কৰিছিল। একমাত্ৰ তায়েইতো আছিল তাৰ কষ্টবোৰ ভাগ কৰিব পৰাকৈ। অচিনাকি সেই নাৰী, অথচ দুয়োৰে দুখবোৰ কিমান আপোন! সি কিবা কোৱাৰ আগতেই তাই ফোনটো কাটি দিলে। তাইক সদ্যহতে অকলশৰীয়া পৰিৱেশ এটা লাগে। টেবুলৰ সন্মুখৰ মানুহ দুজনক বিদায় দিব লাগে। তেওঁলোকৰ কামটো কৰি আজৰাই দিব লাগে। কাংক্ষিতাক ছুটী দিব লাগে। সিমানখিনিলৈকে জ্ঞান আছে তাইৰ৷ বাকীবোৰ সমস্যাৰ কিদৰে মুখামুখি হ'ব সেই কথা এতিয়া ভবাৰ অৱকাশ নাই।
কৃশানু আৰু বিশালৰ লগত গোচৰ এটাৰ শুনানিৰ ফাইলটো আলোচনা কৰি তাই ঠিক ঠাক কৰি ল’লে। তেওঁলোকে কথা পাতি থাকোঁতে তাইৰ ম’বাইলটোৰ মেচেজটোন কেইবাবাৰো বাজি উঠিছিল। তাই অনুমান কৰিছিল সেয়া হয়তো কঞ্জনীল হ’ব। তাইৰ অনুমানক সত্য প্ৰতিপন্ন কৰি সেয়া কঞ্জনীলৰ মেচেজ আছিল। এখনৰ পাছত এখনকৈ ফটো পঠিয়াই গৈছে সি। তাই এখনত ক্লিক কৰি দিয়াৰ লগে লগে স্ক্ৰীণত ভাঁহি অহা এখন ফটোৱে তাইক বোবা কৰি পেলালে। চকুহাল মুদি দিলে তাই। নিমীলিত চকুৰ পৰ্দাত চেলুলয়ডৰ দৰে ইখনৰ পাছত সিখন ছবি ভাঁহি আহিল। এই ছবিবোৰৰ সন্মুখীন হ’ব পৰাকৈ তাইৰ প্ৰস্তুতি নাছিল। ইমান নিৰ্মম সত্যৰ লগত তাইৰ পৰিচয় নাই। তাই শুনিছিল সিহঁতৰ কথা, কিন্তু কোনোদিনে প্ৰমাণ বিচৰা নাছিল। যি প্ৰমাণে তাইৰ চৌপাশ অস্থিৰ কৰি তুলিব, সেই প্ৰমাণৰ সন্মুখীন হ’ব খোজা নাছিল তাই। হেৰুওৱাৰ ভয়তে নে হতাশাৰ ঢৌত উটি যোৱাৰ ভয়ত তাই সেয়া নিবিচাৰিছিল সেই কথা তাই নুবুজে।
সন্মুখত দুজন কলিগ। অথচ ফটোখিনি দেখাৰ পাছতে তাইৰ বোধশক্তি যেন লোপ পালে। তাই চকুমুদি ৰ’ল। তাইৰ অপ্ৰকৃতিষ্ঠ আচৰণত দুয়োজন আচৰিত হ’ল। সিহঁত যাবলৈ ওলাল।
বিশাল তামুলী আৰু কৃশানু গৌতম ওলাই গ’ল। তাই ফটোবোৰ চাই ৰ’ল। এখনৰ পিছত আন এখন ফটোৱে তাইক জুইৰ উত্তাপেৰে গা ধুৱাই থাকিল। তাইৰ একান্ত নিজৰ পুৰুষজনৰ স’তে অন্য নাৰী,পৰনাৰী সেয়া৷ উস! সহ্যাতীত। বুকুৰ দহন ভেদি হুমুনিয়াহ এটা ওলাই আহিল। চকুহাল তাইৰ ৰঙা পৰিল।
তেনেতে বিশাল তামুলী পুনৰবাৰ সোমাই আহিছিল। কিবা যেন ক’ব তাইক। তাই নিজকে লুকুৱাব বিচাৰিছিল। মুখত কোনোমতে সেমেকা হাঁহি এটা বিৰিঙাই তালৈ প্ৰশ্নবোধক চাৱনি এটা নিক্ষেপ কৰিলে, “আৰু কিবা কাম থাকি গ’ল নেকি” এই ভাবত৷ নহয়, সি কোনো কামৰ কাৰণে অহা নাই৷ সি আহিছিল তাইৰ আপদীয়া ফোনকলটোৰ আঁত বিচাৰি, যিটো ফোনকলৰ পিছতে তাইৰ উদভ্ৰান্ত আচৰণে তাৰ বুকুত শেল হৈ বিন্ধিছিল।
“মেডাম।”
“ওমম।”
“নাযায় ঘৰলৈ?”
“যাম। সৰু এটা কাম আছে। কৰিয়েই যাম”।
সি গম পালে তাই সহজে মনৰ কথাবোৰ মুকলি কৰি নিদিয়ে। কিন্তু তাইৰ এই ৰূপত তাৰো তাইক এৰি যাবলৈ মন যোৱা নাই৷ মানৱীয়তাৰ খাতিৰত নে তাইৰ প্ৰতি জাগি উঠা কোনো এক সহানুভূতি, সি নাজানে সেই কথা। কিন্তু তাই যে এতিয়া তাৰ সান্নিধ্য বিচৰা নাই, সেই কথা সি বুজি পালে। অগত্যা সি যাবলৈ ওলাল।
“মেডাম, এটা কথা কৈ যাওঁ, বেয়া পাব নেকি?”
তাই অন্যমনস্ক হৈ ৰ’ল। বিশালে কি ক’লে কাণত নোসোমালে। বিশালে আকৌ মাতিলে, “মেডাম।”
এইবাৰ তাই থতমত খাই মাত লগালে,
“হাঁ’’?
“কিবা এটা ক'লে বেয়া পাব নেকি?”
“বেয়া কিয় পাম? নিশ্চিন্তে ক'ব পাৰে। বেয়া পোৱাৰ প্ৰশ্নই নুঠে”, তাই পাৰেমানে সপ্ৰতিভ হ'বলৈ বৃথা চেষ্টা চলাইছে।
বিশালে অলপ চিন্তা কৰিলে। তাৰ অন্তৰৰ একোণত কোনো এক স্থান লৈ থকা সবল নাৰীগৰাকী আজি দুৰ্বল হৈ পৰিছে। তাইৰ দুখৰ কজলা বৰণে তাকো ছানি ধৰিছে। কিন্তু সেই প্ৰকাশ সি কৰে কেনেকৈ? কি কথাই তাইক কিছু পৰিমাণে হ’লেও উদ্দীপিত কৰিব? কি সমস্যাৰে জৰ্জৰিত তাই? জিলাৰ অতখিনি মানুহৰ সমস্যা সমাধান কৰা