হ’ল। অৱশ্যে এপাকত তাই স্ব-বিৰোধী আচৰণো কৰিলে।
“বাঃ অলংকৃতা! তইতো পুৰস্কাৰ পোৱাৰ যোগ্য। তই নিজৰ কষ্ট পাহৰি গ’লি। তই তাইৰহে কষ্টখিনি অনুভৱ কৰিলি।”
সেই স্ব-বিৰোধী আচৰণখিনি জঞ্জাল মাৰি থৈ তাই সিদ্ধান্ত ল’লে অতি শীঘ্ৰেই তাই উল্কিৰ ওচৰত ঠিয় দিবগৈ। আল্ট্ৰাছ আৰু কঞ্জনীলৰ প্ৰতি তাইৰ সেই কম্পন জাগি নুঠিল। পুৰুষত্বৰ মিছা গৰ্বত উপঙি থকা লোক দুজনৰ প্রতি তাইৰ মনত পুতৌহে জাগি উঠিল।
ৰাতিটো দুটা ভাগত বিভক্ত হ’ল। এটাত প্ৰতিশোধৰ আখৰা চলিল এটাত গঢ়ি তোলা হ’ল ধৈৰ্যৰ প্রতিমা। আল্ট্ৰাছে লনখনত অস্থিৰভাৱে পায়চাৰি কৰি থকাৰ দৃশ্যটোৱে তাইক কিছু সময়ৰ বাবে বিতত কৰিলেও তাই পৰৱৰ্তী দৃশ্যাংশত সূত্ৰধাৰৰ ভাও ল’বলৈ সিদ্ধান্ত ল’লে। বিশাললৈ ফোন লগালে তাই। ৰাতি তেতিয়া দুই বাজিছিল।
++
(ন)
“সেই যে ল’ৰা-ছোৱালীবোৰ, যিয়ে ব্ৰেকফাষ্টত দিয়া আপেলটো নাখাওঁ বুলি কৈ আপেলৰ বাগানলৈ দৌৰ মাৰে আৰু চুৰ কৰি তাৰ পৰা আপেল খায়। অথচ ঘৰৰ আপেলকেইটা বাগানৰ কেঁচা আপেলকেইটাতকৈ বেছি পকা আৰু মিঠা।”, গোমোঠা পৰিৱেশটো পাতল কৰিবলৈকে বিশালে কৈ উঠল।
উপপথটো এৰি ঘাইপথলৈ গাড়ীখন নিয়াৰ লগে লগে বাঢ়ি যোৱা গাড়ীখনৰ বেগে তাইৰ চিন্তাৰ বেগ বঢ়াইছিলহে, তেনে সময়তেই বিশালৰ কটাক্ষ মিহলি হাঁহিটোৱে তাইৰ চিন্তাত যতি পেলালে। যোৱানিশাৰ কথাবোৰৰ পৰা তাই এতিয়াও মুক্ত হ’ব পৰা নাই। আন কাৰোবাৰ ওচৰত হেয় হৈ দিবলৈকো কিবা এক অহমিকাই গা কৰি উঠে। তেনে সময়তো তাই এই সিদ্ধান্ত ল’লে। শ্বাসৰুদ্ধকাৰী সেই পৰিবেশৰ দুৱাৰ খুলি তাই বিশালৰ স'তে ওলাই আহিল। বাহিৰৰ বতাহজাকৰ মাজত নিজকে মুকলি কৰিবলৈকে তাই ওলাই আহিল।
কেইটিমান মুহূৰ্তৰ ভিতৰতে ঘটিছিল কথাবোৰ উল্কি আৰু আল্ট্ৰাছৰ সম্পৰ্কটোৰ আঁত ধৰি আল্ট্ৰাছ আৰু কঞ্জনীলৰ তৰ্কযুদ্ধই চূড়ান্ত ৰূপ লোৱাৰ পিছতে তাই আল্ট্ৰাছৰ সন্মুখত থিয় দিছিল, এগৰাকী পত্নী হিচাপে নহয়, এগৰাকী বান্ধৱী হিচাপে দৃঢ়তাৰে সুধিছিল, “আল্ট্ৰাছ, তুমি উল্কিক বিয়া পাতিব বিচাৰা নেকি?”
তাৰ পাছৰে পৰা আৰম্ভ হৈছে তাইৰ মানসিক অন্তৰ্যুদ্ধৰ। আল্ট্ৰাছৰ দুমুখীয়া চৰিত্ৰটোৰ বিষয়ে পৰিচিত হৈও তাই ভাগি নপৰিল। কোনটো সঁচা, কোনটো মিছা বিচাৰ কৰিবলৈকো মন নগ’ল তাইৰ। মুহূৰ্ততে সিদ্ধান্ত ল’লে তাই উল্কিৰ ওচৰলৈ যাব। উল্কিৰ ওচৰত থিয় দিবগৈ এবাৰ। জানিবলৈ বিচাৰিব কেতবোৰ কথা, যিখিনি কথা আল্ট্ৰাছৰ মুখেৰে জনাৰ কোনো আশা নাই। অংকটো৷ কিছু পৰিমাণে মিলি আছিল। বিশালৰ নতুন পষ্টিং মঙলদৈত৷ সেই সূত্ৰেই বিশালো মঙলদৈলৈ যোৱাৰ কথা। উল্কি-কঞ্জনীলৰ ঘৰো মঙলদৈত। আৰু ভাবিবলৈ তাইৰ মন যোৱা নাছিল। লগে লগেই বিশাললৈ ফোন লগাইছিল। মাজনিশাৰ কথা আছিল সেয়া।
কোনোদিনেই বিশালৰ আগত নিজৰ দুৰ্বলতা প্রদর্শন নকৰা অলংকৃতাই তাইৰ কথাবোৰৰ কিছু ভাগ বিশালক দিয়াৰ সিদ্ধান্ত ল’লে। যদিওবা বাৰে বাৰে অভিমানত ওফন্দি আহে সজল চকুৰ পতা নতুবা নাকৰ পাহি, বাৰে বাৰে অজান অভিমানত ৰুদ্ধ হ’ব খোজে আশ্বাসৰ নিশ্বাস, তথাপি এই সমস্যাখিনি কাৰোবাৰ স’তে ভগাই লোৱাটো অতি জৰুৰী হৈ পৰিছে। কোনোবা সহৃদয় বন্ধু, যিয়ে সকীয়াই দিব তাইক, “এইফালে খোজ নলবি, এইফালে কেকটাছৰ কাঁইট; এইফালে খুপি খুপিকৈ যাবি, এইফালে শেলুৱৈ-পিছল বাট; সেই বাটত ভৰি নথবি, সেইবাটত ধঁতুৰা ফুলৰ বিষ।”
লতা হৈ বগাব বিচৰা নাৰীসকলৰ দৰেই এগৰাকী সাধাৰণ নাৰী অলংকৃতা ৷ যোৱা কিছুদিনৰ পৰা ক্ষণে ক্ষণে তাইৰ এই ভাব আহিছে। কিছুমান সময়ত নিঃসংগতাবোৰ বৰ কষ্টকৰ হৈ উঠে। আল্ট্ৰাছে উপহাৰ দিয়া নিঃসংগতা সেয়া। আল্ট্ৰাছৰ সতে সম্পৰ্কটোৱে কেনে ৰূপ ল’ব, সেই ধাৰণা তাই এতিয়াও কৰিব পৰা নাই। স্পষ্টকৈ সুধি পেলাইছিল আল্ট্ৰাছক, হয়তো ভিতৰি ভিতৰি এক সিদ্ধান্ততো উপনীত হৈছিল যে, যদিও আন্ট্ৰাছৰ জীৱনৰ পৰা