সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তাই প্ৰস্তুত হৈ উঠা নাই স্বামীক ত্যাগ কৰিবলৈ। নাৰী আৰু পুৰুষৰ এয়া কি অহমিকাবোধঙ্গ পুৰ্ষে নিজৰ নাৰীগৰাকীক যিমানেই আতোলতোলকৈ নাৰাখক কিয়, সামান্য দোষত সিহঁত প্ৰতিশোধপৰায়ণ হৈ উঠে। তাৰ বিপৰীতে নাৰীগৰাকীয়ে পুৰুষৰ দোষবোৰৰ স'তে মোকাবিলা কৰে। এটা কথা তাই বুজি নাপায়, তাই আৰ্থিকভাৱে সক্ষম, মানসিকভাৱেও তাই নিঃসংগ নহয়, কিছুমান ক্ষেত্ৰত শৰীৰৰ প্ৰয়োজনো গৌণ, অথচ তাই আল্ট্ৰাছৰ জীৱনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই কিয়।

 জানেনে বাইদেউ, সিহঁত দুয়োটা একেলগে হোটেলত আছিল?’’

  “নাই”, এক বিকট চিঞৰত যেন জোনটো থপৰাই সৰি পৰিল। জোনটোৰ স’তে যেন ফোনটোও হাতৰ পৰা ছাদৰ ওপৰত পৰি গ’ল। বুকুৰ ভিতৰত এজাকমান বৰলে বিন্ধিবলৈ ধৰিলে। সংজ্ঞাহীন হৈ পৰাৰ আশংকাত তাই তললৈ নামি আহিল। মিছা মিছা। এই কথা মিছা। সিহঁতে একেখন হোটেলত থকা নাই। থাকিলেও বেড শ্বেয়াৰ কৰা নাই। তেওঁৰ কাষত কেৱল তাই, তাই মানে অলংকৃতা, অলংকৃতা আৰু আল্ট্ৰাছ, আল্ট্ৰাছ আৰু অলংকৃতা। এয়াহে সত্য। বাকীবোৰ অপবাদ। তাইৰ অন্তৰাত্মাই কয় সেই কথা।

 কাচৰ ফ্ৰেমেৰে বন্ধা সিহঁতৰ যুগ্ম ফটোখনৰ ওচৰত ৰৈ তাই প্ৰশ্ন তোলে আলট্ৰাচক, “কৈ দিয়া আল্ট্ৰাছ, মোৰ ল’ৰাৰ শপত, সঁচা কথা কোৱা। কৈ দিয়া পৃথিৱীয়ে কোৱা কথাবোৰ মিছা বুলি”।

 আল্ট্ৰাছ মৌন হৈ ৰয়। তাইৰ খং চৰে। কঞ্জনীলে কোৱা কথাবোৰ সঁচা নেকি? কিয় মনে মনে ৰয় তাইৰ স্বামী?

 “আল্ট্ৰাছ। আল্ট্ৰাছ। মোৰ চকুলৈ মূৰ তুলি চোৱা। কোৱা এবাৰ। সেই নাৰীৰ ওচৰত মোক সৰু কৰা নাই বুলি এবাৰলে’ কোৱা আল্ট্ৰাছ।”

 কাচৰ ফ্ৰেমৰ ভিতৰৰ আল্ট্ৰাছ মনে মনে ৰয়। তাইৰ ধৈৰ্যৰ বান্ধ খোল খাই যায়। তাই নাজানে পুত্ৰদ্বয় ক'ত আছে। পাহৰি যায় বনকৰা মানুহগৰাকীৰ উপস্থিতিও। বিকট চিঞৰ মাৰি ফটোৰ ফ্ৰেমটো দাঙি মজিয়ালৈ দলি মাৰি দিয়ে। চনচনকৈ ভাগি যোৱা কাঁচৰ শব্দত দুইপুত্ৰ দৌৰি আহে। সৰুটিয়ে গোল গোল চকুহাল ডাঙৰ কৰি ভয়াৰ্ত দৃষ্টিৰে ককায়েকক প্ৰশ্ন কৰে,

 “মা ভূত বনি গ’ল নেকি দাদা?”

 তাইৰ সম্বিত ঘূৰি আহে। এয়া কি কৰিছে তাই? কিয় এনেখন কৰিছে তাই? আসঃঙ্গ অন্তৰ ভেদি উদ্‌গীৰণ হোৱা আগ্নেয়গিৰিয়ে ছাৰখাৰ কৰি পেলাব নেকি তাইৰ সৌম্য প্ৰতিমূৰ্তি? পুত্ৰৰ ওচৰত কি জবাব দিব তাই এই আচৰণৰ? দুই পুত্ৰক দুহাতেৰে আঁকোৱালি লয় তাই। কাচৰ টুকুৰাবোৰ তাতে এৰি তাই শোৱনি কোঠাত পৰি ৰয়।

 চিলমিলকৈ অহা টোপনিতে তাই বিৰবিৰাই যায়,

 “মোৰ বিপন্ন লগনৰ সাক্ষী বৈ ৰোৱা জোনাকী টঙীঘৰ, খহটা শিলৰ উজুটিৰ পৰা তুলি ধৰচোন মোক। তুলি ধৰচোন মোক দুপাখি মেলি, তোৰ মেঘৰ ডেউকাৰে মোৰ আলসুৱা কলিজা সাৱটি তুলি ধৰচোন এবাৰলৈ। মনত আছেনে তোৰ, তোক যে মই কথা দিছিলোঁ, বিষাদৰ মৰল ঘৰত তলা লগাম মই। শুনচোন। মোৰ হেনো কথাত ছন্দ নাই। সেয়ে কথাবোৰ কবিতা নহ’ল। মোৰ হেনো গানতো ছন্দ নাই। সেয়ে গানবোৰো সুৰ নহ’ল। কি কৰোঁ ক’? মোৰ প্ৰেমত সামস্তবাদী পুৰাতন খামোচ। যুগৰ লগত তাল মিলাব নোৱাৰি দ-খাৱৈত ককবকাই ৰোৱা মোৰ বিষাদ।

 চিন্তা নকৰিবি পিছে। মই ভাগি নপৰোঁ। একোকে লৈ আক্ষেপো নকৰোঁ। অলপ পৰৰ মাথোঁ মৌনতা, জীৱনৰ কিম্বা হিচাপ-নিকাচৰ।”

++

(পাঁচ)

 “অলংকৃতা”, আৱেগিক কঠেৰে তেওঁ মাত লগায়।

 “ওমম”, শুন-নুশুন মাতেৰে সঁহাৰি দিয়ে তাই।

 “কিবা কোৱা”, তেওঁৰ গভীৰ কণ্ঠই ৰজনজনাই যায় তাইৰ মনৰ চোতাল। তেওঁৰ দুচকুৰ পোহৰত মুহৰ্ততে