তথাপি উল্কিয়ে তাইৰ সুখৰ পিয়লাৰ ভাগ কাঢ়ি নিয়ে। তাইতকৈ দহবছৰৰ সৰু উল্কি। এজনী সৰুফুটীয়া ছোৱালী উল্কি। সেই চঞ্চল ছোৱালীজনীয়ে পাহাৰী জুৰিটিৰ দৰে বৈ আহি তাইৰ প্রশান্ত মহাসাগৰৰ দৰে বিশাল বুকুত খুন্দা মাৰে। সেই সৰু ছোৱালীজনীয়ে তাইৰ অধিকাৰত চকু দিয়ে। শ্বাৱাৰৰ পানীৰ সৈতে উটি নাযায় এই অভিমান। বাথৰূমৰ পৰা ওলাই আহে তাই।
টাৱেলেৰে তিতা চুলিখিনি মেৰিয়াই চকুত কাজল এলানি বোলাই ল’লে। আঁৰ চকুৰ চালে, আল্ট্ৰাছে টোপনিতে বিছনা খেপিয়াইছে। তাইকে খেপিয়াইছে নে? তাৰ অৱচেতন মনত এতিয়াও তায়েই সোমাই আছেনে? তেন্তে কঞ্জনীলে কোৱাৰ দৰে হোটেলৰ বন্ধৰূমৰ কাহিনীবোৰ সত্যনে? নে বিভ্ৰান্তিৰ মিছিল সেয়া?
ভুলটো ক’ত হৈ যায়? বিচৰাবোৰৰ সংগতি নাথাকে কিয়? কিয় আল্ট্ৰাছৰ ওচৰত অভিমানেৰে পৰিপূৰ্ণ বুকু এখন লৈও তাই নিজকে সমৰ্পণ কৰে? উত্তৰত এথোপা দোমোজাৰ ফুল। কথা নহয় এয়া, দোমোজাৰে ভৰা সমীকৰণ মাথোঁ৷৷ নাই নাই, এই দোমোজাৰ পৰা তাই মুক্ত হ’ব লাগিব। তাই অসুবিধা পাইছে। এই কথাটোৰ বাবে নিজকে তাই সময় দিব পৰা নাই, দুইপুত্ৰৰ ওচৰত মন বহাব পৰা নাই। আনহে নালাগে, অফিচৰ কামতো মন দিব পৰা নাই।
এনে এক দোমোজা লৈ অলংকৃতা বহি আছিল অফিচ চেম্বাৰত। চহৰৰ বিখ্যাত চৰ্মৰোগ বিশেষজ্ঞজনৰ ডিভোৰ্চ কেচৰ ফাইলটো তাইৰ ওচৰলৈ আহিছিল। তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিল তেওঁৰেই বৈধ পত্নী ডাঃ তটিনীয়ে। সিহঁতৰ ডিভৰ্চ কেচটো হাতত লৈছিল অধিবক্তা কৃশানুৱে। চৈধ্যবছৰীয়া পুত্ৰৰ সতে পত্নীক এৰি আচামীজনে এগৰাকী যোড়শী গাভৰুৰ সতে সম্পর্ক গঢ়ি তুলিছিল। কৃশানুৱে কৈ গৈছিল, “জানেনে মেডাম, একদম ভণ্ড এই ডাক্টৰজন। কলেজত পঢ়ি থাকোঁতেই তেওঁলোকে বিবাহপাশত আবদ্ধ হৈছিল। চকুত তেতিয়া ন ন সপোন- প্ৰতিষ্ঠাৰ সপোন, ধন গোটোৱাৰ সপোন। বাইদেউৰেো তেনে সপোনেই আছিল। দুয়োজনেই একেলগে নাৰ্চিং হোম খুলিলে, দুয়োজনেই প্ৰতিষ্ঠিত হ’ল। যৌৱনৰ আচল সময়খিনি টকাৰ পাছত দৌৰোঁতেই গ’ল। যেতিয়া সময় পালে, তেতিয়া বাইদেউৰ মূৰত ৰূপালী ৰং আৰু ভিনদেউৰ দুহাত উপচাই ধন”।
হুমুনিয়াহ এটা এৰিবলৈ সময় নৌহওঁতেই কৃশানুৱে মাত লগালে, “একে লগতে পঢ়া বাইদেউক পিছলৈ ভিনদেউৱে তলপেটৰ মেদখিনিৰ কাৰণেও ঠাট্টা কৰিছিল। সম্তানটোৰ খাতিৰত বাইদেউৱে সিমানখিনি সহি লৈছিল। কিন্তু যেতিয়া ভিনদেৱে কৃশাংগী বিউটিচিয়ানগৰাকীৰ অনামিকা আঙুলিত আঙুঠি পিন্ধালে, বাইদেউৰ সিদিনা সেন্দূৰ পিন্ধিবলৈ হাত কঁপিলে। পাগলীৰ দৰে হ’ল বাইদেউ৷ ল’ৰাটোৰ ক্ৰিকেট বেটখনেৰে খিৰিকীৰ গ্লাচ ভাঙিলে। তিনিমহলীয়া ঘৰটোৰ সমূহ সম্পত্তি চূৰ্ছুমৈ কৰিলে। চিঞৰি চিঞৰি পাহৰি গ’ল নিজক। পাহৰি গ’ল অতদিনৰ সাধনাৰ প্রস্তুত কৰি উঠা ধৈৰ্যৰ প্রতিমূৰ্তিটো। বাইদেউক এতিয়া এটা পৰিৱৰ্তন লাগে। সেই সম্পৰ্কটোত সোমাই থাকিলে বাইদেউ আক্ষৰিক অৰ্থত পাগলী হৈ যাব”।
অনৰ্গল কৈ গৈছিল কৃশানুৱে। খিৰিকীৰে বাহিৰলৈ চাই আছিল তাই। চকুৰ আগলৈ আহিছিল মলিন চেহেৰাৰে শতচ্ছিন্ন সাজেৰে এটি নাৰীমূৰ্তি। কোনোবাই যেন সেই নাৰীমূৰ্তিক দেখুৱাই গৈছে, “চোৱা চোৱা এই পাগলীজনীলৈ চোৱা। জানানে, এসময়ত তাই খুব নামকৰা গাইন’কল’জিষ্ট আছিল”৷ নাৰীমূৰ্তিটো ক্ৰমাৎ যেন তাইৰ মাজত সোমাই গৈছে। তাইৰ শৰীৰ মেৰিয়াই এখন উৱলা চাদৰ, মূৰত জঁট বন্ধা চুলি। ল’ৰা দুটি ক’ত তাইৰ? নাজানে। নাজানে। আল্ট্ৰাছৰ বাহুবন্ধনত উল্কি। কৃশানুৱে কৈছে, “সেই সম্পর্কটোত সোমাই থাকিলে বাইদেউ আক্ষৰিক অর্থত পগলা হৈ যাব।” তাইক যেন কোনোবাই কৈছে, “এনেকৈ তই পাগলী হৈ যাবি”।
দিনতে অজান এক দুঃস্বপ্নই খেদি ফুৰিলে তাইক। দুঃস্বপ্নটোৱে এস্কিম’ৰ দৰে তাইৰ বুকুত ইগলু সাজি ল’লে। ইগলুৰ ভৰত তাইৰ কলিজা সোঁতমোচ পৰে। ডিভোৰ্চৰ সপক্ষে কৃশানুৱে যুক্তি দাঙি ধৰে। এনে লাগে যেন কৃশানুৱে তাইৰে কথাবোৰ কৈ আছে। কিছুমান কথা জানিবলৈ মন যায় তাইৰ। জানিবলৈ মন যায়, সম্পৰ্ক খহাৰ লগে লগে হৃদয় খহেনে। এই যে আল্ট্ৰাছৰ গোন্ধৰে আমোলমোল সত্তাটো, এটি মাথোঁ চহীৰ পাছতে, সেই গোন্ধবোৰ তাই জোকাৰি আঁতৰাই পেলাব পাৰিবনে? পৰা হ’লেতো কথাই নাই। ৰবৰেৰে দাগবোৰ মোহাৰি নতুনকৈ জীৱনৰ প্ৰেমত পৰিব। ‘কিন্তু’ এটাত ভৰিহাল থমকি ৰয় তাইৰ, নিজকে প্ৰশ্ন কৰে, যদি নোৱাৰে তেতিয়া? কি হ’ব তেতিয়া? কথাবোৰৰ উত্তৰ বিচাৰি পোন্ধৰ বছৰ পিছুৱাই যায় তাই।