সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 অলংকৃতাই ধৈৰ্য ধৰিছিল। উল্কিক এবাৰ দেখাৰ প্রৱল ইচ্ছাই তাইক ধৈৰ্য ধৰাইছিল।

 কঞ্জনীল ঘপহকৈ উঠি ভিতৰলৈ গুচি গ’ল। তাৰ পাছৰ দুদণ্ড সময় নিতাল নিজান। ভায়েক এজন ওলাই আহি কোনোমতে মাত লগালে,

 “দাদা প্রকৃতিষ্ঠ অৱস্থাত নাই। ক্ষমা কৰিব। দাদাই শুনিবলৈ নোখোজে সেই কথা যে, বৌ তিনিমাহৰ প্রেগনেণ্ট হৈ আছে। দাদাৰ মতে সেই সন্তান তেওঁৰ নহয়।”

 ভায়েকজনৰ কথাত চকু দুটা মুদি দিলে তাই। ভৰিৰ তলৰ মাটিখিনি পুনৰবাৰ তেওঁৰ ওচৰৰ পৰা দূৰলৈ গুচি গ’ল। কাণ দুখন গধুৰ হৈ পৰিল। চকু তুলি চাব নোৱাৰিলে বিশাললৈ, চাব নোৱাৰিলে কঞ্জনীলৰ ভায়েকলৈ। শেলপাট বুকু ভেদি পাৰ হৈ গ’ল। চাৰিওফালে অজস্র প্রশ্ন। চৌপাশে তাইক জ্ঞানশূন্য হ’বলৈ নিদিয়া অজৰ ভুনভুনীয়া শব্দ, “তুমি থাকোঁতেও আল্ট্ৰাছৰ বিৰুদ্ধে পৰনাৰীগমনৰ অভিযোগ উঠিছে। কি দিয়া নাছিলা তুমি অলংকৃতা? কি নিদিলা তুমি তেওঁক?”

 উল্কি প্ৰেগনেন্ট। বিশালেও গম পালে সেই কথা। সমস্ত আন্ধাৰে তাইৰ বাট আৱৰি ধৰিলে, জোনাকী পৰুৱাবোৰ মৰি থাকিল, জপংকৈ খাদ এটাত তাই সোমাই পৰিল, পাৰলৈ আহিবলৈ একুটা খেৰ নাই। নাই, একোটিৱেই নাই ওচৰত বটবৃক্ষজোপা ক্ৰমান্বয়ে দূৰলৈ গৈ আছে। বহুত দূৰলৈ গৈ বিশালৰ পৰা আঁতৰি পৰিছে তাই। বিশালে নুশুনক এই কথা। তাইৰ অসমৰ্থতাৰ বাতৰি নাপাওক বিশালে। নিজকে জুইৰ মাজত এৰি দি তাই ধনগুলৈৰ প্রতীকজনী হৈ গাড়ীত বহি পৰিল।

++

(তেৰ)

 উল্কিৰ একো খবৰ উলিয়াব নোৱাৰি বৰকৈ হতাশ হ’ল অলংকৃতা। কঞ্জনীলৰ ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা তাই থিৰেৰে থাকিব পৰা নাই। গাড়ীৰ চিটত বহি লৈ চকু মুদি ৰৈছে তাই। মুখৰ পৰা টু শব্দ এটাও ওলোৱা নাই অতদেৰি। তাইৰ ৰঙা পৰা মুখমণ্ডল, ঘৰ্মাক্ত কপাল, অৱশ দেহা-সকলোবোৰ দেখি কিবাকিবি ঋণাত্মক চিন্তা কিছুমানে বিশালৰ মনটো গধুৰ কৰি তুলিলে। যিমান সবল যেন দেখুৱালেও এই নাৰী মূহূৰ্ততে ভাগি পৰে। সেইখিনিতেই ভয় তাৰ। কালিও অলংকৃতাৰ ৰক্তচাপৰ তাৰতম্য ঘটিছিল। আজিও হয়তো তেনে কিবা হৈছে। পানীৰ বটলটো আগবঢ়াই দিলে তাইলৈ। ভোকতো আছে চাগৈ তাই, এনে অনুমান হ’ল তাৰ। সুধিলে “মেডাম হোটেললৈ ঘূৰি ব’লক। অলপ ৰেষ্ট লওক।”

 হোটেললৈ নাযায় তাই, ইংগিতেৰে সেই কথা বুজাই দি তাই নিমাতে ৰ’ল। মাজে মাজে তাই এনেদৰে নিমাতে ৰয়। অত্যন্ত কষ্টত নতুবা খুব বেছি আনন্দত তাইৰ বুকুখন গধুৰ হৈ থাকে। কথাবোৰে তেতিয়া বাট বিচাৰি নাপাই এচুকত বহি ৰয়। আজিও তেনে হৈছে তাইৰ। সেই শৰীৰ, যি শৰীৰে বলিয়া কৰিছিল তাইৰ একান্ত নিজৰ পুৰুষক, সেই শৰীৰ দেখা নাপালে তাই । সেই শৰীৰ এতিয়া লোকচক্ষুৰ আঁৰত! শৰীৰৰ কি আছে? কি আছে শৰীৰত? একোৱেই নাই। পুতৌ লগাকৈ একো নাই শৰীৰত। তথাপি সুন্দৰতাৰ পিছত দৌৰে পৃথিৱী। ৰঙীন পোহৰ, ৰঙীন পোচাক, ৰঙীন পানীয় সকলোবোৰ ক্ষন্তেকীয়া বুলি জানিও ৰঙৰ মাদকতাৰে ভৰাই তোলে জীৱন। ৰঙৰ মেলা পাতে, শৰীৰৰ খেলা পাতে, সেই খেলাত শৰীৰ আৰু প্রেম একাকাৰ হয়, সেই খেলাত আত্মাৰ আহবান ক’ৰবাত পৰি ৰয়। নাজানে তাই, তাইৰ অবৰ্তমানত উল্কি হেৰাই যোৱাৰ খবৰত তেওঁ কি প্ৰতিক্ৰিয়া কৰিছে, সেই কথা নাজানে তাই। এৰিকাপামজুপিয়ে হয়তো তেওঁৰ সহস্ৰ হুমুনিয়াহবোৰ ধৰি থৈছে। তাই গ’লেই যেন মেলি দিব কথাবোৰ, বকলা মেলিব তাইহীনতাৰ দিনলিপিবোৰ ৷ নে আল্ট্ৰাছে তাইকে দূষিব? ক’বনেকি ‘সৱ তোমাৰ কাৰণেই হ’ল’ বুলি?

 কথাই প্রতি কয় আল্ট্ৰাছে, “তোমাৰ কাৰণেই সৱ হ’ল” বুলি৷ বিয়াৰ পাছৰ বছৰৰ ঘটনা এটিলৈ মনত পৰিল তাইৰ। আল্ট্ৰাছ সেইবাৰ চাইটৰ পৰা ঘৰলৈ আহি আছিল। অলংকৃতাৰ গৰ্ভত প্রথমটি সন্তানৰ অংকুৰণ তেতিয়া। ৰাতি এপৰলৈকে আল্ট্ৰাছ ঘৰ পোৱাহি নাই। অলংকৃতা ৰৈ আছে পদূলিমুখলৈ চাই চাই! কোনোবা এবাৰত বাজি উঠিছিল ফোনটো।। সিপাৰৰ খবৰ আহিছিল আল্ট্ৰাছ পৰি আছিল হস্পিতেলত। কি হ’ল আল্ট্ৰাছৰ? কি হ'ল তেওঁৰ? ঘৰুৱা সাজেৰে উধাতু খাই হস্পিতেল পাইছিলহি তাই। বুকুৰ ভিতৰখন দুৰু দুৰুকৈ কঁপি ৰৈছিল।