ঘটে। এই ইতিহাসত যে জহি খহি মৰে আস্থাৰে গঢ়া হৃদয়ৰ সমূহ অনুভূতি। তাৰ পাছত অলেখ প্ৰশ্ন। সদ্যবিবাহিতা পত্নীক বিচাৰি অলেখ দুৱাৰত টুকুৰিয়াইছিল সি। ফোন নম্বৰবোৰ অকস্মাত যোগাযোগবিহীন হৈ পৰিছিল থানা ভিৰ কৰিছিল তাৰ অসংখ্য আবেদনে। কি কি কৰা নাছিল সি? তাৰ মৰমৰ পত্নী যে নিৰুদ্দেশ হৈছিল।
“সি নপুংসক চাগৈ, নহ’লেনো বিয়াৰ পাছদিনাই কোনো ভদ্ৰ ঘৰৰ বোৱাৰী এজনী নিজ ইচ্ছাত স্বামীৰ ঘৰ এৰি গুচি যায়নে?”, চাৰিআলিৰ মদনৰ দোকানত সেই আড্ডা বহিছিল।
“নহয় নহয় তাৰ মাকজনীহে বেয়া। এনে খিচখিচিয়া স্বভাৱৰ বুঢ়ীৰ লগত চহৰৰ বোৱাৰী কেনেকৈ তিষ্ঠি থাকিব”, মদন দোকানীৰ ভাষ্য আছিল সেয়া।
“নহয় হে। আচল কথাটো মইহে জানো। ধনী পৰিয়াল পাই যৌতুক বিচাৰিছিল বুঢ়াই, সেয়েহে বোৱাৰীয়ে কাপোৰ কানি সামৰি গুচি গ’ল”, আন এজনৰ টিট্কাৰী আছিল সেয়া।
বদনামবোৰ চৌচৌৱাই চৌদিশে নিগৰিছিল। তাৰ পুৰষত্বৰ বদনাম হ’ল। তাৰ মাকৰ স্বভাৱৰ বদনাম হ’ল। সিহঁতৰ ঘৰখনৰ নীতি আদৰ্শৰ বদনাম হ’ল।
ৰূপশিখা নাই। তাৰ সৈতে হোমৰ জুইত সাতজনমৰ বাবে শপত খোৱা ৰূপশিখাই এদিনো তাৰ সৈতে থাকিবলৈ নাপালে। জুপুকা লাগিছিল সি। এয়া কিয় হ’ল? কিয়? কিয়? মাকৰ চকুলৈ চাব পৰা নাছিল। দেউতাকে গলখেকাৰিৰে নিজৰ অস্তিত্ব জাহিৰ কৰি থকা নাছিল। বগলীজানৰ সেই গাঁওখন তাৰ আন্ধাৰ কুঠৰীৰ দৰে লাগিছিল। ধ্ৰুৱমৰ সৈতেও সংযোগ বিছিন্ন কৰিছিল। কাৰো লগতেই কথা পাতিবলৈ মন যোৱা নাছিল তাৰ। লাহেকৈ এদিন মানুহৰ পৃথিৱীৰ পৰা পলাই সি অৰণ্য পালেহি। এনেকৈয়ে এদিন সি বিপ্লৱী অস্ত্ৰ ধাৰণ কৰি জংঘলত সোমাই দিলে।
“সুদাই নেৰো সিহঁতক। কোনে মোৰ এই অৱস্থা কৰিলে, সৱকে চাই ল’ম”, এই হুংকাৰ দিছিল আকাশক। এই হুংকাৰ দিছিল সি নদীখনক, বন্দুকটোক আপোন আপোন যেন লাগি গৈছিল তাৰ।
জংঘলত সোমাইছিল যদিও মনটোৱে নিৰুদ্দিষ্ট ৰূপশিখাৰ ঠিকনা বিচাৰি আকাশ পাতাল চলাথ কৰিছিল। অৱশেষত ক’ৰবাৰ পৰা উৰি আহিছিল সেই খবৰ, তাৰ প্ৰেয়সীয়ে চোং সলোৱাৰ খবৰ। তামোল এখন মুখত দি নোপোৱা ল’ৰাটোৱে সেইদিনা গিলাচে গিলাচে সুৰাপান কৰিছিল। তাই হেনো বিয়া হৈছিল। কোনোবা ধনবানৰ লগত। নজনাকৈয়ে যে এটা বৰ ডাঙৰ চক্ৰান্তৰ বলি হৈছিল সি।
পত্নী-পুত্ৰৰ সৈতে মহানগৰীত বসবাস কৰা সেই ধনবানৰ সৈতেহে ৰূপশিখাৰ প্ৰেম আছিল। প্ৰথমা পত্নীয়ে অবৈধ প্ৰেমিকা ৰূপশিখাৰ ওপৰত তৰা গোচৰৰ পৰা বাচিবলৈহে ৰূপশিখাই বিয়াত বহিছিল চহৰৰ আওভাও নুবুজা যুৱক দীপকৰ সৈতে! প্ৰথমা পত্নীৰ সৈতে বিচ্ছেদৰ গোচৰ নিষ্পত্তি হোৱা মাত্ৰকে ৰূপশিখাই সেই ধনবানৰ দ্বিতীয় পত্নী হৈ মহানগৰীৰ বাসিন্দা হৈছিল।
কাৰোবাৰ কলিজা ফালি হোলোকাহোলোকে তেজ পান কৰিবনে, বন্দুকৰ কুন্দাত ওফৰাব কোনোবা প্ৰৱঞ্চকৰ লাওখোলা। নাজানে সি। জুই একুৰা জ্বলাই সি শীতৰ নিশাও বাহিৰত বহি থাকে, নাতিদূৰৰ পৰা আন এজনৰ হুমুনিয়াহ আহি তাৰ কাণ বিন্ধে। কোনে উচুপে? শীতৰ নিশা নিহালী এৰি কোনে উচুপে?
এদিন সি বিশালক ওচৰত বহুৱাই ল’লে, “কি হ’ল ক’? কেলেই মন মাৰি থাক তই?”
বিশালৰ উত্তৰে দীপকক দুখুনী মাকজনীলৈ মনত পেলাই দিলে। মনত পেলালে অলংকৃতালৈ। মনত
পৰিলে ধ্ৰুৱমলৈ। ধ্ৰুৱমে তাক অলংকৃতাৰ দায়িত্ব দিছিল। সি সেই দায়িত্ব পালন কৰিব পৰা নাই। তাৰ দৰে নহওক অলংকৃতাৰ। তাৰ দৰে বলিৰ পঠা নহওক ধ্ৰুৱম। বৰ নিৰহ-নিপানিকৈ ডাঙৰ হৈছিল সিহঁত। ডাঙৰ ডাঙৰ কথাবোৰে গিলি থয় সিহঁতক। সি জানে, সি জানে, যিমানে উচ্চশিক্ষাৰে শিক্ষিত নহ’লেও, যিমানে মগজুৰ কচৰৎ নকৰিলেও অলংকৃতাৰ দৰে ছোৱালীও তাৰ দৰেই কোনোবা জালত ফচিব। প্ৰেমৰ নামত অপ্ৰেমৰ ডাৱৰে ছানি ধৰিব তাইৰো আকাশ। বুৰ্বক ছোৱালীজনীক লগ কৰিবলৈ মন যায় তাৰ। মন যায় সুধিবলৈ অলংকৃতাক, “ধ্ৰুৱমক কেলেই বুজি নাপালি” বুলি। “প্ৰেমতকৈ যে বন্ধুত্বৰ সম্পৰ্ক দীৰ্ঘদিনীয়া, এই সাধাৰণ কথাটোকে কিয় ফঁহিয়াই নাচালি” বুলি। বুৰ্বক তাই। সঁচাই বুৰ্বক।