চকু দুটা, কাণ দুখন আছে মানে তাই পৰিপূৰ্ণ হৈ আছে। তাই দুহাত প্ৰসাৰি নিজকে নিজে সাৱটি ল’লে। বাহিৰত আঁউসীৰ ৰাতি। ঘিটমিট আন্ধাৰ। তথাপি গৈ থাকিব তাই। গৈ থাকিব অনন্ত সময়। গৈ থকাৰ নামেই যে জীৱন।
++
(এঘাৰ)
“ভালপোৱাৰ বহুত দাম অ’? মোৰ এই ফিচিকা কলিজাত ভালপোৱাৰ দৰে বিলাসিতা শোভা নাপায় বিশাল। আৰু কি জানেনে বিশাল, পাতল কথা ক’ব নজনা মানুহ মই। ইমান গধুৰতাক পুৰুষে হজম কৰিব নোৱাৰে। খিলখিল হাঁহি, অনৰ্থক অলংলগ্ন কথাৰ টুকুৰাবোৰেহে প্ৰেমৰ উপাদান। চকুপানীৰ সেমেকা অনুভূতিৰে জীৱনৰ কঠোৰতাত প্ৰেমৰ বুনিয়াদ ৰচিব পাৰিনে? নোৱাৰি বিশাল। নোৱাৰি”,
নিজৰ চুলি ছিঙি সেই আস্ফালনেৰে গোলকীয় আন্দোলন কৰিবলৈ মন যায় তাইৰ। কিন্তু কোৱা নহ’ল সেইদৰে। বিশালৰ কাষেৰে পাৰ হৈ আহোঁতে তাইৰ অস্ফুট কথাখিনি বিশালৰ চিগাৰেটৰ কুণ্ডলীৰ লগত হেৰাই গ’ল। অলপমান বিবেক দংশনত ভূগিছে তাই। বিশালৰ লগত ইমান ঘনিষ্ঠতা গঢ়ি তুলিব নালাগিছিল। তাৰ উদাৰতাৰ সুষোগ ল’ব নালাগিছিল তাই। ভুল কৰিলে তাই। এতিয়া বুজাব নোৱাৰাকৈ চৌপাশ অস্থিৰ।
অস্থিৰতা খেদিবলৈকে অটো এখন লৈ তাই ঘূৰি ফুৰিলে। ককায়েকলৈ বৰকৈ মনত পৰিল তাইৰ। আগতে যে নাইটচুপাৰত গুৱাহাটীলৈ আহিলে ককায়েকে ঘৰৰ পৰা সোঁৱৰাই থাকে, “অকলে অকলে অটোত নুঠিবি। আন্ধাৰত নিজান ৰাস্তালৈ নাযাবি”, ইত্যাদি ইত্যাদি৷ তেতিয়া দামিনী কাণ্ডই তোলপাৰ লগাইছিল দেশ। অলংকৃতাক লৈ অহেতুক ভয় ককায়েকৰ। কৰ্তব্যৰ খাতিৰত ঘূৰি ফুৰিব লগা হোৱা তাইক বাৰে বাৰে ফোন কৰি খবৰ লৈ থাকে সি। তাই তেতিয়া এটি সন্তানৰ মাতৃ। আল্ট্ৰাছৰ পত্নী। কিন্তু আল্ট্ৰাছতকৈ যেন ককায়েকৰ চিন্তাহে বেছি আছিল। আন্ধাৰত বাহিৰত নাথাকিবি, হাতত চুৰি কটাৰী লৈ থাকিবি, কি যে আপদীয়া চিন্তাবোৰেৰে ভনীয়েকক সোঁৱৰাই থাকে সিঙ্গ যিমানেই সাহসী নহওক কিয়, ককায়েকক কষ্ট নিদিবলৈকে তাই কিছুমান কাম নকৰে। কিন্তু আজিৰ কথাটো বেলেগ হৈ পৰিল। যিটো শৰীৰৰে কষ্ট পায় বুলি ককায়েকৰ অহেতুক চিন্তা, সেইটো শৰীৰে আৱৰি ৰখা ক্ষত-বিক্ষত মনটোৰ উমান নাপায় ককায়েকে। সেই মনটো তাই ঢাকি ৰাখে ৰংচঙীয়া কাপোৰেৰে। ৰংবোৰে সুখৰ প্ৰতিনিধিত্ব কৰে। সুখবোৰে দুখবোৰক ঢাকি ৰখাৰ অভিনয় কৰে।
আৰু আল্ট্ৰাছ? আল্ট্ৰাছৰ আচৰণবোৰত আচৰিত হয় তাই। কিবা যেন অঘোষিত প্ৰতিযোগিতা তেওঁৰ মনত। তাইতকৈ উজাই যোৱাৰ সেই প্ৰতিযোগিতা। বাৰে বাৰে তাইৰ গতিক মন্থৰ কৰি নিজে আগবঢ়াৰ প্ৰতিযোগিতা। অথচ তাইতো ৰৈয়ে আছে। স্থিৰ, অচঞ্চল এক সত্তা লৈ সদায়েই ৰৈ আছে তাই। সেই কথাটোকে বুজি নাপায় তেওঁ। বুজি নাপাই অস্থিৰ হৈ ৰয়। তাই যেতিয়া এদ’ম কিতাপৰ মাজত মন স্থিৰ কৰে, তেওঁ তেতিয়া ভিডিওকলত উল্কিৰ চকুহালৰ মাজত চঞ্চল হৈ পৰে। সেই উল্কিক লগ পাবলৈকে দৌৰি আহিছিল তাই। লগ নাপলে তাইক। আনহে নালাগে, খবৰ এটাও উলিয়াব নোৱাৰিলে উল্কিৰ বিষয়ে। আকৌ যাব তাই কঞ্জনীলৰ ঘৰলৈ, এই বুলি তাই অটোখনক বিদায় দিলে।
বিছনাখনত পৰি সন্তানদ্বয়লৈ মনত পৰিল। সৰুটিয়ে তাইক সাৱটি ধৰি শুই থকা সেই হেঁপাহৰ টোপনিডৰা এতিয়া বিলাসিতা হৈ পৰিছে। যি বিলাস যিকোনো মুহূৰ্ততে তাইৰ জীৱনৰ পৰা অন্তৰ্ধান হৈ পৰিব পাৰে, যি বিলাস টকাৰে কিনিব নোৱাৰি, যি বিলাস কোনো সুকোমল বিছনাই নিজৰ বুলি দাবী কৰিব নোৱাৰে, যি বিলাস কিন্তু পোহাৰী এজনীয়ে শুকান মাছৰ গোন্ধৰ মাজতো কৰিব পাৰে, যি বিলাসেৰে প্ৰতি শৈশৱ-কৈশোৰ ধনী হৈ পৰে, সেই বিলাসৰ এতিয়া বহুত দাম। তাই কিনিব নোৱাৰা ধৰণেৰে দাম সেই নিশ্চিন্ত টোপনিবোৰৰ। অথচ এটা সময় আছিল, যেতিয়া তাইৰ দিনবোৰ সেই বিলাসেৰে নদন-বদন আছিল। ভাল লগা দিনবোৰৰ ভাল