পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৰাহুলে চাই ৰয় তাইলৈ। মনৰ মাজত এটা কথাই খেলাই থাকে, ইমান ভাল লগা ব্যক্তিত্ব এই মানুহগৰাকীৰ। প্ৰথমবাৰৰ বাবে লগ পাইছে যদিও চকুযুৰিত ইমান আপোনত্ব। সুন্দৰতা হেনো মনৰ বহিঃপ্ৰকাশ। অতদিনে এই নাৰীৰ কথা শুনি শুনি তাৰ কাণ ঘোলা হৈ গৈছে। বিশালে মদ খাই মাতাল হ’লেই অলংকৃতাৰ কথা৷ উলিয়ায়৷ অলংকৃতাৰ সৌন্দৰ্য আৰু অলংকৃতাৰ ব্যক্তিত্বৰ কথা ৰাহুলে গম নোপোৱাকৈ থকা নাছিল। এতিয়া সেই অলংকৃতা তাৰ সন্মুখত। তাইৰ ওচৰত তাৰ একান্ত গোপন কথাবোৰো সি গোপন কৰি থ’ব পৰা নাই। সাংবাদিকতাৰ খাতিৰত সি গোপন কৰিব লাগিছিল দীপকৰ অৱস্থান। সি গোপন কৰিব পাৰিব লাগিছিল দীপকৰ স’তে তাৰ সঘন যোগাযোগৰ বিৱৰণ।

 সি ক’লে। বহুত কথাই ক’লে অলংকৃতাক। ক’বনলগীয়া কথাবোৰো ক’লে।

 “সিহঁতে অৰণ্যৰ মাজত বিশাল এলেকা এটা দখল কৰিছে, তাত বন্যপ্ৰাণী সংৰক্ষণৰ ব্যৱস্থা কৰিছে।”

 কি আচৰিত! এফালে হাতত বন্দুক তুলি নিজৰেই জ্ঞাতি কুটুম্বৰ শৰাধ পাতিছে, আনফালে বন্যপ্ৰাণী সংৰক্ষণত নামিছে। কথাবোৰ কিবা পাক লগা৷

 “দীপক মূলসুঁতিলৈ ঘূৰি আহিব। এই কামটো শেষ হ’লেই সি ঘূৰি আহিব। দলৰ মাজত চলি থকা চূড়ান্ত বিশৃংখলতাত সি হতাশ হৈছে। পল্টনবজাৰৰ বোমা বিস্ফোৰণৰ পৰাই সি এইবোৰ কামৰ পৰা আঁতৰি আছে। সেই বোমা বিস্ফোৰণটো এক বিসংগতিপূৰ্ণ পৰিকল্পনা। অথচ এই পৰিকল্পনাত কেইবাজনো নিৰীহলোক নিহত হৈছে। সেই লৈ সিহঁতৰ মাজত অন্তৰ্দ্বন্দ্ব চলিছে”, ৰাজীৱে কৈ গৈছে। অলংকৃতাই জানে, সিহঁতৰ শক্তি আগৰ দৰে নাই। ভাৰতীয় জাক জাক সেনাৰ আগত সিহঁতে তিষ্ঠিব নোৱাৰে। সিহঁতৰ জনবল কমিছে। হয়তো ধনবলো কমিছে। হয়তো মনোবলো কমিছে।

 “দুজনমান কনিষ্ঠ সদস্যৰ অবিবেকী কাণ্ড কাৰখানাত দলৰ প্ৰতি বিতুষ্ট হৈছে জনসাধাৰণ। দলত ফাঁট মেলিছে। মোহভংগ হৈছে। দলৰ নীতি আদৰ্শ বিলুপ্ত হৈছে”, সেয়া ৰাহুলৰ মত।

 দীপক ঘূৰি আহিলে তাই সঁচাকৈ সুখী হ’ব। দীপকৰ বৃদ্ধা মাকৰ মুখখনলৈ মনত পৰিল তাইৰ। কি যে আস্থাভৰা চাৱনিৰে বিদায় দিছিল তাইকঙ্গ

 “তেওঁলোকক লগ কৰিবলৈ হ’লে অত্যন্ত বিপদসংকুল পথেৰে তিনিমাহযোৰ৷ ভ্ৰমণ কৰিব লাগিব। মোৰ কথা হৈছিল চিফৰ লগত।৷ খুব গোপনীয়তাৰে আমি যাত্ৰা আৰম্ভ কৰিম। মাথোঁ বিশাল আৰু আপোনাক জনাইছোঁ, দীপকক কিবা ক’বলৈ থাকিলে মোক ক’ব পাৰে”, অতি গোপন কথাটোও সি তাইৰ ওচৰত গোপন কৰি নথ’লে।

 দীপকক ক’বলৈ বহুত কথা আছে তাইৰ। কিন্তু কথাবোৰে মুখ ফুটি ওলাই নাহে এই সময়ত। দীপকক লগ পালে ভাল আছিল। তাৰ লগত এবাৰ কথা পাতিব পৰা হ’লে ভাল আছিল। সুধিলেহেঁতেন ধ্ৰুৱমৰ কথা। সুধিলেহেঁতেন অলংকৃতাই, তাইৰ জীৱনত ধ্ৰুৱতৰাটোৰ দৰে স্থিৰ অৱস্থান লোৱা ধ্ৰুৱম নামৰ নক্ষত্ৰটো কোনখিনি কজলা ডাৱৰে ঢাকি থৈছে। দীপকে নিশ্চয়কৈ জানিব। সিহঁতৰ হাতত সকলোৰে তথ্য থাকে। উল্কি পৰ্যন্ত তথ্য আছে তাৰ হাতত।

 আকৌ উল্কি! উফ! এই নামটোৰ পৰ৷ তাই যিমানেই বিপৰীত দিশত দৌৰ দিছে, সিমানেই এই নামটোৱে তাইৰ পিছ নেৰিছে। এতিয়া দীপকৰ ওচৰত তাই উল্কিৰ কথাহে পাতিব নে? নাপাতে। নাপাতে। তাই ধ্ৰুৱমৰ কথাহে সুধিব তাক। এলপি স্কুলৰ কেঁকুৰিৰ কালভাৰ্টটোত থম-থমকৈ বহি ৰোৱা শৈশৱটোক ফুচুলাই মেলি উমলিবলৈ লাগে তাইৰ। বৰ গতানুগতিক হৈ পৰিছে জীৱন। যান্ত্ৰিক সম্পৰ্কৰে ভৰি পৰিছে পৃথিৱী। এই যান্ত্ৰিকতাৰ পৰা মুক্ত হ’বলৈ মন তাইৰ। শৈশৱৰ কথাবোৰে মুখখনলৈ মিচিকনি লৈ আনিছিল। নিষ্পাপ কেইটিমান শিশু। হাফপেন্ট পিন্ধা কেইটিমান শিশু। মন গ’লেই পুখুৰীটোত জাঁপ মাৰি সাঁতুৰি নাদুৰি সময় কটোৱা দুটিমান শিশু। নগ্ন ভৰিৰে দৌৰি দৌৰি সময়বোৰ থাপ মাৰি পেণ্টৰ খোঁচনিত ভৰাই লোৱা কেইটিমান শিশু। পেন্টৰ খোঁচনিত কঢ়িয়াই অনা সেই সময়খিনিয়ে পিছলৈ বুকুত ঠাই ল’লে। সেই সময়খিনিকে তাই কেতিয়াবা লুটিয়াই বগৰাই চায়, চাই লৈ টোপনিতে বিৰবিৰাই উঠে,

 “তোক মই ভাল পাওঁ, ভাল পাওঁ তোক মই।”

 বহুদিনৰ মূৰত তাইৰ ভাল টোপনি আহিছিল। ৰাতি এপৰত বিছনাত পৰিছিল কাৰণে শুই উঠাও দেৰি হৈছিল।