পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আছিল দীপকক ঘূৰাই আনিম বুলি। এই খবৰটো মাকে হজম কৰিব পাৰিবনে?

 উফ! তাই চম্ভালিব পৰা নাই নিজকে। গাড়ীত বহি তাই বিশাললৈ ফোন কৰে। একমাত্ৰ বিশালে অনুভৱ কৰিব এই দুখ। বিশালৰ জীৱনত যে দীপকৰ অৱদানো কম নাছিল।

 নাই। বিশালে ফোন নধৰে। ৰিং বাজি বাজি শেষ হৈ যায়, অলংকৃতাৰ দুখৰ ভাগ ল’বলৈ সিফালৰ পৰা বিশালৰ কণ্ঠ ভাঁহি নাহে।

 অব্যক্ত বেদনাত ডুব গ’ল বেলিটোও। আকাশখনে টোপালবোৰ ছটিয়াই দিলে। গাড়ীৰ খোলা খিৰিকীৰে লাহেকৈ হাত মেলি দিলে তাই। হাতৰ মুঠিত উঠি আহিল বিষাদৰ বীজ। কেচেমা-কেচেম গোন্ধৰে বুকুৰ মৰলঘৰত যেন মৃতদেহৰ তেজবোৰ সিঁচৰতি হৈ পৰিছে। বিষালি খবৰবোৰেৰে ভৰি উঠিছে সময়।

++

(আঠাইশ)

 “মই ক’ত আছোঁ?” সেহাই সেহাই অস্ফুট স্বৰেৰে মাত লগায় দীপকে। কোনোমতেই চকু দুটা মেলিব পৰা নাই সি। খুব বেয়া সপোন এটা দেখিছিল সি। সি যেন ক্ৰমাৎ সৰি পৰিছে সুউচ্চ শৃংগৰ পৰা গভীৰ জলধাৰাৰ বুকুলৈ আৰু প্ৰচণ্ড শিলাখণ্ডত খুন্দা খাই তাৰ শৰীৰ তেজেৰে তুমুৰলি হৈ পৰিছে। হঠাত সাৰ পাই জপিয়াই উঠিব খুজিও সি পৰি ৰ’ল। তাৰ গোটেই শৰীৰ বিষত আক্ৰান্ত৷

 ‘সাৰ পালি?” আন্ধাৰ ৰূমটোলৈ ওখ ছায়ামূৰ্তি এটা সোমাই আহে। খোলা দুৱাৰখনেৰে পোহৰ এছাটি লৈ অৱয়বটো সোমাই আহে। আন্ধাৰত পৰি থকা দীপকৰ চকুহালে সেই পোহৰছাটি সহিব নোৱাৰে, মনিব নোৱাৰে সেই অৱয়বটোও। চকুহাল মুদি দিয়ে সি।

 সেই যে সাগৰৰ বুকুলৈ তাৰ দেহাটো নামি গৈ আছিল আৰু শতৰু গঙাচিলনীয়ে কেঁচা তেজৰ গোন্ধ পাই তাৰ চৌপাশে উৰি ফুৰিছিল, তেতিয়াই মাকক দেখিছিল সি। দেখিছিল মাকে তাক আস্থাৰ হাত দুখনেৰে তুলি ধৰিছে।

 “মা, মা”, সি বিৰবিৰাই উঠে।

 ধ্ৰুৱম আহি তাৰ কাষত বহি কপালত হাত দি উত্তাপৰ মাপ লয়। প্ৰচণ্ড গৰম হৈ আছে কপালখন। মৃত্যুৰ মুখৰ পৰা বাচি আহিছে দীপক। তথাপি তাৰ একো মনত নপৰে। ধ্ৰুৱমক দেখি আচৰিত হৈ তাৰ মুখলৈ চাই ৰয়। ধ্ৰুৱমে লাহে লাহে কৈ যায়,

 “বন্ধু। অসমবাসীৰ বাবে তই এতিয়া এটা মৃতদেহ!”

 দীপক চক খাই উঠিছে। কথাটোৰ তলানলা ধৰিব নোৱাৰি সুধি পেলায়,

 “তই কি ক’ব বিচাৰিছ বন্ধু? মই আছোঁ ক’ত এতিয়া? তইনো মোৰ ওচৰ কেনেকৈ পালিহি?”, একেৰাহে কেবাটাও প্ৰশ্ন সুধি সি ভাগৰি পৰে।

 তেতিয়াহে ভৰিৰ ফালে চকু যায় তাৰ। ভৰিখন বান্ধি থোৱা বেণ্ডেজৰ ওপৰত তেজৰ দাগ।

 “কেনেকৈ? কেনেকৈ এয়া হ’ল?”, নাই, একো মনত নপৰে তাৰ।

“দীপক। আমি খুব সাৱধান হৈ চলিব লাগিব। সংগঠনৰ চকুত তোৰ মৃত্যু হৈছে, অসমৰ ৰাইজৰ চকুত তোৰ মৃত্যু হৈছে, সংবাদ মাধ্যমৰ চকুত তোৰ মৃত্যু ঘটিছে। তোৰ মৃতদেহৰ ফটোবোৰ প্ৰিন্ট মিডিয়াৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰনিক মেডিয়ালৈকে ঘূৰি ফুৰিছে। তোৰ মৃত্যুৰ খবৰেৰে টিভি উত্তাল হৈছে।”

 “কি কৈছ ধ্ৰুৱম তই? কি কৈছ তই? টিভিয়ে উত্তাল কৰা এই খবৰটোত মোৰ আইজনীৰ কি হ’ব ভাবি চাইছনে?”

 “আইজনীৰ কি হ’ব?”, তভক মাৰি ৰয় ধ্ৰুৱম। এই চিন্তা ধ্ৰুৱমৰ মনলৈ কিয় নাহিল। কেনেকৈ আহিব? তাৰ খবৰৰ বাবে কোনেও পদূলিমুখলৈ বাট চাই নাথাকে। মাতৃহীন সি। দীপকতকৈ হাজাৰ গুণে দুৰ্ভগীয়া সি। সেই মাতৃয়েও হয়তো দীপকৰ মৃত্যুৰ মিছা বাতৰিটো পাই গৈছে৷ তেওঁ হয়তো হিয়া ঢাকুৰি কান্দিছে। বুকুখন মোচৰ খাই উঠে তাৰ।