ৰাখে। সি নাজানে, এই বলিয়া সোঁতে তাক ক’লৈ লৈ যাব, অথচ বৰ্তমানৰ ওপৰতে ভেঁজা দি বৈ আছে আলসুৱা সময়বোৰ। কেতিয়াবা মনত পৰে তাৰ অতীতত কিছু সাঁচতীয়া কথা। কেনে যে সংগ্ৰামী জীৱন কটাই আহিছে সি জানে। কোনোমতে হায়াৰ চেকেণ্ডাৰী পাৰ কৰিছিলহে সি, উগ্ৰপন্থী সংগঠনটোৰ জালত ভৰি দিছিল। তাৰ পাছত দীঘলীয়া পৰিক্ৰমা, সংগ্রামী জীৱনৰ ঘাত-প্রতিঘাত। গাঁৱৰ আয়েকৰ চকুলোৰে পথাৰখন সেমেকা কৰি প্রতিদিনে তাৰ বুকুৱে খৰাং উৎসৱ পাতে। প্ৰেমৰ দৰে সুকোমল অনুভূতিবোৰৰ লগত সি পৰিচিত নোহোৱাকৈ সি জংঘলত খৰি ফালি হাত দুখন কঠিন কৰে। জীৱনৰ আন্ধাৰ ফালটোৱে তাক বাৰুকৈয়ে নাকনি কাননি কৰিলে। দেউতাকক হেৰুৱালে সেই সময়চোৱাতে । তথাপি সংগঠনৰ নীতিৰ লগত সি কোনোমতেই নিজৰ নীতিবোৰক খাপ খুৱাব পৰা নাছিল। উভতিবলৈ বাট বিচাৰি পোৱা নাছিল। সন্মুখৰ বাটত অপেক্ষা কৰিছিল অমানিশাৰ ফেঁচাৰ মৃত্যুৰ নিউ নিউ ধ্বনিয়ে।
যিমানেই জটিলতালৈ সোমাই যায়, সিমানেই ই জটিল হৈ পৰে। জটিলতাৰ সময়বোৰত মুহূৰ্তে মুহূৰ্তে আয়েকলৈ মনত পৰে তাৰ। ৰাতিপুৱা আয়েকৰ হাতৰ একাপ চাহ, উৎসৱৰ বিহুটিত হেঁপাহৰ এবাতি দৈ জলপান, ভৰ বাৰিষাৰ লুইতখনিৰ লগত আলাপ-অভিমান, এয়াইতো৷ আছিল সোণালী শৈশৱ। সোণালী শৈশৱৰ সেই সমীকৰণত জটিল ক্ষণবোৰ লাগি তাৰ যৌৱনটোক চেপি খুন্দি শেষ কৰিবলৈ ওলাইছিল।
কেবাবাৰো পলাবলৈ সুযোগ বিচাৰিও বিফল হোৱা তাৰ কাষত থিয় দিছিল দীপক নামৰ লক্ষীমপুৰৰ ল’ৰাজন।
“কিয় মন মাৰি থাক তই?” জুই একুৰা ধৰি শীতল কোনো এক নিশা দীপক নামৰ সংগঠনৰ ল’ৰাজনে তাক সুধিছিল।
“তাৰ মনত ভয় নামৰ বস্তুটোৰ চিন মোকাম সিদিনা নাইকিয়া হৈ গৈছিল। মৃত্যুৰ স’তে খুব ভালকৈয়ে পৰিচিত সি! মৃত্যুতকৈ কঠিনতম শাস্তি আন কি হ’ব পাৰে, এই ভাবত সি মৃত্যুকে চেৰাই কথাবোৰ কৈছিল। সাহস গোটাই বিশালে কৈ উঠিছিল৷
“দাদা। এই জীৱন ভাল নালাগে মোৰ। এই বন্দীত্বৰ জীৱন ভাল নালাগে। অন্যৰ দৰে মোৰো মুকলিকৈ গেলাৰীত বহি ফুটবল খেল চাবলৈ মন যায়। মন যায়, দিনৰ ভাগৰখিনি আইৰ কোলাত এৰি দিবলৈ৷ এই বন্দুক-বাৰুদৰ জীৱন, নিৰীহৰ তেজেৰে ফাকু খেলা, এই নীতি আদৰ্শৰ স’তে মোৰ মিল নাই।”,
“ওমম”, দীপক নামৰ ল’ৰাজনে বহুত দেৰি চিন্তা কৰিছিল। তাৰ পাছত সুধিছিল পুনৰ,
“কি বিচাৰ তই খুলি ক।”
“মুক্তি বিচাৰোঁ দাদা। এই জীৱনৰ পৰা মুক্তি বিচাৰোঁ। নিজৰ জীৱনটো নিজৰ মতে সজাব বিচাৰোঁ।”
সেয়া এক কঠিন অধ্যায়। দীপক নামৰ ল’ৰাজনে সংগঠনৰ বিষয়ে তাক বহু কথাই কৈছিল, তাক গাইড কৰিছিল, ওলাই অহাৰ বাট দেখুৱাইছিল। মাথোঁ এটা চৰ্ত বান্ধি দিছিল। সেই চৰ্তই তাক এটা লক্ষ্য দেখুৱালে। সেই চৰ্তৰ পাছত দৌৰি দৌৰি সি আইনৰ নৈশ ক্লাছত নামভৰ্তি কৰিলে। দিনত প্রাইভেট স্কুলৰ চাকৰি কৰি ৰাতি এপৰলৈকে শিক্ষা ল’লে। অচিন নাৰী এগৰাকীৰ পিছে পিছে যোৱাৰ সপোনটোৱে জোনাকী পৰুৱাৰ দৰে তাক বাট দেখুৱাই লৈ গৈছিল। অলংকৃতা নামটোৰ স’তে সি সাঙুৰ খাই পৰিছিল।
“অলংকৃতা বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফাইনেল ইয়েৰৰ ছাত্ৰী। চকু ৰাখিবি । এবছৰ, দুবছৰ কথা কোৱা নাই। জীৱনটোৰ কথা কৈছোঁ। জীৱনটোলৈ তাই যাতে বিপদত নপৰে সেই খেয়াল ৰাখিবি”। এটা এটাকৈ শব্দবোৰ উচ্চাৰণ কৰি দীপকে পেগ এটা ঢালি লৈছিল। এক গধুৰ দায়িত্বৰ পৰা যেন মুক্ত হৈছে সি।
আৰু বিশাল? আচৰিত হৈছিল সি, ইমান সৰু চৰ্ত এটাৰ বিনিময়ত তাক বিনাদ্বিধাই মুক্তি দিয়া দেখি। ৰাজ্যিক ন্যায়িক সেৱাৰ উত্তীৰ্ণ প্ৰাৰ্থীৰ তালিকাত অলংকৃতা বৰুৱাৰ নামটো দেখি সি জঁপিয়াই উঠিছিল। দীপকে বান্ধি দিয়া চৰ্তটোৰ আধাখিনি সি যেন পূৰ কৰি উঠিছিল, তেনে ভাবত সি পুনৰবাৰ কঠোৰ সাধনাৰ পণ ল’লে। তেতিয়ালৈকে সি অলংকৃতাক দেখাই নাছিল। অথচ এই নামটোৰ পিছ লৈ লৈ সি লক্ষ্য লৈ পেলাইছিল অলংকৃতা যি বাটেৰে যাব সেই বাটেৰে সিও যাব। অলংকৃতা য’তেই থাকিব, আশে পাশেই সিও থাকিব। দীপকদাদাক কথা দিয়া আছিল সেইমতে ৷ মনলৈ এবাৰো অহা নাছিল দীপক কোন হয় অলংকৃতাৰ।