সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তাইক অলপ আমনি দিলে, আল্ট্ৰাছৰ বন্ধুজনৰ চকুযোৰ বৰ সুবিধাজনক নাছিল, চকুৰে পিহিছিল বুকু। অথচ তাইৰ ভৰিত অনামী শিকলি, সেই চকু ঘুকুটিয়াই উলিয়াই আনিব নোৱাৰিলে, বৰঞ্চ সেইজনৰ লগতে তাইৰ ৰাতিৰ আহাৰ পৰ্যন্ত গ্ৰহণ কৰিলে।

 ওহোঁ৷ নহ’ব। এইবাৰৰ পৰা এনে নহ’ব। তাইৰ ব্যক্তিত্বৰ মূল্য আছে। সেই কথা চহৰৰ সকলোৱে বুজি উঠিব। অল্পমতীয়া স্বভাৱৰ আল্ট্ৰাছৰ পত্নী হ’ল বুলি তাইৰ কোনো অস্তিত্ব নোহোৱা নহয়। তাইৰ এক সুকীয়া পৰিচয় আছে,

 “অলংকৃতা বৰুৰা। ধ্ৰুৱমৰ কৃতা। দুটি সন্তানৰ আদৰ্শ মা আৰু বৃদ্ধা মাকৰ আদৰ্শ তনয়া। দীপকৰ বাবে অলংকৃতা আৰু দীপকৰ মাকৰ এটা শেষ আশা।”

 সন্তুষ্টিৰ হাঁহিৰে নিদ্ৰাৰ কোলাত ঢলি পৰিছিল তাই। সপোন দেখিছিল নেকি? দেখিছিল চাগৈ, কাৰণ কাষতে শুই থকা আল্ট্ৰাছে স্পষ্টকৈ শুনিছিল টোপনিতে বিৰবিৰাই উঠা তাইৰ কণ্ঠ,

 “মই তোক ভাল পাওঁ, ভাল পাওঁ তোক মই।”

 বিৰবিৰণিটোত আল্ট্ৰাছৰ বুকু বিন্ধিছিল। তাইৰ পাখি গজাৰ শংকাটো এখন তৰোৱাল হৈ তাক পাৰেমানে বিন্ধিছিল। যিখন তৰোৱালেৰে সি এই চৰাইজনীৰ পাখি কাটিছিল, সেইখন তৰোৱালেই তাক বিন্ধি আছে, সি চিঞৰিছে, খুব চিঞৰিছে, মাতটো ওলাই আহিব নোৱৰাকৈ মাথোঁ তাৰ কণ্ঠৰুদ্ধ হৈ পৰিছে।

++

(একৈশ)

 “বিশালে খুব ড্ৰিংকচ কৰে”, চেনী নিদিয়া চাহ এঢোক ডিঙিত ঢালি ৰাহুলে কৈ উঠে।

 থতমত খাই উঠে অলংকৃতা।

 “অহ কিয় ইমানকৈ ড্ৰিংকচ কৰে সি”, অলংকৃতাই সুধি পেলায়, যদিও জানে এনে প্ৰশ্ন অবান্তৰ।

 “আপুনি জানে সেই কথা”, অলংকৃতালৈ নোচোৱাকৈ ৰাহুলে কয়।

 অচিনাকি ল’ৰা ৰাহুল। তথাপি সোধোঁ নোসোধোঁকৈ বিয়াৰ প্ৰশ্নটো এৰে তাই,

 “তাৰ বিয়াৰ কথা শুনিছিলোঁ?”

 শেঁতা হাঁহি এটাৰে মিচিকিয়াই উঠে ৰাহুলে, কয়, “আপুনিও নিশ্চয় জানে, সেইবোৰ কাৰণত সি ঘৰলৈকে আহিবলৈ বাদ দিছে”।

 তাই মনে মনে ৰয়। তাৰ মানে বিশালৰ বিয়াখন নিশ্চিত নহয়। কিয় নহয়? কিয় বিয়া পতা কথাটোত পিছমুখ কৰে সি। তায়েই নেকি কাৰণ? তাই কিদৰে কাৰণ হ’ব? এয়া সি নিজে পাতি লোৱা কাৰণ। এয়া তাৰ পাগলামি। তাৰ পাগলামিত তাইৰ নিৰ্লজ্জ আঁচলখন যেন পুনৰবাৰ খহি পৰে। তাইৰ ঘৰ্মাক্ত মুখমণ্ডলত ধৰা পৰে থৰ মৰুভূমিৰ প্ৰখৰ উত্তাপ। ভিতৰি ভিতৰি অস্থিৰ হয় তাই,

 “এইবোৰ কথা আৰু কাক কাক নকৈছে সি?” খং উঠে তাইৰ।

 পিছমূহূৰ্ততে ভাবে, বুজাব লাগিব তাক। তাৰো এক সামাজিক প্ৰস্থিতি আছে, তাইৰো আছে। বহুত মূল্যৰ অন্তত সেই স্থিতি এজন মানুহৰ জীৱনলৈ আহে। বহুত সাধনাৰ অন্তত এই স্থিতি তাই পাইছে। জীৱনৰ বহুত মূল্যৱান সময় পাৰ কৰিছে এইকণ স্থিতি পাবলৈকে। এই স্থিতিৰ বাবেই তাই মুকলিকৈ কান্দিব নোৱাৰে, এই স্থিতিৰ বাবেই তাই মুকলিকৈ হাঁহিব নোৱাৰে, এই স্থিতিৰ বাবে তাই কাকো মুকলিকৈ গালি পাৰিব নোৱাৰে। যিদৰে গালি পাৰিব নোৱাৰিলে আল্ট্ৰাছৰ বন্ধুজনক। মনত পৰি যায় তাইৰ, কিদৰে আল্ট্ৰাছে বাৰ্থডে পাটিলৈ গৈ তাইক অকলশৰীয়াকৈ এৰি দিছিল। তাইৰ অকলশৰীয়া অৱস্থাটো উপভোগ কৰি কিদৰে আল্ট্ৰাছৰ বন্ধুৱে তাইক পুতৌ কৰি কৈছিল,

 “ব’লা তোমাক ঘৰত থৈ আহোগৈ।”

 “ন’ থেংকচ। মই নিজে পাৰিম”, তাই প্ৰত্যাখান কৰিছিল।