পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৩১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 “ঠিক নোৱাৰে নহয়, চৰ্ত সাপেক্ষে পাৰে। বিচ্ছেদৰ পাছত একেগৰাকী পত্নীৰ লগত পুনৰ বিয়া হ’বলৈ হ’লে পত্নীগৰাকীক বেলেগৰ স’তে এদিনৰ বাবে হ’লেও বিয়া দিব লাগিব।”

 “কিহৰ বাবে এনে ব্যৱস্থা ?”, তাই অধৈৰ্য হৈ পৰে।

 “এয়া পুৰুষজনৰ পূৰ্বৰ অপৈণত সিদ্ধান্তৰ প্রতি এক শান্তিমূলক বিধান”।

 “কিন্তু?”

 “ওমম। সেয়াই।”

 আচৰিত হৈছিল তাই। পুৰুষজনৰ শাস্তিৰ বাবে পত্নীগৰাকীয়ে মূল্য ভৰিব লগা হয়। এয়া কেনেধৰণৰ বিধান? যুগে যুগে চলি অহা বিধান এয়া। কাৰোৱেই আপত্তি নাইনে? মন গলেই পুৰুষে নাৰীক বেদীত থাপে, মন গলেই চিতা সাজে, প্রত্যেক সমাজৰে একেই নিয়মনে?

 “নাৰী মানেই নৰকৰ দুৱাৰ। মানুহৰ দুখ যন্ত্ৰণাৰ জন্মদাত্ৰী হৈছে নাৰী। এগৰাকী নাৰী যে নাৰী, সেই কথা জানিয়েই নাৰী লজ্জিত হোৱা উচিত”, ফাদাৰৰ বাণী পঢ়ি মূৰৰ তেজ উতলি উঠে তাইৰ। সেয়া মধ্যযুগীয়া চিন্তাধাৰা। পিছে আজিনো আমি ক’ত আছোঁ?

 একেই। একেই৷ একেই মন্ত্ৰ সকলোতে। পুৰুষক শিকোৱা হয় অৱদমনৰ মন্ত্ৰ। শৰীৰৰ দোহাই দি নাৰীক দাসত্বৰ বান্ধোনত ৰখাৰ প্রচেষ্টা সৰ্বত্ৰ।

 আৰু কিবা এটা সুধিম বুলি লওঁতেই ধ্ৰুৱমে পেকেটটি খুলি বাদাম গলিয়াবলৈ আৰম্ভ কৰিছিল। তাইৰ প্রশ্নবোৰে বতাহৰো কণ্ঠ ৰুদ্ধ কৰি থৈছিল। আন্ধাৰ চাৰিআলিটো পোহৰাবলৈ পৰ দি থকা ষ্ট্ৰিটলাইটবোৰে সমাজখন পোহৰোৱাৰ শক্তি গোটাব পৰা নাছিল। এদণ্ড মৌনতাত ওলমি ৰৈছিল প্রাসংগিক-অপ্রসাংগিক কথাবোৰ। ধ্ৰুৱমে ৰাস্তাটো পাৰ কৰি দিবলৈ তাইৰ হাতখনত খামুচি ধৰিছিল। হিল পিন্ধাৰ চখ এটা নতুনকৈ হৈছিল তাইৰ। সেই চখৰ ফলতে য’তে ত’তে উজুতি খাবলৈ লৈছিল তাই । এজাউৰি গালিৰে প্ৰতিবাৰেই খামুচি ধৰিছিল সি। প্ৰেমৰ গোন্ধ নথকা এক সম্পৰ্কৰে সি তাইৰ প্রতিটো খোজৰ দিশ নিৰ্ণয় কৰিছিল। খামুচি ধৰিবলৈ তেনে এখন হাতৰ এতিয়া বৰ প্রয়োজন তাইক। এনে এখন হাত, যিখন হাতে নিৰাশাৰ অতল গভীৰৰ পৰা তাইক তুলি ধৰিব। উজুতি খোৱাৰ নতুন চখটো খোজত আঠা লাগি ৰেছিল। সেই চখতে আল্ট্ৰাছৰ বিষয়ে একো নজনাকৈয়ে তাৰ লগত বিয়াত বহিবলৈ উঠি পৰি লাগিছিল। উজুটি খোৱাৰ চখ পূৰাই এইবাৰ তাইৰ মনলৈ বিচ্ছেদৰ দৰে প্রসংগ আহি পৰিছে।

 নহয়। নহয়। এয়া তাইৰ সিদ্ধান্ত নহয়। এয়া তাইৰ মানসিক প্রস্তুতিহে ৷ তাইৰ মনেৰে, প্রাণেৰে সাজি লোৱা কোঠালিবোৰত তাইৰ ছাঁটো নাথাকিব, শুই উঠিয়েই বাগানভেলিয়াজোপাৰ পৰশ লোৱাৰ অধিকাৰকণ তাইৰ নাথাকিব, সেই প্রস্তুতিতহে তাই বিতত হৈ পৰিছে। নিৰ্জীৱ বস্তু এটাৰ প্রতিও কিবা এক মোহ থাকে। কিতাপখনৰ প্রতি, নতুন কিতাপৰ ৰেকখনৰ প্রতি নতুবা শোৱা বিছনাখনৰ প্রতি তাইৰ অযুত ভালপোৱা ৷ অথচ কিয় এনে লাগে, এই ভালপোৱা যেন আল্ট্ৰাছৰ অনুগৃহিত ভালপোৱাহে ৷ আল্ট্ৰাছৰ মন গ’লেই যেন তাইৰ বাবে প্ৰস্থানৰ দ্বাৰ খুলি দিব, তেওঁৰ নিৰ্দেশ মানি পিছলৈ ঘূৰি চাব নোৱাৰাকৈ তাই অচিন বাটেৰে খোজ ল’ব। এই বাটত খোজ থমকি ৰলেও তাই যেন নিজহাতেৰে গঢ়া ঘৰটোলৈ নোচোৱাকৈ ওঁঠ কামুৰি পাৰ হৈ যাব।

 চেহ! কিবোৰ যে ভাবি আছে। তাইৰনো বাৰু ডিভোৰ্চৰ কথা ক’ৰ পৰা আহিল? তাইৰ দুটি সন্তানে দেউতাকক বিচাৰে, দেউতাকেও সিহঁতক বিচাৰে, আইনমতে সিহঁত মাকৰ লগত থকাৰ অধিকাৰ আছে। সিহঁত দুটিয়ে দেখোন সাঁকো হৈ ৰৈ আছে সিহঁতৰ মাজত। আচলতে কৃশানুৱে কৈ যোৱা ডিভৰ্চৰ কেচটোৱে তাইৰ মনগহনত যে আলোড়নৰ সৃষ্টি কৰিছে, সেয়া তাই নুবুজাকৈ থকা নাই। মনে মনে ভগৱানক খাটিলে, ভৰপূৰ সংসাৰ এখন কোনো নাৰীৰে হাতৰ পৰা খহি নপৰক। তাইৰ নিজৰ কথাবোৰো সামৰা দৰকাৰ। আজিয়েই তাই আল্ট্ৰাছৰ মুখামুখি হ’ব। স্পষ্টকৈ সুধিব উল্কিৰ কথা। সুধিব সেই সম্পর্কৰ গাঢ়তাৰ কথা।

 সিদ্ধান্ত এটা লৈ তাইৰ মনটো কিছু পাতল হ’ল। তাই ঘৰলৈ বুলি বাট পোনালে। গাড়ীৰ খিৰিকীৰে দেখিলে, প্রকাণ্ড গেটখন পাৰ হৈ বিশালৰ গাড়ীখন সোমাই আহিছে। তাইলৈ চাই সি সেমেকা হাঁহি এটা এৰিলে। বিশাল হয়তো দুই এদিনতে যাবগৈ। বিশালৰ লগত বৰ আন্তৰিকতা অনুভৱ কৰে তাই। কষ্টৰ সময়খিনিত সি