পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 “কিন্তু তই এই খেল কিয় খেলিলি ধ্ৰুৱম? মই জীয়াই থকা অৱস্থাতে মোক কিয় মৃতদেহ সাজিলি?”, কাতৰ কণ্ঠেৰে দীপকে কৈ উঠে। একে সময়তে তাক তিনিখন মুখে আমনি কৰে। এখন মাকৰ, এখন হৰিণীনয়নাৰ আৰু আনখন অলংকৃতাৰ।

 “তোৰ নিৰাপত্তাৰ কাৰণে সেয়া কৰাৰ দৰকাৰ আছিল দীপক॥ তোক সিহঁতে মাৰিব বিচাৰিছিল। তোৰ মৃত্যুৰ খবৰত সিহঁতে স্বস্তিৰ নিশ্বাস এৰিছে।”

 “মোক মাৰিব বিচাৰিছিল? কিন্তু কিয়? মই কি কৰিলোঁ?”

 “নাজানো তই কি কৰিলি? কিন্তু মই সিহঁতৰ কণ্ঠ শুনিছিলোঁ কালি ৰাতি তোৰ শেষ ৰাতি আছিল, সেয়া বুজি উঠিছিলোঁ।”

 মনে মনে ৰয় দীপক। নতুনকৈ সিহঁতৰ শিবিৰলৈ অহা সদস্যজন, যি অনবৰতে দীপকৰ পিছে পিছে ঘূৰি ফুৰে, তাৰ চকুত পৰিছিল সেই বিশেষ ডায়েৰীখন, যিখনত সন্দেহ কৰিব লগা একো নাথাকিলেও ধ্ৰুৱম নামটোৱে সিহঁতৰ টোপনি হৰিছিল। কাৰণ ধ্ৰুৱম আছিল সিহঁতৰ সংগঠনৰ মূৰৰ কামোৰণি। সেই ধ্ৰুৱমৰে আশ্ৰয়ত আছে দীপক। সেই ধ্ৰুৱমেই জীৱন দিছে দীপকক। আৰু পৃথিৱীক আভুৱা ভৰি লুকুৱাই ৰাখিছে তাক মৃত্যুৰ স’তে চুক্তি কৰিবলৈ দিছে তাক।

 নাই। নাই। এই পন্থা শুদ্ধ নহয় সি। সি এদিনৰ বাবেও মৰি যাব নোৱাৰে তাৰ মাকৰ হৃদস্পন্দনটো লগত লৈ ফুৰিছে সি। ধ্ৰুৱমে তাৰ হৃদয়ৰ উমান পাই উঠে,

 “চা দেই বন্ধু। পৃথিৱীত কৰিব পৰা বহুত ভাল কামেই আছে। ভাল কামবোৰ সন্মুখৰ পৰা কৰিবি। এনেকৈ পলাই মেলি নহয়। মহাত্মাৰ দেশৰ মানুহ তই। অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ হ’লেও সন্মুখৰ পৰা কৰিবি। এটাই মাথোঁ জীৱন। সেই জীৱনটোকে বন্ধকত থৈ তহঁতে কিহৰ নিচাত এই পথ বাচি লৈছ ক’চোন। বিপ্লবী বুলি নক'বি। বিপ্লৱৰ বহুত সংজ্ঞা আছে। মই সেই সংজ্ঞাতহে বিশ্বাসী, যি সংজ্ঞাই সমাজখনৰ উত্তৰণত সহায় কৰে। তহঁতৰ বিপ্লৱে সেই উত্তৰণত সহায় কৰা নাই। চাকৰিয়ালৰ দুৰ্নীতি কমা নাই, হত্যা-ধৰ্ষণবোৰ নিয়মিত খবৰ হৈ পৰিছে, খেতিয়কে কঁকালত গামোচা বান্ধিও এসাজ খাবলৈ পোৱা নাই, শিক্ষকে দৰমহা নাপাই আত্মহত্যা কৰিয়েই আছে, নিবনুৱাহঁতক ৰাস্তা দেখুৱাবলৈ এজন দিকদ্ৰষ্টা নাই, কি বিপ্লৱ কৰিছ তহঁতে দীপক? দেশপ্ৰেমৰ অৰ্থ এয়েনে?”, কিছু উষ্মাৰে ধ্ৰুৱমে পুনৰ কৈ যায়, “আজিৰ মৃত্যুৱে তোক নতুন জীৱন দিব দীপক। দুদিনমান জিৰণি ল। নতুন জীৱন এটা দেখুওৱাৰ দায়িত্ব মোৰ।”

 কৈ কৈ ধ্ৰুৱমে বেতাঁৰ সংযোগ কৰি দেশৰ খবৰ লয়। দীপকৰ মৃত্যুৱে তোলপাৰ লগাইছে সংগঠনৰ লগতে বাহিৰৰ পৃথিৱীখনকো। সংগঠনৰ চিফ্‌ উল্লসিত হৈছে৷ দীপকৰ ওপৰত কাঢ়া নজৰ আছিল তেওঁলোকৰ। দীপকৰ সৈতে চোৰাংচোৱাৰ সম্পৰ্ক আছিল, বিপ্লৱী এজনৰ বাবে ইয়াততৈ ডাঙৰ অপৰাধ কি হ'ব পাৰে?

 অৱশ শৰীৰেৰে দীপক খাটখনতে পৰি ৰয়। মাকজনী চাগৈ বাউলী হৈছে। অন্তৰাত্মাই তাক ভ্ৰূকুটি কৰে, “মাকজনীৰ কাৰণে চিন্তাকণ দেখোন সিদিনাই এৰি থৈ আহিলি”।

 হাতৰ আঙুলিত দিন গণে দীপকে। আজি তাৰ তিলনি।

 হাতৰ আঙুলিত নেওতা কৰে ধ্ৰুৱমেও। নেওতাৰ গণনাখিনি শুদ্ধ। কিন্তু এই শুদ্ধতাৰ ভাগ দিবলৈ কোনোৱেই নাই তাৰ। আইতাকজনীয়ে বুজি নাপায় কথাবোৰ। তাৰ ছফুটীয়া শৰীৰটোৰ মুখখনকে ঢুকি নাপায় আইতাকে। হালি পৰা দেহাটোৰে আকাশলৈ মূৰ তুলি চাব নোৱাৰি। সেই আকাশত থকা পুত্ৰ-বোৱাৰীয়েকক সেই বৃদ্ধাই মূৰ তুলি চাব নোৱাৰে। সেই আকাশ ধিয়াই গৈ থকা নাতিয়েকৰ মুখখন মনিব নোৱাৰে তেওঁ৷

 আইতাকলৈ মনত পৰে ধ্ৰুৱমৰ।

 দীপকৰ মনত পৰে মাকলৈ।

 অলংকৃতাজনীয়ে শোৱনি কোঠাত নীৰৱে উচুপে।

 পৃথিৱীৰ খবৰ নৰখা হৰিনীনয়নাজনীয়ে গান্ধবিৰিণাৰ পাতেৰে চাহ সিজায়।

 উল্কিক কোনেও মনত নেপেলায়। তাই হেনো পাপী জীৱ। সৰু কথাতে হেৰাই যায়।

++