এৰা, বুকুখন সঁচাকৈয়ে উদং হৈ পৰিল। একোৱেই নাথাকিল তাইৰ বাবে। এৰাসুঁতিৰ দৰে এলাগী হৈ পৰিল তাইৰ চকুলো, ক’ৰবাত আপদীয়া বতাহজাকে সুযোগ পালেই শুনাবলৈ নেৰে, “তইতো কোনোদিনেই আল্ট্ৰাছৰ পত্নী নহ’লি। অতদিনে তই হৈ ৰ’লি বাৰাংগনা নাৰী”।
সেই বাৰাংগনাৰ জুপুৰিলৈকে অতখিনি মোহ তাইৰ। দিনান্তত ক্লান্ত শৰীৰ জুৰ পেলাব পৰা এটি জুপুৰি। কেইবাদিনৰ ভ্ৰমণ সামৰি আল্ট্ৰাছে সেই জুপুৰিত আজি ভৰি থৈছে। অলংকৃতাই অফিচৰ পৰা ঘৰ গৈ পাওঁতে সেই জুপুৰিৰ শোৱাকোঠাৰপৰা ভাঁহি আহিছিল দুইপুত্ৰৰ কলকলনি। দুইপুত্ৰৰ লগত উমলি থাকোঁতে আল্ট্ৰাছো এটি শিশু হৈ পৰে। এইখিনি সময়ক কিদৰে অভিনয় বুলি কয় তাই? সঁচা-মিছাৰ ৰেখাডালে তাইক এইখিনিতে আঁচোৰ সানে।
বাথৰূমৰ পৰা ওলাই তাই কিটচেনত সোমায়। আল্ট্ৰাছৰ খোৱাত বৰ চখ। বিয়াৰ সময়লৈকে খিচিৰিকণৰ বাদে বেলেগ একো ৰান্ধিব নজনা অলংকৃতাৰ হাতত বিয়াৰ পাছত ভিন ভিন ৰেচিপি প্রস্তুত হয়। কোনোদিনে নকৰা কামবোৰ বিনাদ্বিধাই মানি লৈছিল তাই। সৰু ঘৰখনিক পোহৰোৱাৰ প্ৰচেষ্টা অহৰহ চলি থাকে।
আজি পিছে তাই আল্ট্ৰাছৰ চকুলৈ চাব পৰা নাই। তাইৰ অস্বাভাৱিক আচৰণ আল্ট্ৰাছৰ চকুত নপৰাকৈ থকা নাই। আগতেও তাই মাজে মাজে এনেদৰে মুখ ওন্দোলাই থাকে। ব্যস্ততাৰ মাজত সি ফোন কৰিবলৈ থাকি গ’লে, নতুবা বিশেষ কোনো দিনৰ কথা তাৰ মনত নাথাকিলে তাই এনে ওফোন্দবোৰ পাতে। সেই ওফোন্দবোৰ মিঠা, ক্ষন্তেক মৰমতে পমি যোৱা আজিৰ এই ওফোন্দ পিছে নজহা- নপমা, পমিবলৈ কোনো দ্ৰাৱক পদাৰ্থ বিচাৰি নোপোৱা। পিছফালৰ পৰা আল্ট্ৰাছ সোমাই আহি তাইৰ ডিঙিত সাৱটি ধৰালৈকে তাই ড্ৰেছিং আইনাৰ সন্মুখত বহি নিজকে খুঁটিয়াই খুঁটিয়াই চাই ৰ’ল। খেপিয়াই চুই চালে নিজৰ নাক-মুখ-ডিঙি-কাণ৷ কি আছিল উল্কিৰ মাজত, যি তাইৰ মাজত নাছিল, এই প্ৰশ্নই উত্তৰ বিচাৰি মগজুত তালফাল লগাইছে। তাইৰ উদাসী চকুহালৰ কাৰণ আল্ট্ৰাছৰ এতিয়াও জনা নাই। তাইৰ কান্ধত মূৰ গুঁজি দাপোণৰ পিনে চাই তেওঁ কৈ উঠে “কি হ’ল? গহীনাই আছা যে”।
মৌন প্রহৰত ঠেকা খাই জীণ যায় সেই প্রশ্ন। মাজৰাতিৰ আকাশত তেতিয়া ত্ৰন্দনৰতা জোনালী। উমলিবলৈ লগত বুটা বছা তৰাজাক নাই। বাহিৰত মৈথুনৰত মেকুৰীৰ বিলাপ। লাইটটো বন্ধ কৰি অস্ফুট স্বৰেৰে তেওঁ সুধি পেলায়, “ইহঁত দুটা টোপনি গ’লনে বাৰু?”
জীৱনত প্রথমবাৰৰ বাবে তাই বাৰাংগনাৰ অভিজ্ঞতা লাভ কৰিলে। জুপুৰিটো এটা অন্ধকাৰ দৈত্যই পহৰা দি থাকে। চাকিবোৰে মৰিশালিত মুখ লুকুৱায়। তাই অশুচি হয়।
++
(সাত)
গভীৰ অৱসাদত নে আগৰ কেইবাটাও উজাগৰী নিশাৰ ফলত তাই পৰম তৃপ্তিত টোপনিত জীণ গ’ল। কোনোবাই যেন আঁতৰাই নিছিল তাইৰ আত্মা, শূন্যতাৰ জোলোঙাত পৰি ৰৈছিল ক্লান্ত শৰীৰ৷ একোৱেই মনত নাই তাইৰ! নিজৰ মৃত্যুৰ খবৰ পোৱা নাছিল, আল্ট্ৰাছৰ দুবাহুত পিষ্ট হোৱাৰ কথা তাই পাহৰিছিল। কুকুৰাই ডাক দিওঁতে খকমককৈ সাৰ পাইছিল তাই। সাৰ পাই দেখিছিল, খোপাটোৰ পৰা দীঘল চুলিখিন সুলকি পৰি আল্ট্ৰাছৰ উদং পিঠিত লিপিট খাই আছিল। আল্ট্ৰাছৰ নোমাল বুকুৰ উমাল পৰশত মুখ গুঁজি তাই তাৰ স’তে নিজকে মেৰ খাই থকা অৱস্থাত উদ্ধাৰ কৰিছিল।
আসঃ কি হৈ গ'ল তাইৰ? এয়া হোৱাৰতো কথা নাছিল। বাৰে বাৰে সেই প্রশ্নটোতেই জিকাৰ খাই উঠিছে তাইৰ সৰ্বশৰীৰ। শ্বাৱাৰৰ শীতল পানীয়ে তাইৰ শৰীৰ শীত পৰা নাই। শাৰদীয় জোনটো মৰি ন-বেলি উঠিছে। সদ্যোজাত বেলিটিৰ ৰঙচুৱা আভা অকণ বাথৰূমৰ ভেণ্টিলেটৰেদি সোমাই আহিছে। চেম্পু কৰা চুলিখিনিত কণ্ডিশ্বনৰ অকণ সানি লৈ বেচিন মিৰৰখনলৈ চালে। এতিয়াও দহজনে ঘূৰি চাব পৰাকৈ নিটোল মুখনি তাইৰ। আল্ট্ৰাছৰ নিচা আনিব পৰাকৈ পদ্মিনী নাৰীৰ দৰে তাইৰ শৰীৰৰ গোন্ধ।
তথাপি!