পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 “ধ্ৰুৱম ক’ত ধ্ৰুৱম?”, তাই অধৈৰ্য হৈ সুধি পেলায়।

 “ধ্ৰুৱম গ'লগৈ অ’৷ তাক খুব আৰ্জেন্টলি মাতি পঠিয়ালে”, দীপকে তাইৰ কাষে কাষে খোজ লয়।

 তাই আচৰিত হয়, “কোনে মাতি পঠিয়ালে ধ্ৰুৱমক? কিয় মাতি পঠিয়ালে ইমান জৰুৰীভাৱে?”

 “কাবুলত খুব ডাঙৰ দুৰ্ঘটনা এটা হৈছে৷ কোনোবা এখন হোটেলত তালিবানীয়ে বহুত মানুহক হত্যা কৰিছে। বহুত ভাৰতীয়ই তাত আশ্ৰয় লৈ আছিল। অসমৰো এহাল দম্পতি আছিল। ধ্ৰুৱমক খুব জৰুৰীভাৱে তালৈ যাবলৈ নিৰ্দেশ দিয়াত সি ৰাতিপুৱাই উৰা মাৰিলে”।

 নিজক বুজাব নোৱাৰে তাই, “সি মোক মাত লগাই যাব পাৰিলে হয়”।

 দীপক মনে মনে ৰয়৷ ধ্ৰুৱমে তাইক মাত নলগোৱাকৈ যোৱাৰ কাৰণ সি জানে৷ ধ্ৰুৱমে দি থৈ যোৱা চিঠিখন অলংকৃতাৰ হাতত তুলি দিয়ে। অলংকৃতাৰ মেঘালি চকুহাললৈ সি চাব নোৱাৰে, আস্ফালন কৰিবৰ মন যায় তাৰ, “তহঁতে যদি দুয়োটাই ভালেই পাইছিলি, এনেকৈ দূৰে দূৰে কিয় থাকিলি? যতসৱ তোৰেই ভুল অলংকৃতা, তই একোকে বুজি নাপালি।”

 চকুহালৰ পৰা মেঘৰ টোপাল এটা চিঠিখনত পৰে, থোকাথুকি হৈ পৰে তাইৰ কণ্ঠ, “তই ক’চোন দীপক, ধ্ৰুৱম মোৰ পৰা পলালে কিয়”?

 “নাই পলোৱা অ’ আঁকৰী। বৈদেশিক সেৱাত নিয়োজিত সি, আদেশ পালেই দৌৰিব লাগিব”।

 “আকৌ আহিবনে সি”?

 “এইটো মিছন শেষ নোহোৱালৈকে আহিব নোৱাৰিব”।

 কথাই প্ৰতি চকুৰ কোণ ভিজি উঠা মানুহজনীক সি বুজাব নোৱাৰিলে, দেশৰ কাৰণে, মানুহৰ কাৰণে প্ৰাণ দিব পাৰে ধ্ৰুৱমে। সি এতিয়া নিজৰ প্ৰাণটো বন্ধকত থৈ কাবুললৈ ৰাওনা হৈছে।

 আসঃ!!

 আহত তাই। বৰকৈ আহত। তাইতকৈ দেশ ডাঙৰ, সেই কথাটোৱেই পৰোক্ষভাৱে বুজাইছে সি। আৰু সেই সাধাৰণ সূত্ৰটোকেই তাই নুবুজিছে। তাই ধ্ৰুৱমৰ হয় কোন? কাকতলীয়ভাৱে লগ পালে মাথোঁ, তাইৰ বীণত বাংকাৰ তুলি সি পুনৰ গুচি গ’লগৈ। অভিমানত নাকৰ পাহি ফুলি আহে। মনত পৰে মাজনিশাৰ কথাবোৰলৈ, তাইৰ টোপনি অনাৰ কি প্ৰস্তুতি তাৰঙ্গ সৰু ল’ৰাক ফুচুলাই শুৱাই থৈ মাকজনী কামলৈ যোৱাৰ দৰে সেই ফুচুলনি। অশ্ৰুকণাৰ পোহৰত হাঁহি এটা বিৰিঙি উঠে, সৰু ছোৱালীজনীৰ দৰে আৱদাৰ কৰে,

 “ধ্ৰুৱমৰ লগত কথা পাতিবৰ মন গৈছে দীপক।”

 “এতিয়া নাপাবি তাক। তাৰ ফোন ফ্লাইট মুডত থাকিব”। সি নক’লে যে, হয়তো কোনোদিনেই ফোনত ধ্ৰুৱমক নাপাব। তাৰ অস্থায়ী ফোনটো দীপকৰ ওচৰত এৰি থৈ গৈছে। ধ্ৰুৱমলৈ ফোন কৰিলে অলংকৃতাই দীপকৰ মাত শুনিব, কেৱল দীপকৰ মাত।

 অলংকৃতাৰ মন-অৰণ্যত দিকহাৰা পখী এটিয়ে ধৰফৰ কৰে। পখিলাৰ দৰে উৰিবলৈ আহিছিল ইয়ালৈ। হামিং বাৰ্ডজনীৰ দৰে পিছলৈ উৰি উৰি বয়স কমাই পঁচিশবছৰীয়া হৈছিল এথোন! জঁপিয়াওতে ভৰিখন কোঙা হৈ পৰিল, লগতে মনটোও। আগৰবাৰৰ দৰে তাই দীপকৰ বুকু খামুচি সুধিব নোৱাৰিলে, ‘কেলেই পঠিয়ালি তাক’ বুলি। ইয়াতো অদৃশ্য শিকলিৰ বান্ধোন। তাই কান্দিব নোৱাৰে চিঞৰি চিঞৰি ধ্ৰুৱমে তাইলৈ দি থৈ যোৱা চিঠিখন দীপকৰ ওচৰত পঢ়িব নোৱাৰে। আৱেগবোৰ হৰহৰাই নিগৰে বুলি ভয় লাগে তাইৰ। সময়বোৰ আগৰ দৰে হৈ থকা নাই। দুৰ্বলতাবোৰ দেখুৱাবলৈ লাজ পায় তাই।

 তথাপি তাই এতিয়া নৈখনৰ পাৰত বহিব। অলপ পৰ নিজকে নিচুকাব। দৰকাৰ হ’লে চিঞৰি চিঞৰি কান্দিব। কিন্তু দীপকৰ ওচৰত সেয়া কৰিব নোৱাৰিব। কিবা এক সংকোচবোধে বাধা দিয়ে তাইক।

 “ঘূৰি যাওঁ ব’ল”, মৌনতা ভেদি দীপকে মাত লগায়।

 “তই যা। মই অলপ দেৰি থাকিম ইয়াতে”, নিৰ্বিকাৰ হৈ তাই নৈখনলৈ চাই ৰয়।

 নৈখনৰ ওচৰত সি তাইক এৰি যাবলৈ ভয় খায়। সি কিছুদূৰলৈ গৈ ৰৈ থাকে। তাই উচুপে। উচুপনিবোৰ কান্দোনলৈ পৰিৱৰ্তন হয়। কান্দোনৰ শব্দবোৰ অৰুণাচল পাহাৰত ঠেকা খাই দিহিঙৰ পানীত মিলি যায়। দীপকে