পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 ইংৰাজীত কোৰণ পঢ়িছিল তাই। কেৱল কোৰাণেই নে, বাইবেলো পঢ়িছিল তাই। পঢ়িছিল যীশুৰ বাণী। পঢ়ি শুনি বুজিছিল সকলো ধৰ্মৰ বাণী একেই। একেই মানৱপ্রেমৰ সাৰ সকলোতে।

 ধ্ৰুৱমে কৈছিল মানৱবাদৰ কথা। কৈছিল সি, ধৰ্মই জীৱন যাপন কৰিবলৈহে শিকায়। ধৰ্মই মৃত্যুক ধাৰণ কৰিবলৈ নিশিকায়। হিন্দু মানে এক ধৰ্ম নহয়। হিন্দু মানে এক ধাৰণা। পূৰ্বতে ই এক সামাজিক পৰিচয় ৰূপে আছিল। তেনেদৰেই ইছলাম মানে শান্তি। খ্ৰীষ্টান হ’ল ক্ষমাৰ প্রতীক। যীশুৱে তেওঁক ক্ৰুছত দিয়াসকলত ক্ষমা কৰি দিবলৈ কৈছিল।

 “তেওঁলোকে কি কৰিছে নিজেই নাজানে। হে প্রভু। তেওঁলোকক ক্ষমা কৰি দিয়া”, যীশুৰ মুখৰ বাণী আছিল সেয়া।

 বিশাল পৃথিৱীখনত একবাদ প্ৰতিষ্ঠা সম্ভৱ নহয়। কিন্তু ভিনবাদ মানে শত্ৰুতা নহয়।

 “মোৰ আইক ভালপাওঁ বুলিলে আনৰ আইক জানো ঘিণ কৰাটো বুজিব”, গানৰ মাজেৰে ভূপেনদাই বিশ্বপ্ৰেম বিনন্দীয়া কৰাৰ কথাকে কৈছিল।

 ধৰ্মৰ আতিগুৰি বিচাৰি ধ্ৰুৱমে লাইবেৰী চলাথ কৰিছিল। লগত অৱশ্যেই আছিল তাই। এদিন সি কিবা এখনত মগন আছিল। মাজতে মুখ টিপি খুব হাঁহিলে। হাঁহিৰ কোবত লাইব্ৰেৰীৰ পৰিৱেশ বিনষ্ট হোৱাৰ শংকাত তাইক হাতত ধৰি লাইব্ৰেৰীৰ পৰা উলিয়াই আনিছিল। দীঘল দীঘল খোজৰ ধ্ৰুৱমে তাইক চেৰাই সদায়েই আগুৱাই যায়, কিছুদূৰ আগুৱাই গৈ সি পুনৰ উভতি চায়। এহাতেৰে কিতাপখিনি সাৱটি তাৰ লগ লাগিবলৈ তাই দৌৰি দৌৰি খোজবোৰ কাঢ়ে। তাৰ কান্ধত মিলাবলৈ বুলি পিন্ধা হিলযোৰেৰে আগবাঢ়িব নোৱাৰি তাই বাৰে বাৰে উজুটি খায়। ওখ হবলৈ বৰ মন যায় তাইৰ। মডেলবোৰৰ নিচিনাকৈ ছফুট পাঁচ ইঞ্চি ওখ হৈ আকাশ চোৱাৰ সপোন দেখে। ওহোঁ। এতিয়া আৰু সিমান ওখ হোৱাৰ আশা নাই। ওঠৰ বছৰৰ পাছত হেনো উচ্চতা নাবাঢ়ে টিপচি বুলি ককায়েকে তাইক টিপ্পনি মাৰে। ধ্ৰুৱমে হিলযোৰৰ কথা কৈ দিনটোত এবাৰ গালি নপৰাকৈ নাথাকে। সিদিনাও সি বকলা মেলিলে, “তোৰ নিজৰ ওপৰতে কনফিডেন্স নাই। ইমান ডাঙৰ ইটা এচপৰা গোৰোহাত লৈ থকাৰ প্রয়োজন কি?”

 তাই ততাতৈয়াকৈ কথা লুটিয়ায়, “বাদ দেন৷ এইবোৰ। কি পঢ়ি ইমানকৈ হাঁহিলি সেইটো কচোন।” ডিপাৰ্টমেন্টৰ চিৰিটোতে দুয়োটা বহি পৰে।

 “আচৰিত লাগে জাননে? ট্ৰবীৱাণ্ড দ্বীপবাসীক লৈ মেলিন'বস্কিৱে কৰা গৱেষণাত ধৰা পৰিছে কেতবোৰ আচৰিত তথ্য। আনহে নালাগে ল’ৰা-ছোৱালীৰ পিতৃ থকা কথাটোকে তেওঁলোকে নাজানে।”

 “তাৰমানে?” তাই বুজি নাপাই তালৈ চাই ৰয়।

 “শুনি যা। মেলিনৱস্কীয়ে অধ্যয়ন কৰি পাইছে যে ট্ৰৱীৱাণ্ড দ্বীপপুঞ্জৰ এজন মানুহ এবছৰতকৈ বেছি কাল বাহিৰত থকাৰ পাছত ঘূৰি আহি যেতিয়া পত্নীৰ কোলাত এটি নৱজাত শিশু দেখা পায়, তেতিয়া তেওঁলোকে আপত্তি নকৰে, বৰঞ্চ আনন্দিত হয়, আন অঞ্চলৰ লোকে যদি তেওঁৰ পত্নীৰ চৰিত্ৰলৈ আঙুলি টোঁৱায়, তেতিয়াও তেওঁ একো বুজিয়ে নাপায়। সন্তান সৃষ্টিত পিতৃৰ ভূমিকাৰ ধাৰণাটোকে তেওঁলোকৰ নাই।”

 “যাঃ মিছা কথা”, খিলখিলকৈ হাঁহি উঠে। সিও হাঁহি উঠে।

 খিলখিলনিবোৰে টো তুলি তুলি পুখুৰীৰ পানীখিনিত বুৰবুৰণি তোলে ৷ খিলখিলনিবোৰে আকাশত বিজুলী কঢ়িয়ায়। এজাক বৰষুণ বৰষুণ অনুভৱে তাইক তিয়াই যায়। কি যে কিতাপবোৰ পঢ়িছে ই, বৰমাকক ক’ব লাগিব, তাই লাজ লাজকৈ ভাবে।

 ক্ৰেছছছ......

 বিশালে জোৰেৰে ব্ৰেক মাৰি গাড়ীখন ৰখাই দিয়ে । আগেৰে বাইকত ল’ৰা এজন তীব্ৰ গতিত পাৰ হৈ যায়। বিশালে ‘আই’মুখী যাত্ৰা আৰম্ভ কৰিছে। একেটাই যাত্ৰা অলংকৃতাৰ ঘৰ অভিমুখে। ব্ৰেকৰ ঘৰ্ষণত এই ঘৰমুখী যাত্রা কিছু মন্থৰ হৈ পৰে। ব্রেকৰ শব্দত অলংকৃতাৰ চিন্তাত যতি পৰে। বাইকখন ক’ৰবাত নেদেখা হৈ যায়। কিঞ্চিত খং উঠে তাইৰ। ক’ত ধ্ৰুৱমৰ গহীন দীঘল খোজ, ক’ত এই পিলিঙা ডেকাৰ তীব্ৰবেগী বাহন? গতিত যে জীৱন ৰৈ যাব পাৰে, এই কথাটোকে এচাম চেমনীয়াই নুবুজে। আয়েকৰ বুকু শুদা কৰি গতি ৰৈ যোৱা