশ)
“এক আচৰিত শক্তিয়ে আমাৰ আভ্যন্তৰীণ ব্যৱস্থাটো খেলিমেলি কৰিবলৈ সুযোগ বিচাৰি আছে ভাইটি। আমাৰ ৰাজ্যখন অস্থিৰ কৰিবলৈ কেওদিশৰ পৰা হেঁচা প্ৰয়োগ কৰা আছে। সীমান্তত পিয়াপি দি থকা বহিঃদেশৰ চকু আৰু অন্তঃপ্ৰদেশত আস্থাহীনতা তথা৷ ভুল বুজাবুজিৰ এদল নাগৰিক”, চাহৰ কাপত চুমুক দি দীপকে কৈ গৈছে বিশালক। অলংকৃতাৰ চিঠিখন পোৱাৰ পাছতে কিছুমুহূৰ্তৰ বাবে দীপক ভিতৰুৱা গাঁও এখনত উপস্থিত হৈছিল। তালৈকে ৰাহুলে বিশালক লৈ গৈছিল।
“অলংকৃতাই আপুনি ঘূৰি অহাটো বিচাৰিছে,”, বিশালে অলংকৃতাৰ হৈ দাবী কৰিলে।
“বহুতদেৰি হৈ গ’ল ভাইটি। অলংকৃতাক কোনোবাদিন লগ ধৰিম। অলংকৃতাক লগ ধৰিবলগীয়াও আছে। কিন্তু আগৰ জীৱনটোলৈ ঘূৰি আহিব নোৱাৰিম। ইটজ্ টু লেট।”
দাদা৷”
দীপকক কিবা ক’ব বিচাৰিছিল বিশালে।
নোৱাৰিলে সি। সংগঠনৰ দিনকেইটালৈ মনত পৰি গ'ল। দীপকে তাক তাৰ পৰা উলিয়াই পঠিয়ালে। বিশালক নতুন জীৱনৰ সন্ধান দি সি নিজে তাতে পৰি ৰ’ল। বিশালে বুজি নাপায়, কি কাৰণ সি ঘূৰি আহিব নোৱাৰাৰ। বুজিব নোৱাৰে সি।
বুজাব নোৱৰ৷ কথা কিছুমান প্ৰত্যেকৰে বুকুতে থাকে। অলংকৃতাহঁতৰ সদ্ভাৱে দীপকক নতুন জীৱনৰ বাবে যিদৰে উৎসাহিত কৰি তোলে, সেইদৰে, আন কিছু কথাৰ বাবে সি সেই জীৱনৰ পৰা ঘুৰি আহিব নোৱাৰে।
নকৈ গজালি মেলা কথাবোৰ মনত পৰে তাৰ। মনত পৰিলেই কোমল অনুভৱ এটাই বুকুত ভৰ দিয়েহি। এদিন ৰাতি দীপকহঁতৰ দলটোৱে তাত জিৰণি লৈছিল। বাহিৰত সিদিনা হিমপাতৰ বৰষুণ। খেৰৰ চাংঘৰটোৰ এচুকত চিমিক ঢামাককৈ এটা টেবুল লেম্প। কাণত জাংফাই পিন্ধা চিংফৌ ছোৱালীজনীয়ে চিনামাটিৰ কাপত ধোঁৱা বলি থকা চাহেৰে সিহঁতক আপ্যায়ন কৰিছিল। চাহৰ কাপত চুমুক দি গা-মনত শিহৰণ উঠিছিল তাৰ। আসঃ গান্ধবিৰিণাৰ গোন্ধ! কি যে নিচা এই চাহৰ! খালী চাহকাপ তুলি দিওঁতে ছোৱালীজনীৰ চকুত চকু পৰিছিল। ক’ৰবাত যেন দেখিছিল এইযোৰ চকু। ক’ত দেখিছিল এইযোৰ চকু? যেন বহু দিনৰ চিনাকি তাই।
কাতৰ এহাল চকু। হৰিণীৰ দৰে এহাল চকু। নাৰীৰ চকু বুলিলেই ছলনা বুলি ভাবি থকা ধাৰণাটো চুৰমাৰ কৰি সি তাইৰ চকুৰ ৰহস্য উদঘাটনত ব্যস্ত হৈ পৰিল। সেই চকুৱে তাক সপোন দেখুৱায়। পাহাৰ নতুবা জংঘলৰ পৰা ওলাই আহি সি তাইৰ হাতৰ চাহকাপৰ সোৱাদ লয়।
মাকলৈ মনত পৰে তাৰ। পুলিচ-আৰ্মিৰ সঘন তালাচীৰ পৰ| বাচিবলৈ ককায়েকজন চহৰলৈ উঠি গ’ল। মাকজনীয়েহে ভেটিটো এৰি গুচি নগ’ল। “পিতায়েৰে এইখন ঘৰতে চকু মুদিছে, এইখন ঘৰতে ময়ো চকু মুদিম। তহঁতৰ যি মন যায় কৰি থাক”, সেয়া আছিল মাকৰ সিদ্ধান্ত।
এফালে হৰিণীনয়না আনফালে বৃদ্ধা মাক, তাৰ মাজতে অলংকৃতাৰ কাগজৰ টুকুৰা এটা আহে তালৈ, “তই ঘূৰি আহ”। ঘূৰি যাব সি। সিদ্ধান্ত লৈ পেলায় মানে হৰিণীনয়নাৰ ঘৰৰ চাহকাপত পোৱা গান্ধবিৰিণা পাতৰ গোন্ধটো তাৰ নাকত লাগি আহে। কৰুণ চকুহালে তাক বিপ্লৱৰ অৰ্থটো বেলেগকৈ ভাবিবলৈ শিকালে ভৈয়ামৰ বনাঞ্চলত সি এটা প্ৰকল্প আৰম্ভ কৰাৰ কথা আছিল। পৰ্যটনৰ লগতে বন্যপ্ৰাণীৰ সংৰক্ষণৰ উদ্দেশ্য আগত লৈ সি প্ৰকল্পটোৰ বিষয়ে পৰিকল্পনা কৰি পেলাইছিল। বিশাল, ৰাহুল আৰু অলংকৃতাৰ তাৰ প্ৰতি থকা দায়বদ্ধতা তাক ওভতনি পথ দেখুৱাইছিল মাথোঁ, সেই সময়তে আহি পৰিছিল হৰিণীনয়না এহাল চকু। সেই হৰিণীনয়নাৰ চকুৰ দৃষ্টি সি ভেদিব পৰা নাছিল। যেন যুগ-যুগান্তৰৰ বাধা নেওচি তাইৰ ওচৰ পাবগৈ।
ইফালে সিহঁতৰ পিছত পিয়াপি দি ফুৰে ভাৰতীয় সেনাই। ভাৰত চৰকাৰে সিহঁতৰ ঘাটি উৎখাত কৰিবলৈ নতুনকৈ আঁচনি লৈছে বুলিও সিহঁত জ্ঞাত। সেইমৰ্মে সিহঁত যথেষ্ট সচেতন আৰু পৈণত হৈও উঠিছে। চুবুৰীয়া ৰাষ্ট্ৰখনে সিহঁতৰ সংগঠনটোৰ প্ৰতি বন্ধুভাবাপন্ন হোৱা হেতুকে সংগঠনৰ উচ্চপৰ্যায়ৰ নেতাসকলে সেই ৰাষ্ট্ৰখনত বসতি আৰম্ভ কৰিছে। জংঘলে জংঘলে এগালমান প্ৰত্যাহবান কঢ়িয়াই সেউজীয়া ৰংবোৰক ৰাঙলী কৰাৰ কচৰৎ চলে। সেই প্ৰশিক্ষণবোৰৰ পৰাও সি আঁতৰি থাকে। আজিকালি সেই প্ৰশিক্ষণৰ দায়িত্ব লৈছে হিন্দীভাষী সদস্য