“সি আজিকালি মদ খাবলৈ লৈছে নেকি আই, খবৰ লবিচোন”।
খবৰ লৈছিল তাই। ‘ৰেগুলাৰ ড্ৰিংকাৰ’ হৈ পৰিছে সি। কিয় কিয় বুলি প্ৰশ্ন কৰিছিল তাই। মাকে আকৌ তাইৰ হাত দুখনত খামুচি ধৰি লৈছিল, “তাৰ সংসাৰখন পাতি দিব পাৰিলেই মই শান্তিত মৰিব পাৰোঁ আই। তোৰ দৰে ছোৱালী এজনী চাই দিবিচোন।”
তাইৰ দৰে ছোৱালী চাই দিয়াৰ দৰকাৰ নহ’ল। বিশালে বিয়া ঠিক হোৱাৰ খবৰ তাইক দিয়াৰো দৰকাৰ নহ’ল। চকুলো এটোপাল আহি তাইৰ চকুত বিৰিঙিল। ক’ৰবাত প্ৰত্যয়ৰ অৱক্ষয় ঘটিল, ক’ৰবাত সময়বোৰ বিভঞ্জিত হৈ ৰ’ল। সিমানখিনিয়ে উমান পালে তাই। বাকী সকলোবোৰ একেই থাকিল। চৌদিশে একেই জোনাক, একেই ৰ’দালি, একেই তৰালি। চৌপাশে আকাশখন সিঁচি দিয়া পোহৰৰ ৰেঙনি।
অফিচৰ ফাইলত ডুবিছিল মাথোঁ তাই, ফোনটো বাজি উঠিল। উঠাও নুঠাওকৈ ফোনটো উঠালে, সিফালৰ পৰা কৈ উঠিল,
“মিচেচ অলংকৃতা, মই ৰাহুল। বিশালৰ বন্ধু।”
বিশালৰ বন্ধু ৰাহুল। সাংবাদিক ৰাহুল। এই ৰাহুলৰ কথা বিশালে তাইক কৈছিল। কিয় ফোন কৰিছে সি? এইকেইদিন বিশালৰ ফোন তাই ধৰা নাই, সেয়েই ফোন কৰিছে চাগৈ। ক্লাছ নাইনৰ দৰে ল’ৰামতীয়া স্বভাৱটো নগ’ল এই বিশালৰ। ভাল লাগিল। অলপ ক্ষু্ণও হ’ল। অভিমান নে কি সেয়া তাই বিচাৰ নকৰে। এয়া নিষিদ্ধ অভিমান। এয়া অধিকাৰ বৰ্জিত অভিমান।
তাইক মনে মনে থকা দেখি ৰাহুলে পুনৰ কৈ যায়,
“বিশালে আপোনাৰ লগত কথা পাতিবলৈ কৈছিল। অলপ জৰুৰী কথা আছিল।”
অলংকৃতা আচৰিত হয়, “মোৰ লগত কি জৰুৰী কথা আছে তেওঁৰ, বিয়াৰ খবৰটোকে দিয়াৰ সৌহাৰ্দ্যকণ নকৰিলে। কি কথা আছে মোৰ লগত তেওঁৰ?”, অমাতৰ অভিমানত নাকৰ পাহি ফুল আহে তাইৰ।
“মিচেছ অলংকৃতা। মই আপোনাক লগ পাব বিচাৰিছোঁ৷ ইন ফেক্ট মই আজি আপোনাৰ চহৰতে আছোঁ”।
তাইৰ বাবে অচিনাকি এজন যুৱক। বিশালৰ সতে সম্পৰ্কৰ দোহাই দি তাইক লগ কৰিবলৈ বিচাৰিছে। কি কৰা যায়। একো সিদ্ধান্ত ল’ব নোৱাৰি মনে মনে ৰয় মানে ৰাহুলে পুনৰাই কয়,
“মই কাইলৈ পুৱাই যামগৈ। কি কৰিব বিচাৰে জনাব। বিশালে খুব জোৰকৈ ধৰিছিল যাতে আপোনাক লগ নকৰাকৈ মই উভতি নাযাওঁ।”
ফোন থ’লে ৰাহুলে। ফাইলত নোট এটা দিবলৈ লৈ তাই ৰৈ গ’ল। কি লিখিব বিচাৰিছিল, কি লিখিবলৈ আছিল? নাই, মনত নপৰে তাইৰ। নোটটো আধালিখাকৈ ৰয়। নতুনকৈ পাখিগজা পখীজনীৰ দৰে উৰণীয়া মনটো কোনোমতে ধৰি বান্ধি আনিছিলহে মাত্ৰ ফোনটোৱে সেই মনোযোগ নাইকিয়া কৰি পেলালে। অন্যমনস্ক হৈ পৰিল তাই। কোৰ্টৰ পিছফালৰ ফিল্ডখনৰ পৰা মাইকত চিঞৰ বাখৰ ভাঁহি আহিছে। নতুন বছৰক আদৰাৰ প্ৰতিশ্ৰুতি চলিছে কেওফালে। উচ্চস্বৰত হিন্দী গান বাজিছে। সেই গানৰ কম্পনাংকত তাইৰ মনটোতো জঁক উঠে। এতিয়াই যেন চুলি মেলি হাতৰ আঙুলি নচুৱাই তাই জীৱন্ত কালীমাৰ ৰূপ ল’ব। ভিৰ ফালি ফালি এডুখৰি বস্ত্ৰেৰে সাগৰৰ তীৰত আশ্ৰয় ল’ব। ওহোঁ। সাগৰৰ তীৰত নবহে তাই। তাত ঢৌবোৰে তাইৰ বুকুত খুন্দা মাৰে। তাতকৈ তাই কোনো এক নিৰ্জন দ্বীপত নিৰ্বাসনী দণ্ড খাটিব। এই উদভ্ৰান্ত সময়বোৰ উদযাপন নকৰে তাই। নিঃসংগ সময়ৰ ভিৰবোৰত নিজকে বুৰাই ৰাখিব তাই।
অনন্তকালৰ প্ৰতিশ্ৰুতিবোৰ সামৰি থোৱাত তাইৰ আহত হৰিণীৰ দৰে চকুহাল ৰক্তিম হৈ পৰিল। নোটটো লিখিলে খচাখচ। কলিংবেল টিপি ফাইলবোৰ পঠিয়াই দিলে ওপৰলৈ। ফাইলটো পঠিয়াই লৈ তাই ভাবিলে, জজৰ ওচৰলৈ নিজে যোৱাই উচিত আছিল নেকি? ফাইলটো নাচালে কামবোৰ ৰৈ যাব। দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষটোৰ মোকামিলাৰ নোট আছে ফাইলত। জাননী পঠিয়াব লাগে সোনকালে এনেকুৱা উৎসৱবোৰত মাৰপিট বাঢ়ে। নিচা খাই পুৰণি আখেজ পূৰ কৰাৰ চেষ্টা কৰে বহুতেই। এনেকুৱা সময়বোৰতে পুলিচ-কাছাৰীৰ কাম বাঢ়ে। তাই চকীৰ পৰা উঠি চিভিল জজৰ চেম্বাৰলৈ বুলি খোজ লয়। ইটোৱে সিটো পক্ষক উঁচটনি দিয়াৰ আগতেইসৰু সৰু সমস্যাবোৰ সমাধান কৰাৰ দৰকাৰ। দুটামান ফাইলত চহী হোৱাৰ দৰকাৰ।