পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 সেই আত্মবিশ্বাসৰ কোবতে তাই কৈ উঠিছে, “অকলেই যাম”।

 “ৰমেশক লৈ যাবা”, আল্ট্ৰাছে কয়। ৰমেশক লৈ গ’লে তেওঁ ডাঁৰৰ বাতৰি ডাঁৰে পাই থাকে। তাই লৈ নাযায় ৰমেশক। তাই সেইকণ প্ৰতিশোধ লয়। তাই অকলেই যাব।

 “ইমান দূৰ অকলে ড্ৰাইভ কৰিবা? কষ্ট পাবা”, নমনা হাতীক মৰমেৰে পোহ মনোৱাৰ বৃথা চেষ্টা আল্ট্ৰাছৰ।

 “ওহো। নালাগে। অকলেই পাৰিম”।

 তথাকথিত পুৰষদম্ভত আঘাত লাগে তাৰ। গৰগৰাই উঠে সি,

 “এই কথাটোকেই বেয়া পাওঁ মই। মাইকী মানুহ অলপ মাইকী মানুহৰ দৰে আচৰণ কৰিব লাগে। অৰুণাচল বৰ্ডাৰৰ ৰাস্তা ইমান বেয়া, ক’ৰবাত গাড়ীখন পামচাৰ হ’ব, চকাটো সলাবলৈকে এজন ল’ৰাৰ দৰকাৰ হয়, ৰমেশক লৈ গ’লে কি হয়?”

 তাই মনে মনে থাকে। সেই মৌনতা সন্মতিৰ লক্ষণ নহয়।

 “যি মন যায় কৰি থাকা”, বুলি কাকতখন ঠেকেচা মাৰি ভোৰভোৰাই ভোৰভোৰাই ওপৰলৈ উঠি যায় আল্ট্ৰাছ। আল্ট্ৰাছৰ জীৱনৰ হয়তো ডাঙৰ বিফলতাৰ নাম অলংকৃতা। অলংকৃতাই ওপৰলৈ উঠাইছিল তেওঁক। বিয়াৰ পাছতে দোপতদোপে উন্নতি হৈছিল তেওঁৰ। চকুতলগা ধৰণেৰে বাঢ়িছিল সামাজিক স্থিতি। এতিয়া তাই হাত মেলি দিছে। বন্ধনৰ পৰা মুকলি কৰি দিছে। নিজেও নিজৰ মতে থাকিবলৈ লৈছে। তাৰ পাছতেই আল্ট্ৰাছৰ ভাব হৈছে, কিমান যে নিঃস্ব সি! কোনোদিনে তাৰ কথাৰ লৰচৰ নকৰা পত্নীও যেন এতিয়া হাতৰ পৰা এৰ খোৱাৰ উপক্ৰম হৈছে। নতুনকৈ উৰিবলৈ শিকা চৰাইজনীৰ দৰে সঁজাৰ পৰা ওলাই যাবগৈ নেকি তাই? ভয় লাগে আল্ট্ৰাছৰ৷ এই পখীজনীক পুনৰবাৰৰ বাবে বন্দী কৰাৰ কৌশল ৰচে তেওঁ। তৃতীয় সন্তান এটিৰ অংক কৰে আল্ট্ৰাছে। অলংকৃতাই নামানে। বহুত যুক্তি অলংকৃতাৰ। তৃতীয় সন্তানৰ বাবে মাতৃত্বকালীন ছুটিৰে পৰা আৰম্ভ কৰি বহুতখিনি সা-সুবিধাৰ পৰা বঞ্চিত হ’ব তাই। সেই কথা আল্ট্ৰাছক বুজাই মেলি নিজৰ দুনীয়াখনত সোমাই পৰে তাই।

 “আল্ট্ৰাছক ক্ষমা কৰি দে কৃতা। ক্ষমাই হৈছে প্ৰতিশোধৰ প্ৰধান অস্ত্ৰ” দাপোণৰ সন্মুখত থিয় হৈ তাই নিজেই নিজক কয়।

 “ঠিক আছে। যা, ক্ষমা কৰি দিলোঁ। আজিৰ পৰা কোনোদিনেই আল্ট্ৰাছক বান্ধোনত নাৰাখোঁ। মন গ'লে উৰিব, মন গ’লে বাহলৈ ওলটিব। মোৰ হকা বাধা কোনোদিনেই নাথাকিব। তোৰ আল্ট্ৰাছক মই ক্ষমা কৰি দিলো কৃতা”৷

 অলংকৃতাই ক্ষমা কৰি দিলে আল্ট্ৰাছক। সেই ক্ষমাৰ বিপৰীতে মেৰিয়াই ল’লে ৰহস্যঘন নিৰ্লিপ্ততা। সেই নিৰ্লিপ্ততা সানি তাই ফেৰীঘাট পালেগৈ। চিপচিপীয়া বৰষুণৰ মাজত বগীবিল ঘাটৰ বালিৰ মাজত গাড়ী ফচিল। তথাপিও হাঁহিমুখেৰে ফেৰীত গাড়ী উঠাই লুইতৰ বুকু ফালি লখিমপুৰৰ বগলীজানলৈ গাড়ী দৌৰালে। আৰু তাৰ পাছত দীপকৰ মাকক বুজনি দিবলৈ আৰম্ভ কৰিলে,

 “বলকচোন মা। দুদিনৰ কাৰণে ওলাই বলক।”

 “ক’লৈনো নিব খুজিছ আই? কেলেইনো যাব লাগে মই?”

 “মই আপোনাক এনেই লগ ধৰিছোঁনে? বলক। এগাল সুখ আপোনাৰ বাবে ৰৈ আছে, চাই আহিব বলক৷”

 “মোৰনো কি সুখ অ’ আই? তথাপি তই ইমানকৈ কৈছ যেতিয়া যাম বাৰু।”

 এৰা। পুতেকৰ চিতাই অহৰহ বুকু জ্বলাই থকা এই মাতৃয়ে নাজানে যে দীপক এতিয়াও জীয়াই আছে। বুকু উদং কৰা এগাল খবৰৰ পাছত সি সুখ তেওঁৰ বাবে ৰৈ আছে, সেই কথা তেওঁ নুবুজে। তথাপিও অলংকৃতাৰ নিৰ্ভেজাল মৰমখিনিক অগ্ৰাহ্য কৰিব নোৱাৰি তেওঁ হয়ভৰ দিয়ে।

 অলংকৃতাৰ খোজত খোজ থৈ, অলংকৃতাৰ দুচকুৰ আস্থা সানি, উদাৰ আকাশৰ নীলা আজুৰি, বতাহৰ হোঁহোৱনি ফালি ৰ’দ আৰু বৰষুণৰ সৈতে চুপতি মাৰি দুয়োগৰাকী গৈ চিংফৌ গাঁওৰ সেই চাংঘৰত উপস্থিত হয়।

 তাৰ পাছৰ সুখখিনি অবৰ্ণনীয়। চাংঘৰত অপেক্ষা কৰি থকা বিস্ময়খিনি চম্ভালিবলৈ অসুবিধা হয় সেই বৃদ্ধাৰ। পুত্ৰ-মাতৃৰ মিলনৰ ক্ষণটোৱে আবেগবোৰ ধৰি ৰাখিব নোৱাৰে। দীপকৰ মাতৃৰ চকুলোৰ ঢলটো দেখি