আল্ট্ৰাছ৷ তাই আল্ট্ৰাছৰ চকুলৈ চাইছিল। আল্ট্ৰাছ কৈছিল,
“ৰাতি বাৰ বাজিল। ফোন অফ কৰি দিয়া।”
“নহয় আল্ট্ৰাছ, মই যাব লাগিব। অবিৰ ওচৰলৈ মই যাব লাগিব”।
কঁকালৰ পৰা আল্ট্ৰাছৰ হাতখন এৰুৱাই তাই শাৰীখন মেৰিয়াই লৈ গাড়ীৰ ষ্টিয়েৰিঙত হাত দিছিল। আল্ট্ৰাছৰ মুখখন গোমোঠা হৈ পৰিছিল। বিদ্ৰূপৰ হাঁহি এটিৰে চিগাৰেট এটা জ্বলাই লৈ তেওঁ তাইক কৈ পেলাইছিল,
“তুমি কোনোদিনেই প্ৰেম কৰিবলৈ নিশিকিলা।”
আল্ট্ৰাছৰ কথাষাৰি উপেক্ষা কৰি গাড়ীখন লৈ তাই গেটৰ বাহিৰ ওলাইছিল। অবিৰ সৈতে লগ লাগি সেই নাবালিকা মাতৃগৰাকীক তাই পাপৰি আৰু তাইৰ স্বাস্থ্যদলৰ হাতত চমজাই দি তাই ঘৰ পাইছিল মানে বেলিৰ পোহৰ ওলাইছিল। বিশৃংখলতাৰ আঁতবোৰ সামৰি আত্মকথনত ব্যস্ত হওঁতেই মনত পৰিছিল আল্ট্ৰাছৰ কথাযাৰি,
“তুমি কোনোদিনেই প্ৰেম কৰিবলৈ নিশিকিলা।”
এইবাৰ আহত হ’ল তাই। কিয় ক’লে তেনেদৰে? আল্ট্ৰাছে কিয় তেনেদৰে ক’লে? উচিত সমযত নোপোৱাগৈ হ’লে সেই যে ছোৱালীজনী মৃত্যুমুখত পৰিলেহঁতৈন, সেই কথা কিয় আল্ট্ৰাছে বুজি নাপালে? কোনখনক উচ্চাসনত স্থান দিয়া যায়। প্ৰেম নে মানৱতাক?
প্ৰেমৰ বাবে মানৱতা ত্যাগ কৰা যায় নে? নে মানৱতাৰ বাবে প্ৰেম ত্যাগ কৰা যায়।
সেই একেই মানৱীয় দৃষ্টিভংগীৰে তাই দীপকক সহায় কৰিবলৈ ওলাইছে। বিশালক সেই কথাকে ক'ব বিচাৰিছিল। বিশালে নুবুজিলে। বিশাললৈ অভিমান জাগিল তাইৰ। পুনৰবাৰ কোনোবাহীনতাত ছটফটাই ৰ’ল তাই। এখনি সহায়ৰ হাত, তাইৰ খোজৰ আগে আগে এটি সৰু খোজ- ইয়াতকৈ আন একোৱেই বিচৰা নাই তাইজীৱনৰ পৰা। সৰুৰেপৰা আনৰ কান্ধত ভেজ| দি ডাঙৰ হোৱা ছোৱালী তাই। পৰনিৰ্ভৰশীল স্বভাৱ এটা গঢ় লৈ উঠিল। অকলে থাকিবলৈ সাহস গোটালেও বিশেষজনৰ সান্নিধ্য বিচাৰি ধৰফৰাই মৰে তাই।
“নহ’ব অলংকৃতা। নহ’ব। অকলেই জী উঠিবলৈ শিক। এই বৈতৰণী পাৰ কৰি চা, দেখিবি পানীত পৰি ককবকাই থকা হাজাৰটা আঙুলিয়ে তোৰ আঙুলিত ধৰি পাৰত উঠিবলৈ বিচাৰি আছে।”
আনৰ সহায় হ’ব তাই। দীপকৰ মাকৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ তাই। দীপকৰ স’তে এবাৰ কথা হ’ব তাই।
মনটো ফৰকাল কৰি বিছন|খনৱৈ খোজ লওতেই ফোনটোত টুংকৈ মেচেজটোনটো৷ বাজি উঠিল, চালে তাই, বিশালৰ মেচেজ,
“চ’ৰী।”
++
(ওঠৰ)
আল্ট্ৰাছৰ পুৱা খুব সোনকালে শুই উঠাৰ অভ্যাস। উঠিয়েই গৰম পানী দুগিলাচ খাই বাগানৰ গলিটোত খোজ কাঢ়ি অহাৰ অভ্যাস। কেতিয়াবা বাহিৰলৈ নগ’লে ঘৰৰ ভিতৰতে ফ্ৰী হেণ্ড এক্সৰচাইজবোৰ কৰাৰ অভ্যাস।
বিছনাতে মনত পৰিল তাইৰ, আজি সিহঁতৰ বিবাহ-বাৰ্ষিকী। সামাজিকভাৱে সিহঁতৰ বিয়া নহলেও আজিৰ দিনটোত তাই আৰু আল্ট্ৰাছে বিবাহৰ চুক্তিত চহী কৰিছিল, সেয়ে এই তাৰিখটোকে তাই বিবাহ বাৰ্ষিকীৰ নাম দিয়ে।
আগতে বিবাহ বুলিলে তাইৰ মনত পৰিছিল, কইনাৰ মূৰত তেল দিয়া,ৰঙানদীখনলৈ পানী তুলিবলৈ যোৱা, মাহ-হালধীৰে নুওৱা-ধুওৱা, জাউৰি-জাউৰিয়ে বিয়া নাম, উৰুলি ইত্যাদি ইত্যাদি৷ এই হেঁপাহ-উদ্দীপনাৰ বিপৰীতে তাইৰ বিয়া সম্পন্ন হৈছিল এখন কাগজত। সিদিনাও তাইৰ মূৰত থবলৈ এখন হাত নাছিল। কন্যাদানৰ প্ৰসংগই নাছিল। তথাপি সেই তাৰিখটোকে বুকুত বান্ধি বিয়াৰ দিনবোৰৰ সুখ গণে তাই। আজিও সেই একেই অনুভুতিয়ে তাইক চুই গ’ল। পুহমাহৰ নিহালী এৰি অলংকৃতাৰ কাষৰ পৰা উঠি অহা আল্ট্ৰাছলৈ মৰম উথলি উঠে তাইৰ। পুৱতি ৰ’দকণৰ দৰেই সতেজ হৈ উঠে তাইৰ অনুভূতিবোৰ। দুখৰ দিনৰ কথাবোৰ কুঁৱলীয়ে ঢকা পথাৰখনৰ নৰানিৰ মাজত লুকুৱাই তাই বিছনাৰ পৰা উঠি আহে। দুষ্টামি এটাই মনত ক্ৰিয়া কৰি যায়। সন্তপৰ্ণে