সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সংসাৰখনৰ কাৰণে চিন্তা কৰে। যুগে যুগে চলি আহিছে এই নিয়ম। এই নিয়মত কষ্ট পালেও নিয়ম ভঙাৰ কষ্টবোৰ যে এই সমাজত তাতোকৈ বহু বেছি।

 উচুপনি এটাই বাহিৰলৈ বাট বিচাৰি কোঠাৰ চাৰিকোণত সুৰুঙা বিচাৰি ফুৰিলে। এই উচুপনিৰ নাম নাই। হয়তোবা উল্কিৰ নতুবা নিজৰ অস্তিত্বসংকটৰ এই উচুপনি। নিশাহত হোলোকা হোলোকে নিগৰা এই অদৃশ্য উচুপনি। মিঠা জলতৰংগ এটিৰ মৃত্যুমুখী কম্পনত এই উচুপনি।

 নুখুৰোৱা দাঢ়ি, অসংযত একোছা চুলি, কোটৰত সোমোৱা চকুৰে কঞ্জনীলে তাইৰ অনামিকা আঙুলিৰ আঙুঠিটোলৈকে চাই আছে। যেন সি ভ্ৰূকুটি কৰিছে, আঁকুহিছে, আঙুঠিটো খুলিব নোৱাৰি কটাৰীৰে ৰেপিছে। বেদনাত তাই চিঞৰিছে, কাকূতি কৰিছে, আঙুঠিটো খুলি পৰাৰ দুখত হালি জালিকৈ কান্দিছে।

 স্বয়ংক্ৰিয়ভাৱে হাতখন তাইৰ আঙুলিটোলৈকে গ’ল। ইমানৰ পাছতো আল্ট্রাছৰ পৰা আঁতৰি অহাৰ তাই পক্ষপাতী নহয়। কি আছে তেওঁৰ মাজত? ভালপোৱা? নে নিয়মৰ বশ্যতা?

 ভালপোৱা। ভালপোৱা ৷ এতিয়াও ভালপোৱাৰ নামত অজস্ৰ চকুলো আছে। এতিয়াও আছে ভালপোৱাৰ নামত বিষালি কলিজা এটি। ভালপোৱাৰ নামত আছে অলেখ সপোন। ভালপোৱাৰ নামত আছে আকাশ চুই যোৱাৰ নিচা। এতিয়াও দুচকুৰ অচিন প্ৰেমিক চৰায়ে ভৰুণ কৰি থয় তাইৰ হেঁপাহৰ চামিয়ানা। আল্ট্ৰাছৰে দুৰ্ভাগ্য৷ সেই অযুত হেঁপাহক তেওঁ চিনিব নোৱাৰিলে। তথাপি তাই আল্ট্ৰাছৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত নলয়। এয়া পতিব্ৰতা নাৰীৰ ধৰ্ম। এনে নাৰীয়ে সমাজ বান্ধে ৷ এনে নাৰীৰ জুইত পুৰি সমাজ সোণ হয়।

 তাইৰ দৰে মহিলা এগৰাকী, যি অৰ্থনৈতিকভাৱে সবল, যি সমাজৰ এক প্ৰস্থিতিসম্পন্ন মহিলা, তেৱোঁ স্বামী অবিহনে অকলে জী থকাৰ পক্ষপাতী নহয়। সহিব বিচাৰে। মিলিব বিচাৰে। এটা সীমালৈকে সকলোৱেইতো সহে। তাইৰ লগৰ শিৱানীয়ে সহিছিল। বিয়াৰ পিছতে শিৱানীৰ স্বামীয়ে সৰু কথা এটাতে ‘আই বাণ্ট ডিভৰ্চ’ বুলি বন্ধুমহলৰ আগত আস্ফালন কৰিছিল। তেতিয়া শিৱানী গৰ্ভৱতী। তাইৰ ওচৰত চকুলো টুকি শিৱানীয়ে হিচাপ নিকাচ আৰম্ভ কৰিছিল। স্বামীয়ে ত্যাগ কৰিলে তেওঁ কি কি অধিকাৰ পাব, সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব কোনে ল’ব ইত্যাদি ইত্যাদি। বৰ নিৰ্লজ্জ সেই হিচাপ-নিকাচ ৷ আইনৰ মধ্যস্থতাত দুয়োৰে মাজত পুনঃসম্পৰ্ক স্থাপন হ’লেও কিছু কথা ৰৈ গৈছিল। শ্বেক্সসীয়েৰৰ বেশ্যা আৰু বিবাহৰ সংজ্ঞা, বাৰ্ণাড শ্ব'ৰ বিচ্ছেদ সম্পৰ্কীয় আলোচনাসমূহে তাইক থকা সৰকা কৰিছিল। নিজৰ প্রতি এক স্বস্তিৰ নিশাহ এৰিছিল। পৃথিৱীৰ বহুততকৈ তাইৰ অৱস্থা বহুত উন্নত। মাক আৰু ককায়েকলৈ এক অবুজ কৃতজ্ঞতাৰে মন ভৰি পৰিছিল। দেউতাক নোহোৱা ঘৰখনত ককায়েকেই ব’ঠা ধৰি তাইক ইমানলৈকে আগবঢ়াই আনিলে৷ অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিলে। অর্থনৈতিক স্বাৱলম্বিতা দৰকাৰী ৷ তাৰমানে এয়া নহয় যে চাকৰি এটা কৰিহে সেই স্বাৱলম্বিতা লাভ কৰিব পাৰি। হাত দুখন থকালৈকে বহুত কামেই কৰিব পাৰি। পশ্চিমীয়া দেশত সোতৰ বছৰৰ পৰাই কিশোৰ-কিশোৰীয়ে নিজৰ ভৰণ-পোষণৰ দায়িত্ব নিজে লয়। কোনোবা কোটিপতিৰ সন্তানে হোটেলত পাৰ্টটাইম কাম কৰে। আমাৰ সমাজে পিছ পৰি গৈছে৷ বিশ্বায়নে এনে যোগাত্মক ধাৰণাসমূহ বিলাব পৰা নাই। আমাৰ দেশত কলেজৰ দেওনা গৰকিলে পথাৰৰ হাল ধৰিবলৈ লাজ কৰে অলেখজনে ৷ আগতে তীত বোৱা ছোৱালীজনীয়ে আজিকালি তীত ব'বলৈ লাজ পোৱা হ’ল। কামৰ কোনো সৰুবৰ নাই। এই উপলব্ধি নোহোৱাৰ বাবেই যুৱচামৰ মাজত অস্থিৰতাই বিৰাজ কৰিছে। উল্কিও সেই অস্থিৰতাৰ বলি হ'ল। যিসময়ত তাই ঘৰতে সেই উপাৰ্জন কৰিব পাৰিলেহেঁতেন, চাকৰি কৰাৰ নামত বিয়াৰ পাছতে অন্য চহৰলৈ যাত্ৰা আৰম্ভ কৰিছিল। কি দিলে সেই চাকৰিয়ে? ভাঙোনমুখী কিছু সম্পৰ্ক আৰু মৃত্যুৰ দৰে শীতল ছাঁ। থাকি যোৱাবোৰৰ বুকুত কোনোদিনে নুশুকুৱা এটি ঘাঁ।

 অৰ্থনৈতিক স্বাৱলম্বিতাই ব্যক্তিগতভাৱে তাইৰ আত্মবিশ্বাসৰ বিকাশ ঘটালেও কিছুমান সামাজিক চিন্তাধাৰাৰ পৰা তাই মুক্ত হ'ব পৰা নাই। নমনীয়তা, কমনীয়তা এই উপাধিসমূহত তাইৰ দৰে নাৰীও আসক্ত হৈ পৰিছে। এই আসক্তিৰ ফলস্বৰূপে তাইও পুৰুষে বিচৰা খাজত নিজকে ভাঁজ লোৱাই লৈছে। তাই জানে, দুদিনৰ অন্তত ঘৰ গৈ পোৱাৰ লগে লগেই আল্ট্ৰাছে মনৰ খবৰ নল’লেও দেহাটো নিজৰ কৰি ল’ব। সেই সহজ প্রবৃত্তিটোকে আজিকালি বেশ্যাবৃত্তি যেন ভাব হয়। কিয় এই ভাৱে মনত অহৰহ ক্ৰিয়া কৰি থাকে, সেই কথা নাজানে তাই। তাইৰ প্রতি যেন আল্ট্ৰাছৰ মনৰ কোনো তাড়না নাই, সমাজৰ আগতে৷ তাইৰ প্রতি কোনো উন্মাদনা নেদেখুৱায়,