পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 মধুৰ সময়ৰ স্মৃতিৰ পাতখিলা পঢ়ি থাকোঁতেই ফোনটো বাজি উঠে তাইৰ। আল্ট্ৰাছ কালিও নাহিল। ডাৱৰে ঢকা আকাশখনে ফ্লাইট কেনচেল হোৱাৰ খবৰ দিছে। আজি আহিব আল্ট্ৰাছ। পুৱাতেই বাজি উঠা ফোনটোৱে তাকেই ক’লে। হুমুনিয়াহ এটাই কথাবোৰৰ পট পৰিৱৰ্তন কৰি পেলায় থিতাতে। কথাবোৰত এতিয়াহে শেলুৱৈ গজিছে। বাৰে বাৰে বুকুত বন্ধি ল’ব খোজা সম্পৰ্কটো পিছলিব খোজে। ক’ৰবাত যেন কিবা এক দূৰত্ব বিষাদৰ ফুলবোৰ ৰমক-জমককৈ ফুলি অলংকৃতা নামৰ মানুহজনীৰ মুখত এক শূন্যতাৰ প্ৰচ্ছায়া সানে। এয়া প্ৰেম আছিল নে? নে মোহ আছিল? নে এক চুক্তি আছিল? ইমানৰ মাজতো বিধৰ্মী ছোৱালী এজনীৰ ওচৰত নিজকে সঁপি দিব খোজা সম্পৰ্কটো প্ৰেমৰ এক ভণ্ডামিহে আছিল নে? সেই সময় শুদ্ধ আছিল নে এই সময় শুদ্ধ, সেই উত্তৰ উলিয়াব নোৱাৰি তাইৰ মুখৰ প্ৰচ্ছায়াই কাজল বৰণ ধৰে। কাৰো চকুত নপৰে সেই প্ৰচ্ছায়া। আল্ট্ৰাছৰো চকুত নপৰে হয়তো। চকুত পৰে বিশাল তামুলীৰ। তাইতকৈ জুনিয়ৰ সহকৰ্মী বিশাল তামুলী। আইন সংক্ৰান্তীয় কামত বহুতবাৰ তাই বিশালৰ স’তে কাম কৰিছে। বহুতবাৰেই তাইৰ উদাসীনতা বিশালৰ চকুত ধৰা পৰিছে। প্ৰত্যেকবাৰেই কিবা সুধিম বুলি ভাবিও তাইৰ কাজলমুখৰ প্ৰত্যয়খিনিত তেওঁ থমকি ৰয়। ৰূপকথাৰ নায়িকাজনীৰ দৰেই অফুৰন্ত যৌৱনৰ গৰাকী অলংকৃতাই যেতিয়া ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বিষাদৰ ৰাগ টানে, তাইৰ স্বামীয়ে তেতিয়া চিনেমাহলত সুন্দৰী নাৰীৰ স’তে বিলাসিতা কৰে। বিশাল তামুলীৰ অজানা নহয় এই খবৰ। চহৰৰ অজানা নহয় এই খবৰ। আধুনিকতাৰ নামান্তৰ সেই সম্পৰ্কবোৰত তাইৰ দৰে বিলাসী প্ৰেমৰ সংজ্ঞা নজন৷ মানুহৰ সৰল চিলাইবোৰত আউল লাগি বাৰে বাৰে সূতা চিগে। বিশালে ধৰা পেলায় তাইক সন্ধ্যাৰ কানি-মুনি আন্ধাৰত প্ৰায়েই তাইক লগ পায় ফেৰীঘাটৰ অকলশৰীয়া পদযুগলৰ সৈতে। ৰমেশে তেতিয়া মথাউৰিৰ তলত গাড়ী পাৰ্ক কৰি নিশ্চিন্ত টোপনি মাৰে। মথাউৰিৰ ওপৰত তাই ইভিনিং ৱাকত নিজৰ স’তে নিৰন্তৰ অপলাপত ব্যস্ত হৈ পৰে।

 অপলাপেইতো এয়া। প্ৰেমত অতবোৰ ত্যাগ কৰি অহা তাইজনীৰ প্ৰেমিকে তাইক ত্যাগ কৰাৰ প্ৰস্তুতি চলায় গোপনে। তাইৰ অজানিতে ওভতনি পথৰ জপনা সজাই থয়। সেই কথাবোৰ অপলাপ নহয়নো কি? ‘ইভিনিং ৱাক’ৰ নামত বিশাল তামুলীয়েও তাইৰ কাজল চকুত ৰামধেনু অঁকাৰ প্ৰয়াস কৰে। অৱশ্যে তাইৰ ব্যক্তিত্বই তাক বাধা দিয়ে। স্বাভিমানেৰে তুলবুলীয়া প্ৰিয়নাৰীৰ এহালি ভৰুণ চকু, বিশাল মূৰ তুলি চাই দিলেই যেন সৰি পৰিব বিশ্বাসৰ টোপোলা সেয়ে সি সঁফুৰাতে সাঁচি থয় সংযম, সঁফুৰাত সাঁচি থয় আস্থা, সঁফুৰাত লুকুৱাই থয় প্ৰেমৰ ঠিকনা। প্ৰেমৰ সংজ্ঞা সলাই পেলায় তেওঁ, প্ৰেম মানেই ত্যাগ, প্ৰেমত ত্যাগ নহয় বিবেক।

 ৰাতিৰ ৰাতিটো অস্থিৰ হৈ থাকে তেওঁ। তেওঁৰ কক্ষপথ আৰু অলংকৃতাৰ কক্ষপথ একে নহয়। প্ৰায়েই এই আৱৰ্তনে সংঘৰ্ষৰ সম্ভাৱনা কঢ়িয়াই আনে। তেনে সম্ভাৱনা নস্যাৎ কৰি বিশালৰ বাবে বদলিৰ হুকুম আহে। প্ৰমোচনৰ সৈতে বদলি। নিতান্তই আনন্দদায়ক খবৰটোত তেওঁ কোনোধৰণৰ উৎসাহ অনুভৱ নকৰিলে। ফোনৰ উপৰি ফোন, অভিনন্দন, শুভেচ্ছাবাণীবোৰৰ পৰা পলাই আহি সি অলংকৃতাৰ চেম্বাৰত বহি ল’লে।

 “হেই ইয়ংবয়, কংগ্ৰেচুলেচন’’, তাইৰ অভিবাদনত বেঁকাকৈ হাঁহি এটা মাৰি সি মোবাইল ফোনটো পিতিকি থাকে।

 “এনি প্ৰবলেম বিশাল?” তাৰ সেমেকা হাঁহিটো ধৰা পৰে অলংকৃতাৰ ওচৰত।

 তেওঁ সুখী নহয় বদলিৰ হুকুমত কিয় সুখী নহয় তাৰ কোনো কাৰণ নাই। নতুন ঠাইত নতুন পদত যোগ দিব তেওঁ। অপাৰ উৎকণ্ঠা হোৱাৰ বিপৰীতে তেওঁৰ মনত যেন গভীৰ হতাশা।

 অলংকৃতাৰ ভৰুণ চকুৰ ভাষাই তেওঁৰ বকু খান্দে। ফেৰীঘাটৰ অকলশৰীয়া খোজবোৰে কলিজা ফালে তেওঁৰ। ক’ব খোজে তেওঁ, “মেডাম কথা দিয়ক মোক, অকলশৰীয়া সময়বোৰৰ উচিত সমাধান উলিয়াই আপুনি সুখী হ’ব বুলি। মেডাম কথা দিয়ক মোক, আপোনাৰ সুন্দৰ মনটোক আৱৰি ৰাখিবলৈ স্বাস্থ্যৰ উচিত যতন ল'ব বুলি। মেডাম কথা দিবনে মোক, নিজকে এনেকৈ জ্বলি জ্বলি শেষ হ'বলৈ নিদিয়ে বুলি?”অথচ তেওঁ ক'ব নোৱাৰে সেই কথা৷ এই কথাবোৰ সঁফুৰাত সাঁচি থোৱা কথা। এই কথাবোৰ কৈ তেওঁ অলংকৃতা নামৰ মহিয়সীগৰাকীক উল্কি নামৰ নাৰীগৰাকীৰ শাৰীত থ’ব নোখোজে। বৰঞ্চ তেওঁ কৈ উঠে, “মাক এৰি যাবলৈ মন নাছিল মেডাম। মা অলপ অসুখীয়া। মোৰ লগে লগে মায়ে ঘূৰা মেলা কৰাও অসুবিধা”।

 মা মা মা! এই শব্দটোত কি আছে? এই শব্দটো যে তাইৰ জীৱনৰ পৰা হেৰাই যোৱাৰ আশংকা জাগে