অনুভৱী ভাষণেৰে দিনটো সামৰি ফটোৰ ক্লিক ক্লিক শব্দবোৰ চলি থাকোঁতেই তাই সকলোৰে অজানিতে ৰঙানদীখন পালেহি।
ৰঙানদীখন উন্মাদ হৈছিল সিদিনা, ধ্ৰুৱম গুচি গৈছিল যিদিনা। তাই নদীখনক দূষিছিল, নদীখনে তাইক দূষিছিল। দীপকৰ বাইকত ধুলি উৰুৱাই গুচি গৈছিল ধ্ৰুৱম।
“ক’লৈ গৈছে সি”, দীপক অহাৰ লগে লগে তাই তাক ফেপেৰি পাতি ধৰিছিল।
‘গুৱাহাটীলৈ গৈছে। তাৰ পাছত বাহিৰলৈ যাবগৈ।”
“বাহিৰলৈ মানে?”
“হয়তো দিল্লী বা মুম্বাই, নতুবা পুনে বা কলকাতা। এই পৃথিৱীত যাবলৈ জানে৷ ঠাইৰ অভাৱ আছে?”
কিয়? দীপকে কিয় তেনেকৈ কৈছিল তাইক? যেন ধ্ৰুৱমক তাইহে খেদি পঠিয়াইছে। নহয়তো। নহয়তো। ধ্ৰুৱমক তাই কিয় খেদি পঠিয়াব? আগদিনালৈকে তাৰ ৰূমত আড্ডা দিছিল তাই। সিতো এনেদৰে হঠাতে যাবলৈ ওলোৱাৰ কথা তাই ঘূণাক্ষৰেও গম নাপালে। দীপকে অস্তমিত বেলিটো চাই চাই কিবাকিবি ভাবি ৰয়। তাৰ আৰ এক্স ১০০ বাইকখনৰ ওপৰতে সি দীঘলকৈ পেট পেলাই শুই পৰে।
“ক’লৈ গৈছিল সেইটো মেটাৰ নকৰে, মেটাৰ কৰে তোক এৰি কিয় যাবলগা হ’ল। আচল কথাটো হ’ল যে তই তাক বুজি নাপালি”, বুলি ক’বলৈ লৈও মনে মনে ৰৈছিল সি। সৰু কথা এটিতে বন্ধুত্বৰ বিশ্বাসৰ দূৰ্গ গিৰগিৰকৈ খহিব। ধ্ৰুৱমৰ বাবে হেনো বিশ্বাসৰ মূল্য প্ৰেমতকৈ বহুত বেছি। অলংকৃতাই তাক বন্ধুৰ দৃষ্টিৰে চায়, সেই বন্ধুত্বক সি আজীৱন সন্মান দিয়াৰ সংকল্পৰে মাতৃভূমি ত্যাগ কৰিছিল।
নিতান্তই কঠোৰ আছিল এই ত্যাগ। এই ত্যাগৰ কাৰণ কি দীপকে নুবুজে। তাৰ সাহস নাছিল নে তাৰ দৃষ্টিত সেই সাহসৰ মূল্য নাছিল?
দীপকৰ মুখত সন্তুষ্টিৰ উত্তৰ তাই সিদিনাও পোৱা নাছিল। নদীখনেও কোনো উত্তৰ দিয়া নাছিল। সিদিনাও দিয়া নাছিল। আজিও নিদিলে। সূৰুযৰ হেঙুল কিৰণৰ স’তে কথা পাতি পাতি ৰঙানৈৰ পাৰতে তাই বহি ৰ’ল বহুদেৰি। লগৰ ৰহিমাই বাৰে বাৰে ফোন কৰি আছে, তাইক হেঁপাহৰ এসাঁজ ভাত খুৱাবলৈ বিচাৰি বাৰে বাৰে ফোন কৰিছে তাই। নৈৰ পানীখিনিত জোবোকা মাৰি মাৰি তাইক জোকাই থকা এনিতমৰ সুৰটোক থপিয়াই তাই পকনীয়ালৈ দলি মাৰি দিলে। পকনীয়াত ক্ৰমশ নোহোৱা হৈ গ’ল সেই সুৰধ্বনি। শিলচটাত কলিজাটো খুলি থৈ দিলে। আন্ধাৰ নামিল। নৈপৰীয়া ধূলিয়ে তাইৰ চকুহাল ৰঙা তুলবুলীয়া কৰি তুলিলে। নিচাগ্ৰস্ততাত জপংকৈ জাপ মাৰি ডুব দিলে তাইৰ সমস্ত ভাগৰুৱা অনুভৱে।
বহুত দূৰলৈকে কোনো নাছিল। কিন্তু কিয় তাইৰ এনে লাগিছিল সহস্ৰজনৰ ভিৰৰ হেঁচাত তাই উশাহ ল’ব পৰা নাই। ফোনটো বাজি উঠিল। বিস্তীৰ্ণ জনশূন্যতাত ফোনটোৰ শব্দটো বৰ কৰ্কশ হৈ ওলাইছে। তাইৰ মন গৈছে অলপ অকলে থাকিবলৈ মন গৈছে ক্ৰমাৎ নিজৰ মাজত হেৰাই যাবলৈ। বৰকৈ মন গৈছে বিশেষ কোনোজনৰ অভাৱবোৰ আত্মপ্ৰেমেৰে ভৰাই তুলিবলৈ।
বিশেষ কোনোবাজনৰ বৰ অভাৱ অনুভৱ কৰে তাই। যেতিয়া তাই কামৰ হেঁচাত দুপৰীয়াৰ আহাৰকণ খাবলৈও সময় নাপায়, তেতিয়াও তাই অৱচেতন মনত কামনা কৰি থাকে, আল্ট্ৰাছে সোধক তাইক, কিবা খালানে বুলি। তাইক হতাশ কৰি কোনোদিনেই আল্ট্ৰাছে সেই কথা নোসোধে। কালিও তাই গুচি আহিল, সন্তান দুটিৰ দায়িত্ব তাইৰ সহায়িকাজনীৰ ওপৰত পেলাই তাই গুচি আহিল, তাইক আল্ট্ৰাছে এবাৰো নুসুধিলে, কিহেৰে যাবা, ক’ত থাকিবা বুলি? এয়া আল্ট্ৰাছে দিয়া স্বাধীনতানে? নিশ্চয়কৈ নহয়। এয়া উপেক্ষা। এয়া অহমিকা।
“তোমাৰ যি মন যায় তাকে কৰা, মোকো বাধা নিদিবা”-আল্ট্ৰাছৰ মনোভাৱ সেয়া।
হাঁহি উঠে তাইৰ। তাইৰ হেনো প্ৰেমবিবাহ। আল্ট্ৰাছে এইখন বিয়া পাতিবলৈ ইমানেই লৰালৰি কৰিছিল যে, ঘৰত কৈ আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈকো তেওঁৰ সময় নাছিল।
“তোক সি চাকৰিটোৰ কাৰণে বিয়া কৰাইছে”, ককায়েকে কোনোবা এক মুহূৰ্তত খঙতে কৈ পেলাইছিল। তাৰ পিছত ককায়েকৰ স’তে তাইৰ বহু অভিমান। মাত-বোল পৰ্যন্ত বন্ধ হৈ গৈছিল। মাকজনী ক্ৰমাৎ অসুখীয়া হ’বলৈ ধৰাত তাই মাকৰ ওচৰলৈ এদিন দৌৰি আহিছিল, তাইৰ কোলাত দেৱশিশু এটি দেখি ককায়েকৰ মন