পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তাইৰ কাষত আছিল। সি হয়তো জনা নাছিল তাইৰ বিধ্বস্ততাৰ কাৰণ, কিন্তু কাষত আছিল। ভাললগা ধৰেণেৰে ৰৈ আছিল সি। অনুভৱ কৰে তাই, প্ৰেমৰ উৰ্ধতো আচলতে কিছুমান সম্পৰ্ক আছে, যিয়ে তুলি ধৰে অজানিতে খহি পৰা আকাশখন। আন্তৰিকতা দুই ওঁঠৰ শব্দত নাথাকে, আন্তৰিকতা শৰীৰৰ স্পৰ্শতো নাথাকিব পাৰে, আন্তৰিকতা থাকে অনুভৱত। যি অনুভৱে জীপাল কৰি ৰাখে খৰাঙৰ ৰ’দত ছিৰালফাট বিচৰ৷ পথাৰখন, আন্তৰিকতা থাকে অনুভৱত।

 তাইৰ মন গ’ল কাৰোবাৰ ওচৰত যেন বুকুখন উদঙাব। কৈ যাব তাইৰ বিলাসী ঢঙৰ উদং জীৱনৰ কথা৷ কঞ্জনীলে দুদিনৰ পৰা ফোন কৰা নাই। ধ্ৰুৱম হেৰাই যোৱাৰ খবৰত শেলুৱৈ গজিছে। ককায়েকটো তাইৰ বন্ধুৰ দৰে হৈ পৰিলেও এইবোৰ কথা ককায়েকক কোৱা নাযায়। ছোৱালী বন্ধু তাইৰ নাই। বেছিভাগ ছোৱালীৰ লগতে তাইৰ কিছু কিছু অনুভৱৰ তাৰতম্য ঘটে। তাই নিতান্তই সুক্ষ্ম অনুভূতিসম্পন্ন আৱেগিক ছোৱালী। কথাই প্রতি চকুলো সামৰি থ’বলগীয়া হোৱাকৈ আৱেগিক তাই। চুলিখিনিৰ মাজত এনেয়ে তাই হাতৰ আঙুলিকেইটাৰে লিৰিকি দিয়ে। পাট-সূতাৰ কোমলতাৰে ঢৌ খেলোৱা একোছা চুলি, আগলৈ বৈ পৰা, মুহূৰ্ততে প্ৰেমত পেলাবপৰা।

 ঘৰ পাই দেখে, পুত্ৰদ্বয় ৰুবিক্স কিউব মিলোৱাত ব্যস্ত৷ কোনোমতে এটা পৃষ্ঠও সিহঁতে মিলাব পৰা নাই। নোৱাৰাৰ কথাই। তাইয়ে আজিলৈকে সম্পূৰ্ণকৈ মিলাবলৈ নিশিকিলে। তথাপি সিহঁতক সহায় কৰি দিওঁ বুলি ওচৰতে বহি ল’লে। খেলিমেলি হৈ থকা নীলা ৰঙৰ পৃষ্ঠটো মিলাবলৈ আপ্ৰাণ চেষ্টা দুয়োটিৰে। সৰুটিৱে অৱশ্যে বুদ্ধি এটা দিছে, গোটেইবোৰ খুলি আকৌ নতুনকৈ সজাই ল’বলৈ। তাই গৈ নোপোৱা হ’লে সিহঁতে চাগৈ অতপৰে ৰুবিক্স কিউবটো খুলি এটা এটাকৈ মিলাই গ’লহেঁতেন। তাই হাতত কিউবটো তুলি লৈ দুয়োটিকে শিকাবলৈ লাগি গ’ল,

 “এবাৰ ক্ল’কৱাইজ, এবাৰ এন্টিক্ল’কৱাইজ, এইবাৰ ওপৰলৈ ঘূৰাই লোৱা।”

 “এয়া চোৱা, নীলাৰ বিপৰীতে সদায় সেউজীয়াই হ’ব। বগাৰ বিপৰীতফালে সদায় হালধীয়াই হব, ৰঙাৰ বিপৰীতে সদায় কমলাই হ’ব। এয়া ৰুবিক্স কিউবৰ নিয়ম”।

 দুয়োটাই মন দি চাইছে৷ সেউজীয়া ৰঙৰ ওপৰৰ পৃষ্ঠটো মিলি গ’ল। সৰুটোৱে ফুৰ্তিতে হাত চাপৰি বজাবলৈ আৰম্ভ কৰিলে। মাজৰ স্তৰটি মিলাবলৈ কিউবটো ইফালে সিফালে পকাই থাকোঁতেই ছাদৰ ওপৰত আল্ট্ৰাছৰ মাত শুনা পালে। কিছু উত্তেজিত, কিছু উচ্চত্তৰৰ অসংলগ্ন কথাৰ টুকুৰা কিছুমান আহি তাইৰ কৰ্ণকুহৰত টোকৰ মাৰিলে।

 “তোক ফটোবোৰ কোনে দিলে তাৰ নাম ক”, সেয়া আল্ট্ৰাছৰ মাত।

 “মই সিহঁতক সুদাই নেৰোঁ। কোনে এই ষড়যন্ত্ৰ কৰিছে সেইজনৰ নাম লাগে মোক”, পুনৰবাৰ আল্ট্ৰাছৰ উত্তেজিত কণ্ঠ।

 “গিৰিয়েকটো হৈ তই কিয় তাইক অকলে ইয়াত এৰি থৈ গৈছিলি?”

 তাই বুজিলে, ফোনৰ সিপাৰে কঞ্জনীল। দুয়োৰে মুখত উল্কিৰ নাম। তাই নাই। সেই বাৰ্তালাপৰ ক’তোৱেই তাই নাই। অই স্পষ্টকৈ বুজি পালে সেই কথা। ইমূৰৰ পৰা নিৰৱচ্ছিন্ন সোঁতত বৈছিল গালিবৰ্ষণ। আল্ট্ৰাছৰ মাতত আছিল ধাতৱীয় কঠোৰতা। তেওঁৰ মুখমণ্ডল দানৱীয় হৈ পৰিছিল। নিজৰ দোষ স্বীকাৰ কৰি ল’ব পৰা মানসিকতা তেওঁৰ তেতিয়াও অহা নাছিল। তাই সুধিম বুলি ভাবি থকা কথাবোৰ কঞ্জনীলে ফোনত আল্ট্ৰাছৰ আগত সদৰি কৰিছিল। বৰ নগ্নভাৱে দুয়ো তৰ্কযুদ্ধত লিণ্ড হৈছিল। তাই লাহে লাহে ছাদৰ ওপৰ পালেগৈ।

 উল্কিক লৈ আল্ট্ৰাছ আৰু কঞ্জনীলৰ মাজত তেতিয়ালৈকে চলি আছিল ভীষণ গালি-গালাজ ৷ অত এব মৌন সন্ন্যাসিনীৰ ৰূপ ধাৰণ কৰা তাই আল্ট্ৰাছৰ পৰা নাতিদূৰত ঠিয় দি ৰ’ল। ক’লৈ যায় তাই? এই ঘৰৰ মুকলি বতাহকণ এতিয়া আবদ্ধ হৈ ৰৈছে ছাদৰ ওপৰৰ একোণত ৷ তাইক দেখি আল্ট্ৰাছে ফোনটো কাটি দিলে। মুখখন তেওঁৰ শুকান। হাফপেন্টৰ পকেটৰ পৰা তেওঁ লাইটাৰটো উলিয়াই এটাৰ পাছত এটাকৈ চিগাৰেট টানি গ’ল। কপালত তেওঁৰ বিন্দু বিন্দু ঘাম। ঘাম আৰু চিগাৰেটৰ গোন্ধৰ নিচাই আইক আগৰ দৰে বাউলী নকৰিলে। এই ঘামৰ কাৰণ তাই নহয়, উল্কিহে। এই চিগাৰেটৰ ধোঁৱাকণো তাইৰ নামৰ নহয়। এলাগী অনুভৱ এটাই তাইক চুই