সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সুধিছোঁ, তোৰ সংগঠনৰ আদৰ্শ কি, তোৰ আদৰ্শৰ স’তে সংগঠনৰ মিল আছেনে? স্কুলৰ প্ৰাৰ্থনাসভাত ‘জন-গণ-মন’ সংগীত গোৱা ল’ৰাটোৱে এতিয়া সাৰ্বভৌমত্বৰ বিপক্ষে অস্ত্ৰ দাঙে। মোৰ বন্ধু দীপক কোনটো? এইটো নে সেইটো?”

 হুমুনিয়াহ এৰে দীপকে, “সেইবোৰ বহুত কথা ধ্ৰুৱম। তই নুবুজিবি।”

 “ঠিকেই কৈছ তই দীপক। নুবুজোঁ তোক মই। সেই ল’ৰাটোক নুবুজোঁ মই, এজনী ছোৱালীৰ প্ৰবঞ্চনাক স্বীকৃতি দি যিজনে নিজৰ জীৱনৰ গণিত সলাই পেলাইছে”।

 “ধ্ৰুৱম!”, ৰাতিৰ নিস্তৰূতা ভেদি দীপকে একপ্ৰকাৰ চিঞৰি উঠে।

 “কৈ যা।”, ধ্ৰুৱমেও সমানে উষ্মাৰে চিঞৰি উঠে।

 ‘ক্ষমা কৰিবি ধ্ৰুৱম”, তাৰ উষ্মা শাম কাটে। সেই ছোৱালীজনীৰ কথা ওলালেই সি শক্তিহীন হৈ পৰে। নিজকে ক্ষমা কৰিব নোৱাৰাকৈ সি শক্তিহীন হৈ পৰে।

 “মোৰ ওচৰত ক্ষমা নিবিচাৰিবি দীপক নিজৰ দৃষ্টিত যদি তই শুদ্ধ হৈ আছ, তেতিয়া মোৰ ক’বলগীয়া একোৱেই নাই।”

 শুদ্ধ! কি কথা কয় ধ্ৰ্বৱমে? দীপক অসহায় দৃষ্টিৰে চিলিঙলৈ চাই ৰয়। ধ্ৰুৱমক কিদৰে কয় সি যে, প্ৰতি ৰাতি তাৰ অশুদ্ধতাৰ হিচাপ চলে। কেনেকৈ বুজায় ধ্ৰুৱমক, প্ৰতি নিশা সি এই বেহুৰ পৰা ওলাই যোৱাৰ পাং পাতে। ক’ম বুলিও ক’ব নোৱাৰে, নিৰাশাই আৱৰি ধৰা মুখখন যে বাস্তৱৰ পৰা পলাই ফুৰে। নাই নাই। কোনোখিনিতেই সি নিজক ক্ষমা কৰি দিব পৰা স্থিতিত নাই।

 আজিও সি চিঞৰি চিঞৰি ক’ব বিচাৰে, “ধ্ৰুৱম ধ্ৰুৱম, মোক লৈ যা। আমি খেতি কৰিমগৈ ব'ল। জংঘলে আমাক বিশ্বাসত লৈছে, জংঘলে আমাক সম্পদ উজাৰি দিছে। বিনিময়ত আমি জংঘলক দৈনিক বন্দুকৰ শব্দ শুনাইছোঁ। জংঘলৰ বুকুত হিংসা জাপিছোঁ। এই পাপৰ পৰা মোক মুক্ত কৰ ধ্ৰুৱম।”

 দীপকক তাতে তেনেকৈ এৰি ধ্ৰুৱম বতাহত মিলি যায়। ভান এখনৰ ইঞ্জিন গৰজি উঠাৰ শব্দটো বতাহে দূৰলৈ লৈ যায়। গুচি গ’ল ধ্ৰুৱম। ক'লৈ গ’ল সি নাজানে।

 গোটেই ঘটনাটো দীপকৰ কিবা যেন সপোন সপোন লাগিছিল। চিকুটি চাইছিল নিজকে। সঁচাকৈনে? সঁচাকৈ আহিছিলনে ধ্ৰুৱম? সেয়া সপোন নাছিলতোঙ্গ

 সি তাতে পৰি ৰৈছিল। পুৱতি নিশাৰ আগে আগে সি ৰেলষ্টেচনৰ প্লেটফৰ্মত ভৰি দিছিল। মাকলৈ মনত পৰিছিল তাৰ। দেউতাকৰ শেষকৃত্য সম্পন্ন হৈ যোৱাৰ খবৰ আহিছিল। সি ঘূৰি গৈ দলটোৰ লগ লগা নাছিল, বৰঞ্চ ৰাতি এপৰত গৈ বগলীজানৰ ঘৰ ওলাইছিলগৈ। বতাহত তেতিয়াও দেউতাকৰ চিতাভষ্মৰ গোন্ধ বিয়পি আছিল। মাকৰ বগা চাদৰৰ আঁৰৰ চকুপানীখিনি শেষ হৈছিল এথোন, তাৰ উপস্থিতিয়ে মাকৰ বুকুত ঢেঁকীৰে ধান বানিছিল। জুহালৰ জুইকুৰাত চাহৰ কেটলীটো বহাই দি মাকে কৈছিল,

 “ধ্ৰুৱম আহিছিল। দেউতাৰৰ শেষ সময়খিনিত ধ্ৰুৱমে দেউতাৰাৰ ওচৰতে বহি আছিল।”

 “সঁচা”, সি বুকুত অকণ বিষ অনুভৱ কৰিলে। ধ্ৰুৱমে তাৰমানে ইয়াৰ পৰাই তাক বিচাৰি গৈছিল।

 দেউতাকৰ শেষ সময়ছোৱাত সি নাছিল, তাৰ সলনি ধ্ৰুৱম আছিল। কি ভাগ্যৱান সি! ভাগ্যৱান তাৰ দেউতাক। তাৰ দৰে হতাশগ্ৰস্ত পুত্ৰৰ মুখৰ সলনি ধ্ৰুৱমৰ দৰে এখন উজ্জ্বল মুখ দেউতাকৰ মৃত্যুপথৰ যাত্ৰী হৈছিল। কিবা কৈছিল নেকি ধ্ৰুৱমে? ক’ত থাকে সি? কিয়েইবা’ কৰে?

 নাই। মাকক সেই কথা সোধা নহ’ল। বৰঞ্চ মাকে নিজেই ক’লে, “বহুত ডাঙৰ মানুহ হৈ গ’ল সি। কিন্তু মনটো একেই আছে তাৰ। আগৰ সহজ সৰল ল’ৰাটোৱেই হৈ আছে এতিয়াও”।

 “ডাঙৰ মানুহ! কিমান ডাঙৰ মানুহ হ’ল সি? কিবা কৈ গৈছেনে মোৰ কথা?”, বুলি দীপক আহি নিজৰ ৰূমত সোমাইছিল। নিশ্চয় কিবা কৈ যাব ধ্ৰুৱমে। তাৰ পঞ্চ ইন্দ্ৰিয়ই সেই ইংগিত দিছিল। নিজৰ ৰূমত সোমাই সি এজোলাকা কান্দি লৈছিল। চকুপানীবোৰ অবাধ্য হৈ পৰে মাজে মাজে। যিমানেই নিৰুদ্বেগ যেন দেখুৱালেও চকুপানীৰ নৈখনে সুঁতি বিচাৰি ফুৰে। ভেটা বন্ধা নাযায় সদায়। নিজক জানো ইমানকৈ ফাঁকি দিয়া যায়? এৰি থৈ যোৱা পঢ়া টেবুলখনত মূৰ পেলাই বহি লৈছিল সি। এইখন টেবুলতে সি আৰু ধ্ৰুৱমে কতটা গধূলি একেলগে