একোকে নক'লে। ডাঙৰটিয়ে কিবা বুজি পোৱা হৈছে। মাকৰ গহীন মুখখনলৈ চাই সি মাকক সাৱটি ধৰিলে, “মা, তুমি পাপাক মিছ কৰিছা ন”?
বুকুখন চিৰিঙকৈ মাৰিলে তাইৰ। সিও বুজি পোৱা হৈছেগৈ মিছ কৰা মানে কি। তাৰ ফালে চাই তাই মিচিকিয়াই হাঁহিলে। হাঁহিবোৰ গধুৰ। চকুলোবোৰ আৰু গধুৰ। বৈ নাহে সহজে। বুকুত বৰফৰ ঘৰ সাজে।
প্ৰেছাৰ কুকাৰটো স্ত’ভৰ পৰা নমাবলৈ লওঁতেই হাত এবখলা এৰাই আহিল। অন্যমনস্কতাৰ কোবত লুচি ভাজিবলৈ গৰম তেলখিনিতে হেতাখনৰ পৰা পানী এটোপাল পৰি গৰম তেলে এইবাৰ ডিঙি শুৱনি কৰিলে। বৰ আলসুৱা তাই। মাকৰ ঘৰত একোকে কৰি নোপোৱা ছোৱালীজনীক ভাত ৰান্ধিবলৈ শিকাইছিল আল্ট্ৰাছে। ইমান বুজা-পৰা আছিল সিহঁতৰ! কত যে কেনেকৈ ভুলবোৰ হৈ যায়! এই ভুলৰ ফলশ্ৰুতিত তাইৰ হাতৰ এবখলা এৰে। বুকুৰ জুইকুৰাই তাইৰ সময়বোৰ পোৰে। যোৱাবাৰ ককায়েক আহোঁতে তাইৰ এই অৱস্থা দেখি ডবিয়াই থৈ গৈছিল, ‘এই চেটিনৰ নাইটি পিন্ধি কিটচেনত নোসোমাবি তই’ বুলি। বুকুৰ দহনৰ কথা অৱশ্যে ককায়েকৰ অনুমানৰ বাহিৰত।
স্কুলবাছত উঠি ল’ৰা দুটি স্কুললৈ বুলি ৰাওনা হ’ল। কালিৰে পৰা আল্ট্ৰাছক ফোন কৰা হোৱা নাই। কি দৰেনো মোকাবিলা কৰে এই পৰিস্থিতি তাই বুজিকে পোৱা নাই। উজাই আহিব খোজা খংটো বাৰে বাৰে দমন কৰি ৰাখিছে তাই। কিদৰে তাই আল্ট্ৰাছক কয়, “চোৱা আল্ট্ৰাছ, তুমি ধৰা পৰি গ’লা মোৰ ওচৰত”। মাজে মাজে তাইৰ মনটো প্ৰতিশোধপৰায়ণ হৈ উঠে, যেন কৈ উঠিব সকলোকে, পৃথিৱীক জনাই দিব তাইৰ প্ৰতাৰিত হোৱাৰ খবৰ, চাৰিআলিত ৰৈ ফটোবোৰ বিলাব এখন এখনকৈ নতুবা চ’ছি
য়েল মেডিয়াত এৰি দিব সমস্ত প্ৰমাণ। পিছমূহূৰ্ততে সম্বৰণ কৰে নিজকে তাই। কি যে অপৈণত চিন্তা কিছুমান কৰি আছে তাই! এনেদৰে কি হেৰোৱা প্ৰেম ঘূৰাই পোৱা যায়? নাই, নহয়। এনেকৈতো হৃত প্ৰেম ঘূৰাই পোৱা নাযায়। কেৱল প্ৰেম কিয়, পদূলি গচকি পাৰ হৈ যোৱা একোকেতো ঘূৰাই আনিব নোৱাৰি। মৃত্যুৰ পৰা ঘূৰাই আনিব পাৰিনে কাৰোবাক? পাৰিনে? খংবোৰ হতাশালৈ ৰূপান্তৰ হয়। চুলিখিনি আজুৰি অলংকৃতা বিছনাখনতে বহি পৰে।
অকলশৰীয়া সময়বোৰ কষ্টকৰ। সমান্তৰালভাৱে কষ্টৰ সময়বোৰো অকলশৰীয়া। তাতোকৈ ডাঙৰ কথা, এই সময়ত তাই কাৰোৰে সান্নিধ্য কামনা কৰা নাই। ফোনটোৰ ওচৰলৈকো যোৱা নাই। আল্ট্ৰাছও ফোন কৰা নাই। তাই কিছু আচৰিত হ’ল। আনদিনা ল'ৰাদুটিৰ খবৰ ল'বলৈকে আল্ট্ৰাছে ফোন কৰে।
“ফোনটো?”
হঠাতে কিবা মনত পৰাৰ দৰে তাই জাপ মাৰি উঠিল। ফোনটো কিয় বজা নাই আজি? ক’ত থ’লে ফোনটো।
“অহ হ'! মনত নপৰে কিয় ফোনটো ক'ত আছে”, বিচাৰি বিচাৰি ভাগৰি পৰিল তাই। লাইব্ৰেৰী-ৰূম, শোৱনি-কোঠা, ল’নখনৰ ঝুলনাখন সকলোতে বিচাৰিলে। নাই তাইৰ ফোনটো কতোৱেই নাই।
হতাশ হ’ল তাই। এনেদৰে কেনেদৰে হ'ব? হেৰাই গৈছে তাই। তাই নাই নিজৰ স’তে। নিতান্তই স্বাভাৱিক হৈ যন্ত্ৰবৎ কামবোৰ কৰি যোৱাৰ পাছতো বুজি উঠিছে তাই, মানুহৰ চকুত ধৰা পৰি যোৱাকৈ হতাশ হৈ পৰিছে তাই। চিৰসেউজ মুখমণ্ডলত কোনোদিনে নেদেখা কজলা ৰেখ৷
তাইৰ এটা পৰিচয় আছে। বহুত জটিল কেচ সমাধান কৰিব পৰা দক্ষতাৰ বাবেই হওক, নতুবা সৰ্বসত্তাত বিৰাজ কৰি থকা আত্মবিশ্বাসৰ বাবেই হওক, তাই খোজ কঢ়া বাটত অনেকজনে ফুল ছটিয়ায়। এই এটা মাত্ৰ বিষাক্ত কাঁইট। কোন সেইজন ব্যক্তি?
আল্ট্ৰাছ নে?
উল্কি?
নে কঞ্জনীল?
ভালে নাথাকিল তাই। বাথৰূমৰ শ্বাৱাৰৰ লগত চকুপানীবোৰ বৈ যাওঁতেও এজাক চাতক চৰায়ে তাইৰ বুকুৰ বাহিৰে ভিতৰে উৰি উৰি সোঁৱৰাই গ'ল, “ভালে নাই তই অলংকৃতা, ভালে নাই তই।”