মাৰিছিলহে, তেনে সময়তে তেওঁৰ হাতত পৰিছিল সেই আৱেদন। জীয়েকৰ বিচ্ছেদৰ আৱেদন। কিয়? কিয়? কিয়?
কিয় এনে হয়? বিয়া মানেনো প্ৰকৃততে কি, সেই কথা বুজেনে আজিৰ ল’ৰা-ছোৱালীয়ে? হতাশাত ভাগি পৰে বৃদ্ধ পিতৃ।
ল’ৰা-ছোৱালীবোৰ অসিহষ্ণু হৈ পৰিছে। সম্পৰ্কৰ মহত্ব শিকা নাই আজিৰ সন্তানে। সৰু কথাতে সম্পৰ্ক পাতে, সৰু কথাতে সম্পৰ্ক ভাঙে। কষ্ট পায় বুঢ়ামেথাই। কষ্ট পায় আপোনজনে।
অলংকৃতাৰ মুখলৈ চাই কথাবোৰ পাণ্ডলিয়াই থাকে তেওঁ। টেবুলৰ পৰা পানীগিলাচ মুখলৈ নি জিভাখন তিয়াই লয়। তেনে সময়তে জুনিয়ৰ এছিষ্টেন্ট ছোৱালীজনী আহি জজৰ ওচৰত ঠিয় হয়। জজে তাইলৈ নোচোৱাকৈয়ে সোধে,
“কোৱা কি হ'ল।”
“ছাৰ, মোৰ অলপ দীঘলীয়াকৈ ছুটী লাগিছিল।”
“এনি প্ৰবলেম?”, জজে সোধে।
“হয় ছাৰ। অলপ পাৰ্ছনেল প্ৰবলেম।”
জজে কিছুপৰ চিন্তা কৰে। অলপ ধেমালি কৰিবলৈ মন যায় তেওঁৰ।
“ছুটী লাগে? ছুটীৰ সপক্ষে কেইটিমান যুক্তি লিখা।”
ছোৱালীজনীয়ে মুখস্থ কৰি অনাৰ দৰে লিখি যায়,
“কৰ্মচাৰীৰ বাবে ছুটীবোৰ প্ৰাপ্য। প্ৰাপ্য ছুটীকেইটা উপভোগ নকৰা কৰ্মচাৰীৰ দক্ষতা কম। শ্ৰমিক আইন অনুসৰি এজন কৰ্মচাৰীৰ বাবে দিনটোৰ আঠ ঘন্টা সময় কৰ্মৰ বাবে ধাৰ্য কৰি থোৱা আছে। আগৰ দৰে বেমাৰ-আজাৰতো ছুটী নলৈ দিনে ৰাতিয়ে অফিচৰ কাম কৰা মানুহক আজিকালি দক্ষ বুলি বিবেচনা কৰা নহয়। তাৰ পৰিৱৰ্তে আধুনিক ব্যৱস্থাপনাৰ ফালৰ পৰা কাৰ্যক্ষেত্ৰৰ ধ্যান-ধাৰণা সলনি হৈছে। আজিকালি কৰ্তৃপক্ষই কৰ্মচাৰীৰ শাৰীৰিক তথা মানসিক সুস্থতাৰ কাৰণে চিন্তা কৰে। কৰ্পোৰেট খণ্ডত দৈনিক শাৰিৰীক অনুশীলনৰ বাবেও ব্যৱস্থা কৰে। চৰকাৰী খণ্ডত অৱশ্যে সেয়া খুব কম পৰিমাণে হৈ উঠিছে৷”
“হ'ব হ'ব। দিয়া এপ্লিকেশ্যনখন দিয়া”, বুলি জজে ছুটীৰ আবেদনখনত চহী কৰি দিয়ে। ছোৱালীজনীয়ে হাঁহি হাঁহি ৰূমৰ পৰা ওলাই যায়।
তাৰ পিছত অলংকৃতাৰ লগত ফাইলকেইটাৰ সম্পৰ্কত গভীৰ আলোচনাত বহে। আলোচনাৰ মাজে মাজে অলংকৃতায়ো নিজৰ ছুটীৰ ফাইলটো সাজু কৰিব নেকি ভাবি থাকে। দীঘলীয়াকৈ এটা ছুটী ল’ব তাই। সিদ্ধান্ত লৈ পেলায়।
তাৰ পাছত তাই কোৰ্টৰ পৰা ওলাই আহে। দিনবোৰ খুব খৰতকীয়াকৈ পাৰ হয়। চিন্তাৰ বেগ আৰু খৰতকীয়া। মনৰ চৰাইজনী বৰ্তমানৰ পৰা উৰি গৈ অদূৰ ভৱিষ্যতত বিচৰণ কৰি আছেগৈ। কেতিয়াবা যদি হিমালয়ৰ মাজত সন্নাসিনীৰ ৰূপত, কোনোদিনা জীপচীজনীৰ দৰে মৰুভূমিৰ মাজত। ৰমেশে তাইক ঘৰত থৈ অহাৰ সময়ত তাই দেখে, ড্ৰয়িংৰূমত আল্ট্ৰাছৰ বন্ধুজন বহি আছে। কিয় আহিছে তেওঁ, আল্ট্ৰাছ ঘৰত নাই, ইত্যাদি বিভিন্ন প্ৰশ্নৰ অলংকৃতাৰ মনেৰে পাৰ হৈ যায় যদিও তেওঁ নিৰ্বিকাৰমনেৰে মেগাজিনৰ পাত লুটিয়াই ডয়িংৰূমত বহি থাকে। অস্বস্তি লাগে তাইৰ। বহুত কামেই কৰিবলৈ আছে তাইৰ৷ বাৰাংগনাৰ জুপুৰিখনৰ দুখনমান ছবি আঁকিবলৈকে আছে৷ কি যে এক নিচা লাগিছে তাইৰ! বাহিৰৰ পৃথিৱীখনে যিমানেই টানে, ভিতৰৰ জুপুৰিটোতো সিমানেই মন ভৰি আহে। ধ্ৰুৱমে ছবি আঁকিবলৈ শিকাইছিল তাইক। জীৱনৰ দৰ্শন শিকাইছিল ধ্ৰুৱমে। সেইখিনিকে লৈ তাই বাৰে বাৰে জী উঠে। কিছুমানৰ সান্নিধ্য ইমান অমূল্য। দিন যোৱাৰ লগে লগে সেই কথা বুজা যায়। কায়িকভাৱে ধ্ৰুৱমক লগ নাপালেও আত্ম-বিজড়িত কথাবোৰে প্ৰতি পলতে ধ্ৰুৱমক তাইৰ কাষতে থিয় কৰাই আহিছে। কঠিন সময়খিনিত ধ্ৰুৱমৰ স’তে যে তাই কিমান কথা নাপাতিলে, কিমান যে প্ৰশ্নৰ উত্তৰ নিবিচাৰিলে তাৰ পৰাঙ্গ উত্তৰবোৰ পাইছে তাই। আল্ট্ৰাছক আজিকালি বেয়া বুলিবলৈ মন নাযায়। কোনোখিনিত তাইৰ দুৰ্বলতা আছে, তাইৰ প্ৰেমে তাক ধৰি ৰাখিব নোৱাৰিলে। কোনোখিনিত আল্ট্ৰাছ দুৰ্বল। ৰৈ নগ’ল তাইৰ বাবে। আল্ট্ৰাছৰ