পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আতোলতোলকৈ ডাঙৰ কৰা নিজৰ সন্তান দুটিলৈ মনত পৰে। কোনে জানে, কাইলৈ কি আছে? দীপককো একেদৰেই ডাঙৰ কৰিছিল মাকে। তাইৰ আলফুলীয়া সন্তান দুটিও এদিন ডাঙৰ হ’ব। লাহে লাহে তাইৰ কোলাৰ পৰা নামি গৈ সিহঁতে নিজৰ ৰাস্তা ল’ব। আৰু তাই নজনাকৈ আৰম্ভ কৰিব কঠোৰ সংগ্ৰাম। মাতৃ হৈ তাই ফুটকে নাপাব। কি অসহনীয়! প্ৰিয়জনৰ পৰা কথা৷ লুকুওৱাৰ কি প্ৰস্তুতি! গজং চেহেৰাৰ দীপকক দেখি সেই কোমল চেহেৰাৰ দীপকলৈ মনত পৰি গৈছে। মনত পৰিছে তাইৰ ধ্ৰুৱমলৈকো। “সিও চাগৈ এনেকুৱাই বৰ এটা হৈছে। আই এফ এছ অফিচাৰ মানেই মনলৈ আহে সুঠাম সবল ওখকৈ এটা চেহেৰা। সিও যদি সুখৰ এই সময়ত উপস্থিত থাকিলহেঁতেন”, মনতে ভাবে তাই।

 ধ্ৰুৱমো যে ইয়াত আছে, সেই কথা তাই নাজানে। তাই আহিব বুলি দীপকক লৈ ধ্ৰুৱমে গোপনে এই অঞ্চল পাইছেহি। কেমেৰাটো লৈ পাহাৰৰ দাঁতিত বহি থাকে সি। বুকুত তাৰো সমুদ্ৰৰ জোৱাৰ। অলংকৃতাই দীপকক মাকৰ সৈতে এৰি বাহিৰলৈ ওলাই আহে, দুপৰৰ ৰ’দালিৰ সৈতে ওমলাৰ মন তাইৰ। দীপকে পিছফালৰ পৰা চিঞৰিলে, “সোনকালে আহিবি অলংকৃতা। তোৰ কাৰণেও চাৰপ্ৰাইজ আছে।”

 চাৰপ্ৰাইজ! হৰিণীনয়নাই চাহৰ কাপবোৰ ট্ৰেখনত তুলি তুলি মিচিকিয়াই হাঁহে৷ দীপকে ক’ব খোজা চাৰপ্ৰাইজটো এইজনীয়েনে? হয় হয়। ঠিক ধৰিছে তাই। হৰিণীৰ দৰে নিৰীহ চকুহালে কোনো কাৰণ নোহোৱাকৈয়ে হাঁহে, হাঁহিলেই তাইৰ মুখখনত মৰম বিয়পি পৰে। আঁৰ চকুৰে চাই পঠিয়ায় দীপকলৈ, দীপকৰ চকুতো মৰম উজলে। এয়াই তাইৰ বাবে চাৰপ্ৰাইজ হয়তো।

 “সুখী হ’ অ’। তহঁতৰ সুখতে ময়ো সুখী”, নেদেখাজনলৈ দীপকৰ হৈ প্ৰাৰ্থণা কৰে। তাৰ পাছত সৰু ছোৱালীজনী হৈ পৰে তাই। বনফৰিঙৰ দৰে ডেও দি দি ওলাই আহে বাহিৰলৈ গাড়ীখন ষ্টাৰ্ট দিয়ে। এতিয়া তাইৰ সময়। সকলো দায়িত্বৰ শেষত নিজলৈ বুলি যিকণ সময়, সেই সময়কণতে উজাৰি দিয়ে নিজক। অকলে টহলিব তাই। খামতি ছোৱালীজাকৰ দৰে টিলাই টিলাই উলাহতে ঘূৰি ফুৰিব তাই। টিৰাপ নদীৰ কাষত বিলাপ জুৰিব। কলিজাখন খুলি শুকাবলৈ দিব। ভিজা ভিজা কলিজাখন বৰকৈ সেমেকিছে। সেই সেমেকা কলিজাক উম দিব। দীপকে কৈছে, “সোনকালে আহিবি। তোৰ কাৰণে চাৰপ্ৰাইজ আছে”। সেই খামতি ছোৱালীজনীয়ে তাইৰ বাবে কৌপাতত টোপোলা ভাত ৰান্ধিব। তায়ো অলংকৃতাক সোনকালে আহিবলৈ কৈ পঠিয়াইছে।

 জীৱনটোত য’লৈকে গৈছে, অফুৰন্ত মৰম পাইছে তাই। মৰমৰ যোগ্যা তাই। তথাপি কিবা এটা নাই নাই। সেই ‘নাই’ৰ সন্ধানতে তাইৰ অনন্ত যাত্ৰা। আল্ট্ৰাছলৈ পুতৌ জন্মে তাইৰ। তেওঁ যিমানেই অপ্ৰাপ্তিবোৰৰ সংখ্যা বঢ়াইছে, সিমানেই তাইৰ প্ৰাপ্তিৰ ভঁৰালো পূৰ হৈছে। কোনো নিৰ্জন দ্বীপত অকলে থকাৰ হাবিয়াস এই নৈৰ শিলনিখনে পূৰ কৰিছে। শীতল বতাহৰ আলোৱানখনে তাইৰ কলিজাৰ দহন শাঁত পেলাইছে। বতাহজাকে চিনাকী গোন্ধ কঢ়িয়াইছে। আপোন মানুহবোৰে তাইৰ খবৰ লৈ লৈ ভাগৰি পৰিছে। খং উঠিছে বিশালৰ। দুদিন আগলৈকে কথা পাতি থকা মানুহজনীৰ আচম্বিত নিৰুদ্দেশত সি ছটফটাই মৰে ছটফটাই মৰে আল্ট্ৰাছ যাওঁ বুলিয়েই গুচি যোৱা মানুহজনীৰ লগত ফোনতো কথা পাতিবলৈ নোপোৱাত তেওঁ ইচাট বিচাট কৰি মৰে। হেৰাই যাব নেকি তেওঁ? এনেকৈয়ে কাকো উমান নিদিয়াকৈ তেওঁৰ জীৱনৰ পৰা হেৰাই যাব নেকি অলংকৃতা?

 “হেৰাই যামতো। হেৰুওৱাৰ নিমিত্তেই অত আয়োজন মোৰ। এই হেৰাই যোৱাৰ নিচা তুমি কি বুজিবা আল্ট্ৰাছ তোমাৰ নৈশ পাৰ্টিৰ মদিৰাতকৈ হাজাৰগুণে বেছি চোক এই নিচাৰ”। মনৰ মাজত তাইৰ অহৰ্নিশে বাৰ্তালাপ চলে। এই বাৰ্তনাপৰ উমান নাপায় আল্ট্ৰাছে। এই বাৰ্তালাপৰ চুম্বকীয় তৰংগই কঁপায় ধ্ৰুৱমক। সেই কম্পনাংকবোৰৰ উচ্চতা শূন্যলৈ আনিবলৈকে সি বুঢ়ীদিহিং নৈৰ গৰাত বহি বুকু খুলি এটা এটাকৈ তৰংগ নৈ লৈ বুলি এৰি দিয়ে। আৱেগৰ ঢৌবোৰ নৰয়। নদীৰ সোঁতত সেয়া বৈ যায়। বুঢ়ীদিহিঙৰ পানীত ৰূপালী ফিছাৰ মাছ এজনীয়ে গা পখলিয়াই থাকোঁতেই বগলা এটাই থপিয়াই লৈ মাছটো গিলি থয়। আৰু ধ্ৰুৱমে কেমেৰাটোৰে সেই দৃশ্যটো বন্দী কৰিবলৈ চেষ্টা চলায়। ৰূপালী ফিচাৰ মাছজনী তাৰ বাবে অলংকৃতা হৈ পৰে। বগলাটো ভুৰুংকৈ উৰি যায়। মাছজনী বাদেই, কেমেৰাই বগলাটোকে৷ ধৰি ৰাখিব নোৱাৰে। কেইটামান লহমাৰ বিসংগতি মাথোঁ।

 একোকে ধৰি ৰাখিব নোৱাৰে সি। সেয়ে সি পলাই ফুৰে নিজৰ পৰা। অলংকৃতাক হেৰুৱাৰ ভয় নে অলংকৃতাৰ ওচৰত ধৰা পৰাৰ ভয়, সেই কথা নুবুজি সি অসহজবোধত ভোগে। তাতকৈ সেই মৰুৰ মাজৰ ঠিকনা