হৈ উঠা অলংকৃতাৰ ভাৱমূৰ্তিয়ে আল্ট্ৰাছৰ মনত এক নীচাত্মিক মনোভাবৰ সষ্টি কৰিছিল। অলংকৃতাৰ নীতি- আদৰ্শবোৰ অসহনীয় হৈ উঠিছিল তেওঁৰ বাবে। মনৰ গভীৰ কোণত অলংকৃতাৰ প্ৰতি প্ৰতিশোধৰ স্পৃহা জাগি উঠিছিল। নিজৰ নাৰীগৰাকী সকলোৱেই নিজতকৈ নমনীয়, কমনীয় হোৱাটো কামনা কৰে। অলংকৃতাৰ সবল স্থিতিয়ে তেওঁৰ দম্ভবোৰক বখলিয়াই গৈছিল। কথাবোৰে দিগদাৰ কৰে বিশালক। বিয়াৰ উপযুক্ত বয়স হোৱাৰ পাছতো বৃদ্ধা মাকৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰে সি। ভয় হয়, জানোচা দুটি জীৱনে কষ্ট পায় অনাহকতে। এনেবোৰ সময়ত লিভিং টুগেদাৰৰ দৰে কথাবোৰ বাস্তৱসন্মত যেন লগা হৈ পৰে।
“তেতিয়াহ’লে বিয়া নাপাতো বুলি ভাবিছ?” বাৰে বাৰে কোৱাৰ পাছতো যেতিয়া বিশালে বিবাহলৈ মত নিদিলে, মাকে সুধি পেলাইছিল এদিন।
“মন নাযায় দেখোন মা’। আশে পাশে যিখিনি দেখিছোঁ, বিয়াৰ প্ৰতি আগ্ৰহ নাইকিয়া হৈ গৈছে”, সি মাকক খোলাখুলিকৈয়ে কয়।
“হেৰৌ তহঁতৰ মূৰত কি পোক সোমাল অ’? মোৰ আৰু বাপেৰক চাবিচোন, বিয়াৰ আগতেতো ইজনে সিজনক নেদেখিলোঁৱেই, বিয়াৰ পিছতো ওৰণি টানি ঘূৰি ফুৰোঁতে মুখখন ভালকৈ দেখিবলৈ নাপালোঁৱেই। শাহু-শহুৰৰ আগত দিনে পোহৰে মানুহজনৰ মুখখন চাবলৈকে নাপালোঁ। যেতিয়া ওৰণি নমাই চোৱাৰ অধিকাৰ পালোঁ, দেখিলো, বাপেৰৰ চুলি পকা, দাঁত নাইকিয়া চেহেৰা। সেইদিনাহে নিজলৈ চালোঁ, একেই শোটোৰা-শোটোৰ ছাল, পকা চুলি। সেই তেনেকেই আমি গোটেই জীৱন একেলগে থাকিলোঁ। আজিৰ ল’ৰা ছোৱালীয়ে পাৰিব নে তেনেকৈ?”
মাকৰ কথাত সি জোৰেৰে হাঁহি দিয়ে। সৌ সিদিনাৰহে কথা আছিল সেয়া। যৌথ পৰিয়ালবোৰত এনেকুৱাই হৈছিল। পতি-পত্নীৰ মাজতো মুক্ত মিলা-মিছা যেন অলপ লাজৰ কথা আছিল। মাকজনী বৰ আজলী। আজিৰ সমাজৰ উম-ঘাম নাপায় তেওঁ। আজিকালি যে মুক্ত বিচৰণ সকলোতে, সেই কথা তেওঁৰ অনুমানৰ বাহিৰত। মাকে বিচাৰে, চেকনীৰে চেকি চেকি বোৱাৰী এজনী তেওঁৰ সুপুত্ৰলে আনক, ওৰণি টানি টানি সেই বোৱাৰীজনীক শাহুগৰকা বোৱাৰী হিচাপে গঢ়ি তোলক। সময় যে কিমান দ্ৰুতগতিত পাৰ হৈ গ’ল তাৰ উমান নাপায় তেওঁ। উমান নাপায় তেওঁ সময়ৰ দ্ৰুতগতিত মুখ থেকেচা খাই পৰি ৰোৱা প্ৰেমৰ বিষয়ে। উমান নাপায় তেওঁ, কিদৰে বজাৰ দৰত বিক্ৰী হয় প্ৰেমিকযুগলৰ গোপনীয়তা। সাগৰৰ পাৰতে হওক নতুবা শোৱনিকোঠাৰ ভিতৰত হওক, প্ৰেমে আজি লাজৰ সীমাত বন্দী হৈ থকা নাই, যাৰ ফলত একান্ত আন্তৰিক মুহূৰ্তবোৰো ৰাজহুৱা কৰিবলৈ কুণ্ঠাবোধ নকৰে এচামে, সেই কথ৷ সেই আজলী মাকৰ জ্ঞানৰ বাহিৰত।
দ্বিধাগ্ৰস্ততা এখিনি লৈ সি বিয়াৰ সিদ্ধান্তটোত থমকি ৰৈছিল মাথোঁ। এনে সময়তে অলংকৃতাৰ দৰে সবল ব্যক্তিত্বৰ নাৰী এগৰাকীক লগ পাই যায় সি। পলে পলে আকৰ্ষিত হোৱা নাৰীগৰাকীৰ মনৰ মাজৰ কষ্টখিনিয়ে তাৰ হৃদয় তোলপাৰ লগাই দিয়ে। অতবছৰে বিচাৰি ফুৰা নাৰীচৰিত্ৰটোক সি নিচেই কাষৰ পৰা লগ পায়ো একোৱেই কৰিব নোৱাৰিলে। চৰম আশাহীনতাত নেদেখাজনলৈ প্ৰাৰ্থনা সি জনায়, “মোক তেওঁৰ ভৃত্য হে থাকিবলৈ দিয়া। আৰু একোকে নালাগে মোক।”
ভৃত্য! ভৃত্য! তাৰ অলংকৃতাৰ সম্পৰ্ক ভৃত্য আৰু ৰাণীৰ সম্পৰ্ক। ৰাণীৰ বৰকৈ কষ্ট। ৰাণীৰ প্ৰতিটো কষ্ট উপশমৰ বাবে ভৃত্য দায়বদ্ধ। প্ৰেমে তাক ভৰি চুবলৈ শিকাইছে। এই প্ৰেমত ভক্তি আছে। এই প্ৰেমত প্ৰতিদানৰ হিচাপ মিলোৱা নহয়। তাইক সুখী কৰিব সি। তাৰ মনৰ ৰাণীজনীক সুখী কৰিব সি।
মনটোৰ স’তে আবোল তাবোল বলকি থাকোঁতেই অলংকৃতাৰ আচৰণত সি গভীৰভাৱে অনুভৱ কৰিলে, “সত্যটো এয়ে যে, সি অলংকৃতাৰ ভৃত্য কিয়, অলংকৃতা ৰৈ থকা মাটিকণ চুই চোৱাৰো অধিকাৰ নাই।”
তেনেতেই অলংকৃতাৰ চকুৰ পৰা সৰি পৰা অশ্ৰু টোপালটোত সি ধৰফৰাই উঠিল।
“মেডাম, মোক কওক। কি কৰিব লাগে সকলো কৰিম। বাহিৰত সুখী হৈ থকাৰ অভিনয়টো অন্ততঃ মোৰ ওচৰত নকৰিব”, কাতৰ হৈ উঠে সি।
“ইয়াৰ পৰা যাওকগৈ আপুনি ”, অলংকৃতাই এইবাৰ আৱেগবোৰ সামৰি ল’লে।
“ও যামগৈ। আপুনি পিছে কলৈ যাব?”