পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগলৈকে তাই আছিল ধুমুহাত বিধ্বস্ত দেশৰ সৰ্বস্ৰান্ত নাগৰিক, এতিয়া হৈ পৰিছে মমতাবোধৰ পৃথিৱীৰ দায়িত্বশীল নাগৰিক।

 “বাইদেউ ঘৰলৈ যাব নে বেলেগ ক’ৰবালৈ যাব”-- ড্ৰাইভাৰজনে পিছফালৰ দুৱাৰখন খুলি দি সুধিলে।

 “ঘৰলৈ ব’লা”, বুলি তাই পিছফালে বহি চিটত মূৰটো পেলাই বহি দিলে৷ বৰ জটিল এই পৃথিৱী, বৰ জটিল এই জীৱন। মুখত ব্যৰ্থতাৰ প্ৰলেপ তাই সানিব নিবিচাৰে বাবেই মানুহে হিংসা কৰাকৈ তাই সবল আৰু সেইবাবেই তাইৰ খোজৰ গতিও প্ৰবল।

 এই যে গেটখন খোলাৰ লগে লগে দুয়োটা ল’ৰা দৌৰি আহি তাইৰ শাৰীখনত জপটিয়াই ধৰিব, এটাই তাইৰ বেগটো কেঁকো-জেঁকোকৈ দাঙি লৈ যাব, এটাই আকৌ তাইৰ কাৰণে টাৱেলখনকে বাথৰূমত সাজু কৰি দিব, এইখনেই তাইৰ সৰু পৃথিৱী। কিন্তু আজিৰ কথা, কাণ্ড কিছু বেলেগ৷ দেখিয়েই বুজিলে অলংকৃতাই, দুয়োটাই এখুন্দা লাগি থৈছে ইতিমধ্যে।

 লুচিখনৰ দৰে মুখখন ফুলাই সৰুটিয়ে তাইৰ আঁচলত ধৰিলেহি, “মা মা, পাপা কেতিয়াকৈ আহিব?”

 বুকুখন তাইৰ চিৰিংকৈ মাৰিলে। দুয়োটি পোনা দেউতাকৰ বাবে বলিয়া। প্ৰতিবাৰৰ দৰেই হয়তো এইবাৰো দেউতাক বাহিৰলৈ যাওঁতে আদায় কৰি থৈছে উপহাৰৰ প্ৰতিশ্ৰুতি। তাৰ নিমিত্তেই প্ৰশ্নৰ বাৰম্বাৰ প্ৰশ্ন, “মা, পাপা কেতিয়াকৈ আহিব?”

 “আহিব বাবা, এতিয়া তুমি পঢ়া টেবুলত বহাগৈ যোৱা”, বুলি কৈ তাই বাথৰূমৰ ফালে দৌৰ মাৰিলে। সন্ধ্যাৰ এই সময়খিনি তাইৰ বৰ ব্যস্ততাৰ সময়। ল’ৰা দুটিৰ হাতত গাখীৰৰ গিলাচ তুলি দিয়াৰে পৰা সিহঁতৰ অংকৰ সমস্যাটোলৈকে চকু দিব লাগে তাই। দিনটোৰ এইকণ সময়েই আহৰি পায় তাই। এইখিনি সিহঁতৰ গুণগত সময়। সাধুকথা, নীতিকথাৰে সিহঁতৰ মনবোৰত চিন্তাৰ ৰেশ সানি দিয়ে তাই। আজি পিছে তাই নিজৰ স’তে নাই, নাই কণমাণিকেইটাৰ স’তেও। দিনটোৰ ব্যস্ততাখিনিৰ মাজত থমকি ৰোৱা খোজৰ গতিটোৱে, দৈনন্দিন কোলাহলৰ মাজত লুকুৱাই থোৱা মৌনতাখিনিয়ে, মুখৰ সাতোৰঙী বেলুনৰ মাজৰ শূন্যতাখিনিয়ে পলকতে বেসুৰা কৰি তোলে জীৱনৰ ছন্দ। নিশা গভীৰ হৈ আহে, আত্মকথনৰ স্বৰলিপি ভাঁহে।

  আল্ট্ৰাছ কৰ্মসূত্ৰে বাহিৰলৈ যোৱা হেতুকে তাই শোৱনি কোঠাত অকলে পৰি ৰয়। পুত্ৰদ্বয় গভীৰ নিদ্ৰাত। তাই সাৰে ৰয়। তাই জানে ক’ৰবাত আৰু এটি দুটি সত্তা সাৰে ৰয়। ঢিমিক ঢামাককৈ জ্বলে তৰাবুলীযা অনুভৱ। বুকুৰ মাজত এছাটি মলয়াই বা’ দিব খুজিও ৰৈ যায়। শীতল সৰীসৃপৰ দৰে এটি বীজলুৱা অনুভৱে বগুৱা বাই যায়।

  আল্ট্ৰাছ তাইৰ হৈ নাথাকিল। তাই নিজেও নিজৰ হৈ নাথাকিল। যোগাত্মক চিন্তাৰ সুঁতিত আউল লাগে সেইখিনিতেই। এই যে অস্থিৰতাবোৰ, তাতেই পোখা মেলে সৃষ্টিয়ে। সেমেকা গধূলিৰ সংগমত প্ৰোথিত হয় বেদনাৰ ভ্ৰূণ।

 সময়বোৰ ধাৰাল কাঁইটৰ দৰে। ঠাক-ঠাককৈ সজাই থোৱা কিতাপবোৰে মূৰ দুপিয়াই অভিবাদন জনায়, “এই পৃথিৱীলৈ আহাঁ, আমি তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিম। মাথোঁ আমাক উমাল কৰি তোলা”।

 তাই ধীৰে ধীৰে প্ৰৱেশ কৰে তাইৰ আপোন জগতত। ইয়াত নাথাকে আল্ট্ৰাছ, নাথাকে উল্কি, নাথাকে কঞ্জনীল, নাথাকে প্ৰথম শ্ৰেণীৰ মেজিষ্ট্ৰেট অলংকৃতা বৰুৱা।

 থাকে এমুঠি প্ৰশ্নমৰে উদ্‌গ্ৰীৱ মুখৰ এজনী মহিলা...

 থাকে এমুঠি উত্তৰেৰে সাজু হৈ ৰৈ থকা কিতাপৰ গোন্ধৰে আমোলমোল এটি কোঠা।

 থাকে তাইৰ দুখৰ নিচা সাৱটি এছাটি অস্থিৰ বতাহ...

 আৰু সেই বতাহত ওপঙি ফুৰা এটি বেলুনীয়া উশাহ, এই ফুটো এই ফুটোকৈ.......

++