পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সলিলৰাশিত বেলিটো উঠি বহিছিল মাত্ৰ। পুহমহীয়া চেঁচা বতাহজাকে বেলিটো উমাব পৰা নাই। অলংকৃতাই স্কাৰ্ফখন মেৰিয়াই ল’লে। টিকটিকীয়া ৰঙা স্কাৰ্ফখন মেৰিয়াই ল’লৈ তাইক বৰ উজ্জ্বল দেখায়। এই অচিনাকি মানুহবোৰৰ ওচৰত তাই বৰ স্বস্তি অনুভৱ কৰে। অচিনাকি মানুহবোৰে তাইলৈ ভ্ৰুকুটিৰ দৃষ্টি নিক্ষেপ নকৰে, তাইলৈ সন্দেহৰ আঙুলি টোঁৱাই কথা নকয়, তাইৰ বুকুত বলি থকা বিষাদৰ হিমশীতল বতাহজাকৰ উমান নাপায়।অচিনাকিৰ ভিৰবোৰত তাইৰ সেয়ে হেৰাই যোৱাৰ উন্মাদনা জাগে। এই হেৰাই যোৱাৰ বলয়ৰেখাতে বান্ধি লয় নোপোৱাৰ বেদনাবোৰ। বেদনাৰো যে কি এক শক্তি। বাৰে বাৰে তাইক তুলি ধৰি আগলৈ বাট দেখুৱাই লৈ যায়।

 তাইৰ মনটো সঁচাকৈয়ে বিষাদভৰা। ইমানদিন তাই নিজৰ চিন্তা কৰি আহিছিল। তাইৰ সৰু পৃথিৱীখনত নিজৰ চাৰিজনীয়া সংসাৰখনৰ বাদে আন কোনো চিন্তাই নাছিল। এতিয়া বাহিৰৰ পৃথিৱীখনত ভৰি থৈ দেখিছে তাইতকৈ হাজাৰ দুখতো মানুহবোৰ জী আছে। এই কথাবোৰে তাইক জী উঠাৰ প্ৰেৰণা দিলেও কাৰো বাবে একো কৰিব নোৱাৰা দুখ এটাই তাইক ভিতৰি ভিতৰি অস্থিৰ কৰি তুলিছে।

 ব্ৰহ্মপুত্ৰৰ অচিন ঘাটত মেলি দিছে তাইৰ আলসুৱা কলিজা ব্ৰহ্মপুত্ৰৰ শীতল পানীত কলিজাটো পখালি পখালি ধুই লৈছে। ক্ষত-বিক্ষত কলিজাৰ পৰা কেচেমা-কেচেম গোন্ধবোৰ আঁতৰি যাওক বুলি তাই কলিজাখন ৰ’দাইছে। নাই, অস্থিৰতা নকমে, নকমে মাতলামি। ভটিয়নি সৌতৰ স’তে কলিজাখন উটি যাব খুজিও তাইক খামুচি ধৰে। এই অস্থিৰ কলিজাখনে তাইক নেৰে। কষ্ট পাবলৈকে কলিজাখন জাপি কুচি তাই ভৰাই লৰ। ঘড়ীটোলৈ চালে তাই। ন বাজি পাৰ হৈ গৈছে। সময়ত অফিচ পাবগৈনে তাই? আগতে কামত অত্যন্ত শৃংখলাবদ্ধতাৰ পৰিচয় দিয়া তাইৰ আজিকালি সময়বোধৰ হিচাপ নোহোৱা হৈছে। মনৰ তাড়নাত চলা এজনী অবাধ্য কিশোৰীৰ দৰে হৈ পৰিছে তাই! তাই জানে, তাই জানে, এয়া ভাললৈ হোৱা নাই। কিন্তু কি কৰে? কি কৰে তাই? জীৱনৰ সুদীৰ্ঘ পয়ত্ৰিশটা বসন্ত গৰকাৰ পাছতহে তাই বুজি উঠিছে নিয়মমাফিক জীৱনটোৱে আমুৱাই তুলিছে তাইক। আৰু যেতিয়া গম পাইছে, তেতিয়া তাইৰ আঁচলত ধৰি দুটি এমাডিমা শিশুৱে জীৱনৰ খোজ লোৱাৰ প্ৰশিক্ষণত ৰত হৈ উঠিছে।

 চোকা ক্ষুৰৰ দৰেই ধাৰাল এই সময়। এচিকুটমান হেৰফেৰতে চাৰিটি জীৱন অনিয়ন্ত্ৰিত হৈ উঠিব পাৰে। তাই জানে, মুখেৰে যিমান নক’লেও আল্ট্ৰাছে তাইৰ নতুন আচৰণবোৰ ভাল পোৱা নাই। কি কৰেনো তাই? একাকীত্বৰ সাগৰত সাঁতুৰি তায়ো যে ভাগৰি পৰিছে। সয়ে সময় পালেই তাই মুক্ত বিহংগৰ দৰে উৰিছে, চাতক চৰাইৰ দৰে এটুপি পানীৰ বাবে আকাশলৈ চাই ৰৈছে। তাৰ পাছত ক্লান্ত হৈ নীড়মুখী পখীৰ দৰে তাই আল্ট্ৰাছৰ জুপুৰিলৈ উভতিছে।

 তাৰ মাজতে দিনটোৰ বাবে তাই অফিচৰ টেবুলখনত বন্দী হৈ ৰ’ল। বিশালৰ লগত কথা পাতিবলৈ মন আছিল। অফিচৰ ব্যস্ত পৰিৱেশটোত তাই সেই সুযোগ নাপালে। অন্যায়, অনিয়মবোৰৰ লগতে দিনটো যুঁজি থাকিব লগা হয়, নিজৰ বুলিবলৈ অকণমানো সময় নাথাকে সেই পৰিবেশটোত। ঘৰত সোমোৱাৰ লগে লগেই ল’ৰাহঁতৰ আৱদাৰ, অভিযোগ। অফিচ আৰু ঘৰৰ বাহিৰৰ পৃথিৱীখনৰ বাবেও তাইক কিছু সময়ৰ দৰকাৰ।

 যদিওবা দুদিনৰ বিৰতিত তাই গৃহচহৰলৈ উভতিছিল, দিনটোৰ কৰ্মব্যস্ততাৰ পাছত সম্তানদ্বয়ৰ কোমল মুখ দুখনিয়ে বৰকৈ আমনি কৰিছিল, তথাপি তাই ঘৰৰ ৰাস্তাৰ বিপৰীতে মথাউৰিলৈ গাড়ী পোনালে। মথাউৰিৰ পৰা তাই বিশাললৈ ফোন লগালে। খুব বেছি এটা ৰিং বাজিছিলহে মাথোঁ, বিশালে তাইৰ ফোনটো ৰিচিভ কৰিলে।

 “এই কৃতা! কি খবৰ?”, বিশালে দুদিনৰ মূৰত তাইৰ মাতটো শুনি উৎসাহী হৈ উঠিল। তাৰ উৎসাহৰ বিপৰীতে কৃতা নামটো শুনি কুমজেলেকুৱাৰ দৰে কোঁচ খাই আহিল তাই। তাক সেই অধিকাৰ দিয়া হোৱা নাই। সেই কথা সি জানেই দেখোন! অথচ কিয় বাৰে বাৰে সি তাইৰ বুকুৰ বৰঘৰত টোকৰ মাৰিবলৈ আহে? চিঞৰি চিঞৰি কৈ দিবলৈ মন গ’ল তাইৰ,

 “নাঃ নাঃ, কৃতা বুলি নামাতিবি মোক৷ সেই নামটোক মই কবৰ দিছোঁ। কত দিন ধৰি আল্ট্ৰাছে সেই নামেৰে মোক মতা নাই। কত যুগ হৈ গ’ল, কৃতা বুলি ধ্ৰুৱমৰ মাতষাৰি মই শুনা নাই। ভালপোৱাৰ অধিকাৰেৰে নামাতিবি মোক। ভাললগাবোৰ বৰ ক্ষন্তেকীয়া বিশাল।”

 নক’লে তাই। মাথোঁ মনতে কথাবোৰ বিৰবিৰাই বিৰবিৰাই তাই হুমুনিয়াহ এটা এৰিলে। তাৰ পিছত