পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দাঙি তাইলৈ অভিবাদন জনায়।

 আসঃ কি এই অনুভৱঙ্গ গোটেই ৰাতি বিশাল ইয়াতে বহি থাকিল নেকি? এই বৰযুণেৰে সেমেকা ৰাতিটো নিহালিৰ উম ল’বলৈ অকণোৱেই মন নগ’লনে তাৰ? সিতো এইখন হোটেলতে ৰূম এটাও লৈ ল’ব পাৰিলেহেঁতেন।

 “আপুনি এই ৰাতিপুৱাখন ইয়াত যে! ৰাতি ঘূৰি নগ’ল?”, তালৈ চাই চাই ফোনতে কৈ থাকে তাই।

 “কেনেকৈ ঘূৰি যাওঁ কওক। বাট দেখুৱাই নিবলৈ আপুনি যে নাছিল।”

 ঈষৎ খং উঠে তাইৰ। ক’বলৈ মন যায় বিশালক যে, আবেগেৰে পেট নভৰে। প্রেম ভালপোৱাৰ আগত ৰৈ আছে দায়িত্ববোধ। বিশালৰ দায়িত্ব আছে মাকৰ প্রতি। তাইৰ দায়িত্ব আছে সন্তানৰ প্রতি। তেনেস্থলত এনেদৰে ইয়াত নিজকে কষ্ট দি কৈশোৰ প্ৰেমিকৰ আচৰণ কৰাটো যুক্তিসংগত নহয়। অলংকৃতাই বুজাবলৈ চেষ্টা কৰে,

 “আপোনাৰ আচৰণ যুক্তিসংগত নহয়। আপুনি ঘূৰি যাওক।”

 “আপোনাৰ আচৰণো যুক্তিসংগত নহয়। আপুনিও ঘূৰি বলক!”

 “আসঃ বিশাল। নুবুজে কিয়? কথাৰ কটা-কটিৰে সমস্যা সমাধান নহয়। মই আজি দিনটো ইয়াত থকাটো জৰুৰী। কেতবোৰ প্রশ্নৰ উত্তৰ পাবলৈকে কঞ্জনীল আৰু উল্কিৰ ঘৰত এবাৰ ভৰি দিয়াটো জৰুৰী”

 “সেই পকনীয়াৰ পৰা আঁতৰত অৱস্থান কৰক মেডাম। ই আপোনাক ক’ৰবালৈ উটুৱাই লৈ যাব। আপোনাৰ কষ্ট চাই থাকিবলৈ মোৰো কষ্ট হয়।”

 কথা আগবঢ়াবলৈ নিদিলে তাই। সকলোৱে কয় তাইক, এই পকনীয়াৰ পৰা আঁতৰি আহিবলৈ তাই নিজেও ভাবে, ই তাইক অস্থিৰ কৰি তুলিছে। কিন্তু এবাৰ বেহুত সোমোৱাৰ পাছত আঁতৰি অহাৰ প্রশ্নই নাহে। লাগিলে নিয়মবোৰ অনিয়ম হৈ যাওক, মূৰৰ ওপৰেৰে গঙাচিলনী উৰক। তাইৰ সমস্ত সত্তা শেষ হৈ যাওক, তথাপি আলফুলিয়া কলিজাখনক টোপ পৰিবলৈ নিদিয়াকৈ উত্তৰবোৰ বিচাৰি উলিয়াব তাই।

 ফ্ৰেচ হৈ তাই তললৈ নামি আহিল। বিশালে গাড়ীৰ দুৱাৰ খুলি দিলে। বিশাললৈ চালে তাই। উজাগৰী নিশাৰ প্রলেপ নাই দুচকুত ৷ একেই সজীৱতা, একেই গভীৰতা কিদৰে সম্ভৱ? কিদৰে সম্ভৱ ? বিশালে তাইলৈ চাই মৃদু হাঁহি মাৰে,

 “কি চাইছে মেডাম?”

 “চাইছো আপোনাক। ৰাতিটো গাড়ীতে শুলে। ৰূম এটাও লৈ ল’ব পাৰিলেহেঁতেন। ভাল পাগলামি কৰে দেই আপুনি।”

 “এবাৰ প্ৰেমত পৰি চাব মেডাম! পাগলামিত জীৱন আছে।”

 উত্তৰবিহীন পলবোৰৰ দৰেই লক্ষ্যবিহীনভাৱে গাড়ীৰ চকা ঘূৰে। ক’লৈ যাব তাই? বিশালে দেখুৱাই দিয়া সোণালী বাটলৈ নে নিজে সিঁচি লোৱা কাঁইটৰ বাটলৈ? কোনোবাই কাণে কাণে কয়, “আকৌ একেটা ভুল নকৰ অলংকৃতা? সোণালী বাটলৈ মন নেমেল। বহুত দাম দিলেও সেই বাট নিজৰ নহয়। কাইটীয়া বাটবোৰ নিজৰ।একান্তই নিজৰ।”

 এৰা। কাঁইটবোৰ আপোন। ফুলবোৰক সুৰক্ষা দিয়াই কাঁইটৰ লক্ষ্য। কাঁইটৰ খোঁচত ফুলৰ মৃত্যু নহয়। ফুলৰ মৃত্যু হয় ফুলপ্ৰেমিকৰ অত্যাচাৰত।

 গুগলমেপ উলিয়াই কঞ্জনীলৰ ঘৰৰ অৱস্থান উলিয়াই ল’লে। মাজে মাজে বিশালক নিৰ্দেশ দি থাকিল।

 ভৃত্য হোৱাৰ হেঁপাহটো যেন বিশালৰ পূৰ হৈছে, এনে সন্তুষ্টিত সি ষ্টিয়েৰিং পকাইছে। কঞ্জনীলৰ ঘৰত উঠিও সি গাড়ীৰ পৰা নামি নগ'ল।

++

(বাৰ)

 অলংকৃতাই গাড়ীৰ পৰা নামি কঞ্জনীলৰ ঘৰৰ ভিতৰলৈ সোমাই যোৱাৰ সময়ত বিশালে ড্ৰাইভিং চিটত বহি সন্মুখলৈ চাই ৰ’ল! কি যে জেদ এটাই ক্ৰিয়া কৰিলে তাৰ মনত! অতদিন অত সন্মান কৰি অহা তাতকৈ জ্যেষ্ঠ মানুহগৰাকীৰ প্রতি এক অনুকম্পামূলক ভাব গঢ়ি উঠিছিল, কোন মুহ্‌ৰ্তত সেই অনুকম্পা প্ৰেমলৈ পৰিণত হ'ল সি নাজানে। যদিও এই সম্পৰ্কৰ কোনো নাম নাই, যদিও এই সম্পৰ্কৰ কোনো লক্ষ্য নাই, যদিও এই সম্পৰ্কৰওপৰত হয়তো অলংকৃতাৰো আস্থা নাই, তথাপি কপৌপোৱালিজনীৰ দৰেই আলফুলিয়া অনুভৱটোৱে বুকু ভৰাই