পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পেকেটটোৰ পৰা কাগজবোৰ উলিয়ালে। কাগজ মানে কি আৰু, চিঠি দুখনমান, কাৰ্ড দুখনমান, গোলাপৰ শুকান পাহি কেইখিলামান, আৰু চিগাৰেটৰ বাকচৰ পৰা ফালি লোৱা টুকুৰা এটা। টুকুৰাটো দেখি তাই আচৰিত হ’ল। এইখন কি ওলাল আকৌ? চিগাৰেটৰ বাকচত কোনেওতো নিশ্চয় তাইলৈ প্ৰেম পত্ৰ নিলিখে।

 অধৈৰ্য হৈ তাই টুকুৰাটো পঢ়িবলৈ আৰম্ভ কৰিলে।

 “কৃতা, I came with lot expectation, but returned with much disappointment. তোক লগ নাপালো। কাইলৈ ফ্লাইটৰ টিকট আছে। ফোন নম্বৰটো দিছোঁ, ফোন কৰিবি- ধ্ৰুৱম৷’’

 “হোৱাটঙ্গ ধ্ৰুৱম!”

 ধ্ৰুৱমৰ পৰা এই টুকুৰাটো কেতিয়া আহিছিল? এইকেইটা আখৰ, এইকেইটা শব্দ, চিগাৰেটৰ পেকেটৰ টুকুৰা এটাত লিখা এই কথাখিনি কিদৰে নেদেখাকৈ থাকিল তাই?

 এজাক বৰলৰ দংশনত তাই বিষালি হৈ পৰিল। কতদিন সপোনত তাই ধ্ৰুৱমৰ স’তে কথা পাতিছে। কতদিন ধ্ৰুৱমৰ অস্তিত্বই আন্ধাৰ বাটত সংগ দিছে। কতদিন কত অভিমান এৰিছে তালৈ। সি ঘূৰি নহাৰ বাবে মনৰ মাজত তাই ঠেহ পাতি ৰৈছে। অথচ সিতো আহিছিল, কাগজৰ টুকুৰাত তাৰ অস্তিত্ব বন্দী কৰি তাইৰ ওচৰে পাজৰেই আছিল সি। শতটা নিৰাশাৰ ৰাতি তাই নজনাকৈয়ে সি তাইক বুজাই বঢ়াই ক্ষান্ত কৰিছিল।

 আসঃ কি যে সময়ৰ আহবানঙ্গ ঘড়ীটো আগুৱাই যায়, মনটো পিছলৈ দৌৰি যায়। প্ৰহেলিকাত ৰৈ যায় বেদনাৰ টোপোলবোৰ। সুখৰ অনুভূতি নে দুখৰ অনুভূতি এছাটিয়ে তাইক চুই যায়।

 গধুৰ মনটোৰে তাই আলমাৰীটো বন্ধ কৰিলে। এই কাগজৰ টুকুৰাটোৱে পুনৰবাৰৰ বাবে তাই স্থিৰ কৰিব বিচৰা জলধাৰাখিনিত এটা গভীৰ বিন্দুৰ সৃষ্টি কৰিলে। বিন্দুটোৰ পৰা এটা বৃত্তৰ সৃষ্টি হ’ল। তাৰ বাহিৰত আৰু এটা বৃত্ত। ঐককেন্দ্ৰিক বৃত্তটোৰ আকাৰ যিমানেই বাঢ়ি গ’ল, বাহিৰৰ পৰা সিমানেই ইয়াক স্থিৰ যেন অনুভূত হ’ল। সেই স্থিৰতাখিনি মুখত সানি তাই অফিচলৈ বুলি গাড়ীত বহি পৰিল।

++

(সাতাইশ)

 কাউৰী এজনীয়ে দুদিনৰ পৰা ৰমলিয়াই আছে। এখিনি কজলা ডাৱৰে ফাগুনৰ আকাশখন ওন্দোলাই আনিছে। এই আকাশখন দেখিলে মঙলদৈলৈ যোৱাৰ দিনটোলৈ মনত পৰে। উল্কি আৰু আল্ট্ৰাছৰ ৰহস্যঘন নিৰৱতাই খেলিমেলি কৰি থৈ গ’ল তাইক।

 উল্কিৰ সন্তানটো পৃথিৱীলৈ আহিল নে নাই তাই নাজানিলে। সেই সন্তানটো উল্কিৰ দৰে ছটফটিয়া ছোৱালী এজনী নে আল্ট্ৰাছৰ দৰে উঠন বুকুৰ পুৰুষ-শিশু এটি? গভীৰ আশা সানি চকু দুটি মুদি দিলে তাই, শিশুটি কঞ্জনীলৰ দৰেওতো হ’ব পাৰে।

 কি সহজ অথচ কি কঠিন এই সত্যঙ্গ কি গোপন অথচ কিদৰে ই নাঙঠ কৰি যায় কত অপ্ৰৰমাণিত সত্যঙ্গ

 মুখ্য কাৰ্যালয়ৰ পৰা উত্তৰ-পূব সীমান্তলৈ পঠিয়াইছে ধ্ৰুৱমক। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ শেহতীয়া পৰিস্থিতিত চিন্তিত হৈছে কেন্দ্ৰৰ গৃহবিভাগ। ধ্ৰুৱমে বাহৰ পতা চাংখনৰ কিছু দূৰতেই কেইবাটাও বিদ্ৰোহী সংগঠনৰ শিবিৰ। সন্ধ্যা লগাৰ লগে লগে শিবিৰৰ পৰা ঢিমিক ঢামাককৈ জ্বলি থকা কম পাৱাৰৰ বিজুলীবাতিৰ পোহৰ চকুত পৰে। সৌৰশক্তি চালিত জেনেৰটৰ এটাই এই পোহৰৰ উৎস হিচাপে কাম কৰিছে। অতি সোনকালেই সেই পোহৰকণো নোহোৱা হ’ল। ডাঠ ডাৱৰৰ বাবে চলাৰ পেনেলে কাম কৰা নাই হয়তো। ওচৰৰ জংঘলৰ পৰা ভাঁহি আহিছে সুগৰি পহুৰ চিঞৰ। জুৰিৰ পৰা পানী খাবলৈ নামি যোৱা পহুৰ চিঞৰ সেয়া। ক’ৰবাৰ পৰা ভাঁহি অহা হাতীজাকৰ চিঞৰখিনি মাৰ গৈছিল মাথোঁ, চিলমিলকৈ টোপনি ধৰিছিল ধ্ৰুৱমৰ। বৰষুণ এজাকে সেই টোপনিৰ আৱেশ ভাঙি বিভ্ৰংশ স্মৃতিৰ কিয়দংশলৈ লৈ গ’ল তাক। ঠিক সেই ঘটনাটোৰ পাছতে সি অসম এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। অলংকৃতা আৰু ধ্ৰুৱমৰ স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষা চলি আছিল তেতিয়া। অলংকৃতাৰ