পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ফলশ্ৰুতিতে সিহঁত দুটিয়ে কাগজ পেঞ্চিল লৈ ঘণ্টা ধৰি ছবি এখনৰ লগত যুঁজি থাকে নতুবা মোমায়েকলৈ জোঁটাই জোঁটাই চিঠি লিখে। টিভিটো চাই থকাৰ সময়ত তাই আহি অনুৰোধ কৰে মাত্ৰ, “টিভি চাই হ’লে ভাত খাবলৈ আহিবা দেই”, লগে লগে দুয়োটাই টিভি বন্ধ কৰি ভাতৰ পাতত বহে। তাইৰ সম্বন্ধীয় বায়েক এজনী আহিছিল এবাৰ। আচৰিত হৈ সুধিছিল, “ইহঁত বৰ সোনকালে ডাঙৰ হৈছে দেখোন, টিভিটো বন্ধ কৰিবলৈ ক’লেই বন্ধ কৰি দিয়ে, আমাৰটোক দুচাট নিদিয়ালৈকে টিভিৰ ওচৰৰ পৰা আঁতৰেই নহয়।”

 বয়সত ডাঙৰ যদিও তাইহে বায়েকক শিকাইছিল, “নহয় বাইদেউ, শিশুক কেতিয়াও আদেশ দিব নালাগে। শিশুক বুলিয়েই নহয়, আনসকলকো অনুৰোধ কৰিলে যিটো কাম সহজে সিজে, আদেশ দিলে সেই কামটো সহজে নিসিজে। এই যে মই ইহঁতক অনুৰোধ কৰিলোঁ নতুবা নিজে সিদ্ধান্ত ল’বলৈ সুযোগ দিলোঁ সেইটোতে ইহঁতে নিজৰ অস্তিত্বৰ গুৰুত্ব বুজি পালে”।

 সাতবছৰীয়াটিয়ে নিজে নিজে ভাত খাওঁতেও বায়েক আচৰিত হৈছিল, কৈছিল, “আমাৰটোৱে নিজে খাবলৈ শিকাই নাই”।

 তাই তপৰাই মাত লগাইছিল, “লেতেৰা কৰে কাৰণে তই তাক নিজে নিজে খাবলৈ দিয়া নাই নহয়নে?”

 বায়েকে স্বীকাৰ কৰিছিল, “তই কথাটো ঠিকেই ধৰিছ।”

 “চা দেই বাইদেউ, শিশু এটিৰ মাজত স্বয়ংসম্পূৰ্ণ অনুভূতি থাকে। সেই অনুভূতিক সন্মান জনোৱা উচিত। শিশুৱে নিজে খাবলৈ দিলে আনন্দ পায়, ইয়াৰ নিজৰ ওপৰত বিশ্বাস জন্মে। ফলত শিশুটিৰ আত্মনিৰ্ভৰশীলতা বাঢ়ে?”

 এই যে তাই সিহঁত দুটিক ইমান আত্মনিৰ্ভৰশীল কৰি তুলিছে, প্ৰকৃততে ইয়াৰ আঁৰত কি। কথাটো ভবাৰ লগে লগে আন কিছু খনাত্মক অনুভূতি তাইৰ চৌপাশে ঘূৰি ফুৰিল। ট্ৰেফিক পইণ্টত গাড়ীখন ৰখাওঁতেহে তাই বাস্তৱলৈ ঘূৰি আহিল। বাস্তৱলৈ ঘূৰি আহি তাই ভাবিলে, কি কাৰণ আছিল? ইহঁত দুটিক ইমান সৰুৰে পৰা আত্মনিৰৰ্ভৰশীলতাৰ শিক্ষা দিয়াৰ কি কাৰণ আছিল?”

 আছিল কাৰণ। প্ৰায়ে তাই অনুভৱ কৰিবলৈ লৈছিল, তাই ক’ৰবাত হেৰাই যাব, হেৰাই গ’লেই যে সিহঁত দুটিৰ আলৈ আথানি হ’ব, সেই কথা তাই জানে। আল্ট্ৰাছৰ নতুন পত্নী নতুবা সিহঁতৰ হোষ্টেলীয়া জীৱন-তাতকৈ আগলৈ নভবাকৈ তাই হেৰাই যোৱাৰ আখৰা কৰি সিহঁত দুটিক তাইৰ পৰিপূৰক কৰি তুলিব বিচাৰে। আল্ট্ৰাছ ভাল পিতৃ, সেই কথা জানিও তাই পৰিস্থিতিৰ প্ৰয়োজনীয়তাক বিশ্বাসত ল’ব নোৱাৰে।

 ঋণাত্মক ‘তাই’ জনীক গালি পাৰি উঠে তাইৰ ভিতৰৰ ধনাত্মক আয়নবোৰে। মৰমকণাবোৰ সিঁচৰতি কৰি তাইৰ ফোনটো বাজি উঠে, “মা মা সোনকালে আহা, পাপাই তোমালৈ ৰৈ আছে।”

 আচৰিত হয় তাই, আল্ট্ৰাছে ৰৈ আছে তাইলৈ। কিয় ৰৈ আছে তাই নাজানে। তাইক আল্ট্ৰাছে জনোৱা নাই। সন্তানৰ হতুৱাই তাইক ফোন কৰি জানিবলৈ দিছে। ইমানকণ অহমিকা নেৰে তেওঁ, এই সময়তো দম্ভালি নেৰে। কি হ’লহেঁতেন, যদি তেওঁ নিজেই ফোন কৰিলেহেঁতেন? নে এয়া অসহজবোধ? আল্ট্ৰাছ এতিয়াও তাইৰ ওচৰত সহজ হ'ব পৰা নাই। সেই বিশৃংখল সময়ছোৱাই সিহঁতৰ মাজত গাঁথি দিয়া মৌনতাৰ দেৱালখন পাৰ হ’ব পৰা নাই দুয়োজনেই আচৰিত আচৰিত। এনেকৈও একেখন বিছনাতে দুয়োজনে ৰাত্ৰিাপন কৰে। কথাবোৰে তাইক দুৰ্বোধ্যতাৰ নৈখনলৈ ঠেলি দিয়ে। পাৰলৈ আহিব খুজিও নোৱাৰে তাই।

 যিদৰে নোৱাৰিলে আজিও। ঘৰত ভৰি দিয়াৰ আল্ট্ৰাছে তাইক মাত লগালে, “এফালে যাওঁ। যোৱা সোনকালে ৰেডি হৈ লোৱা”।

 উচপ খাই উঠে তাই। কিমানদিনৰ মূৰত যে আল্ট্ৰাছে তাইক এনেদৰে মাতিছে? ডিঙিত সোপা মাৰি ধৰিলে এসোপা বেদনাই। জঁট লগা সময়বোৰৰ আউল ভাঙিব পৰাকৈ মুখত মাত এষাৰি ওলাই নাহিল তাইৰ। বৰঞ্চ তাই বাথৰূমত সোমালে, ৱাৰ্ড্ৰবৰ পৰা কাপোৰ এযোৰ উলিয়াই দেহা আৱৰিলে, কাজলেৰে চকুৰ উদাসীনতা ঢাকিলে, ৰঙেৰে ভৰুণ ওঁঠৰ কম্পনাংক ৰচিলে। তাৰ পিছত তাই গাড়ীত বহিল। আল্ট্ৰাছ ড্ৰাইভিং চিটত। চহৰৰ মাজেৰে গাড়ী চলিল। ক’লৈ গৈছে তাই নাজানে। তেতিয়াহে গম পালে, যেতিয়া অভিজাত হোটেলৰ আগত আল্ট্ৰাছে গাড়ী ৰখালে। ফুলৰ থোপাটো লৈ আল্ট্ৰাছ আগবাঢ়িল, তাৰ কাষে কাষে তাই। এই সময়ত কাৰো সাধ্য