তাই গম পায়, ধ্ৰুৱমৰ আত্মাই কষ্ট পাইছে। অ’ত ত’ত খুন্দিয়াই থকা তাইৰ আত্মাটোৱেও যেন পৰজনমৰ বাবে বাট কাটি লৈছিল।
ধ্ৰুৱম তাইৰ বাবে সদায়েই আদৰ্শ। এতিয়া সেয়া তাইৰ সাহস হৈ পৰিছে। সেয়ে তাই মুকলিকৈ সন্তানক ধ্ৰুৱমৰ ছবি দেখুৱাব পাৰিছে, শেতেলিত সন্তান তিনিটিৰ আগত ধ্ৰুৱমৰ সাধু ক’ব পাৰিছে আৰু মানৱতাৰ সাৰমৰ্ম বুজাব পাৰিছে। সেই মানৱতাৰ সংজ্ঞা বুজি সন্তানে তাইৰ কেনভাছত তুলিকা বুলাইছে, বাৰাংগনা নহৈ বীৰাংগনাহে হ’ব লাগিছিল বুলি বানান শুধৰাইছে।
তালিবানৰ লক্ষ্য হৈ পৰা পৰিয়ালকেইটাক কাবুলৰ যুদ্ধবিধ্বস্ত এলেকাৰ পৰা সুকলমে ভাৰতলৈ পঠোৱাৰ যোজা কৰি কিদৰে ধ্ৰুৱম নিজেই তালিবানৰ লক্ষ্য হৈ পৰিল সেই কথা ল’ৰাহঁতক কোৱা হৈ গ’ল। ল’ৰাহঁতৰ মনত ধ্ৰুৱমৰ আদৰ্শৰ বীজ ৰোপন কৰা হৈ গ’ল। পুৱা গধূলি সিহঁতে ধ্ৰুৱমৰ ছবিত চাকি জ্বলাব পৰা হৈ গ’ল। সন্ধ্যাপৰৰ পশ্চিম আকাশত জিলিকি থকা অকলশৰীয়া তৰাটোৰ স’তে কথা পতা কামবোৰ নিতৌ চলি থাকিল। কোনোবাটো পৰত তাই খিলখিলাই উঠে, “তোৰ যে আৰু কথা! মোৰ কথা শুনিলেই তোৰ বুকু ভৰিব?”
এৰা।
বুকু ভৰিলেই কথাবোৰ পাহাৰ হয়। উঠন বুকুৰ পাহাৰবোৰে ৰাতি বাঁহী বাই নৈখনক নচুৱায়। নাচি নাচি নৈখন এনেকৈয়ে সাগৰত আত্মজাহ দিবলৈ বৈ যায়, কাৰণ,
“জীৱনৰ দৰেই মৃত্যুও পৰম সত্য আৰু প্ৰতিটো সত্যই সুন্দৰ”।
(সমাপ্ত)