পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হেৰুওৱা দিনবোৰেই ভাল। ধৰা পৰাৰ ভয় নাথাকে। যাবগৈ নেকি ইয়াৰ পৰা?

 “যা গৈ ধ্ৰুৱম। মিছাতে খেলিমেলিখন লগোৱাৰ কি প্ৰয়োজন? সকলোবোৰ নিয়মত চলি আছে। অথন্তৰ নলগাবি। ঘোৰ অমংগল হ’ব”, অন্তৰাত্মাৰ বাণীয়ে তাক মৰুভুমিৰ বেদুইনী যাত্ৰালৈ আমন্ত্ৰণ জনায়।

 বুকুৰ একোণ বিষায় তাৰ। ঘন কলীয়া মেঘৰ আঁৰে আঁৰে নাচি ফুৰা মূৰ্তিটো দেখি সি কেমেৰাটো পকায়। শিলৰ ওপৰেৰে ডেও দি নাচি ফুৰা নাৰী-মূৰ্তিটোৱে তাৰ মন প্ৰাণ হৰি নিয়ে। চঞ্চল চিতপখিলীজনী জঁপিয়াই জঁপিয়াই শিলচটাতে বহি পৰে। ভাগৰিও নাভাগৰা এনেকুৱা ছোৱালী এজনীয়ে তাৰ নিসংগতা কমালেহেঁতেন নে? সি লেন্সখন মিলাই লয়। জুম কৰি ছোৱালীজনীৰ ফটোখন ওচৰলৈ আনে। মুখখনলৈ চাই সি জঁপিয়াই উঠে। এয়াতো অলংকৃতা! কোনে কয়, অলংকতা বিষাদিনী তাইতো বিহংগিনী। বিহংগিনীৰ কিহৰ দুখ আকৌ?

 অদ্ভুত উন্মাদনাই তাৰ দুভৰিক গতি দিয়ে। সি আগবাঢ়ি যায়। অতি চিনাকি সেই নাৰীৰ ওচৰলৈ সি খোজ লয়। আকাশখনে আপোন গোন্ধ এটা ছটিয়াই দিয়ে। দুপৰৰ ৰ’দত চুলি শুকুৱাবলৈ অহা জলকন্যাৰ দৰে ভৰিখন পানীত জুবুৰিয়াই থৈছে তাই। অদূৰত গাড়ীখন।

 পাগলী।

 পাগলী।

 এতিয়াও তাই আধা পাগলী। অফুল্যা ছোৱালীৰ দৰে তিৰবিৰ এহাল চকু। বৰ জীপাল চকুহাল..বৰ জীপাল। সেই জীপাল সাগৰত এই যেন ডুবি মৰিব সি। পাহৰি যায় সি, এয়া যে অনিয়ম। পাহৰি যায়, বিবাহিতা নাৰীৰ চকুৰ সাগৰত ডুবিব খোজাটো অনীতি। মনত পৰে মাথোঁ, এয়া যে বিশবছৰৰ বিৰতিত লগ পোৱা তাৰ পৰম আকাংক্ষিত প্ৰেয়সীজনী।

 ভাবত বিভোৰ অলংকৃতালৈ সি সন্মোহিত দৃষ্টিৰে চাই ৰয়। সমস্ত নীতি শিক্ষাবোৰ অথলে যায় তাৰ। তাইৰ কান্ধত হাত থয় সি, তাই চক খাই ঘূৰি চায় তালৈ।

 এই দণ্ড সময় তাইৰ সময়। এই দণ্ড সময় ধ্ৰুৱমৰ সময়। বতাহজাকো ওভতি গতি লয়। নৈৰ পানী ৰৈ যায়। শান্ত পৰিৱেশটোত দুয়ো দুয়োৰে বুকুৰ স্পন্দন শুনা পায়। মাত নোলায় তাইৰ। তাৰো কণ্ঠ ৰুদ্ধ হয়। মগজুত দুদল বিদ্যুৎ পৰিবাহী তৰৰ সংঘৰ্ষ। এটা দলে কয়, “এই কথা শুদ্ধ নহয়’। আনটোৱে কয় ‘এই কথা অসত্য নহয়’। কোনোবা মহাজাগতিক পৰিঘটনাৰ দৰেই এই সত্য বুঢ়ীদিহিং নৈৰ বালিত খোদিত ৰৈ ৰয়। আকাশে দৈৱবাণী

 “এই সময় তহঁতৰ সময়।”

++

(একত্ৰিশ)

 আকাশে দৈৱবাণী বিয়পায়, বতাহজাকে সুহুৰি মাৰি মাৰি পাৰ হৈ যায়, নৈখনৰ ৰূপোৱালী মাছকেইজনীয়ে উজান দিয়ে, অলংকৃতাই বহল বহল চকু দুটা মেলি ধ্ৰুৱমলৈ চাই থাকে। এয়া তাইৰ সন্মুখত সঁচাকৈয়ে ধ্ৰুৱম নে? নে এয়া ভ্ৰম? নে কোনোবা জলকোঁৱৰে পালে তাইক? নে পাহাৰৰ পৰা নামি অহা এয়া কোনো ছদ্মবেশী ৰাজকুমাৰ? কান্ধৰ পৰা হাতখন নমাই ধ্ৰুৱমে তাইৰ থুঁতৰিত ধৰে,

 “কি হ'ল কৃতা?”

 জলকোঁৱৰে কথা পাতিছে। পাহাৰৰ ৰাজকুমাৰে তাইক নাম ধৰি মাতিছে৷ এয়া সপোন। এয়া সপোন। আৱেশত চকু মুদি দিয়ে তাই। এই সপোন শেষ নহওক। সপোনতে হলেও ধ্ৰুৱম তাইৰ ওচৰলৈ আহক। এয়া যে কতদিনৰ প্ৰত্যাশা! কতদিন দুহাত মেলি তাইৰ কাতৰ প্ৰাৰ্থনা কৰিছে, এবাৰ লগ পোৱাৰ হেঁপাহেৰে কতটা নিৰাশাৰ ৰাতি তাই উজ্বলাই তুলিছে, সেই ধ্ৰুৱম আজি তাইৰ সন্মুখত।

 “কৃতা।”

 তাই চকু মেলি চায়। সপোনৰ ধ্ৰুৱমক দিঠকত দেখে। থুঁতৰিৰ পৰা হাতখন আনি নিজৰ হাতৰ মুঠিত লয়। উমাল। জলকোঁৱৰ নহয় বুলি তাই পতিয়ন যায়।