গাড়ীত বাজি আছিল,
“তুম নেহী, গম নেহী, চৰাব নেহী,
এইচে তনহাইয়া কা জবাব নেহী।”
গজলটোত বুৰ গ’ল কিছু সময় সি। অলংকৃতাই খুব গজল শুনে। এই গজলখিনি তাইৰ পৰাই সি পেন ড্ৰাইভত ভৰাই লৈছিল। এইখিনিৰ সান্নিধ্যৰে জীপাল হৈ থাকে তাৰ সময়বোৰ। গজলৰ কথাবোৰে যেন তাৰ কথাকে কয়,
“তাই নাই, সেইবুলি দুখ নাই, আজি নিচাও নাই, তথাপি কি যে এক নিঃসংগতাই তাক গ্ৰাস কৰি যায় অথচ এই নিঃসংগতাৰ কোনো তুলনা নাই”। জীৱনটো এনেকৈয়ে পাৰ কৰিব পাৰিবনে সি? মাকে প্ৰায়েই তাক বিয়াখনৰ কাৰণে জোৰ কৰে। সদায়ৰ দৰেই সি মৌন হৈ ৰয়। বুকুত কঢ়িয়াই থকা জিপজিপীয়া অনুভৱটো এৰি সি মৰুভূমিত খোজ থ’ব নোৱাৰে। সেই জিপজিপীয়া অনুভৱটো তাক দি গৈছে অলংকৃতাই।৷
ইফালে অলংকৃতা? তাই অফিচৰ কামবোৰত মন বহাব নোৱাৰিলে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰমুখ্যে এটা সঁজাতী দল সিহঁতৰ জিলা আৰু সত্ৰ ন্যায়ালয়লৈ পৰিদৰ্শনৰ বাবে অহা কথাটোত তাই কোনোধৰণৰ টেনচন নল’লে। বৰঞ্চ মনটো দুৰু দুৰুকৈ কঁপি থাকিল। দীপকক লগ পালে তাই ধ্ৰুৱমৰ কথা উলিয়াব পাৰিব। ধ্ৰুৱমক লগ পাবনে তাই? লগ পালে তাৰ চুলিকোছাত জোকাৰি তাই ক’ব,
“তই যে সঁচাকৈয়ে এটা বান্দৰঙ্গ”
++
(উনৈশ)
“তই সঁচাকৈয়ে এটা বান্দৰেই হয় ধ্ৰুৱম, মোক আকাশত উৰিবলৈ দি তই গছৰ ফেৰেঙনিত বহি বহি বান্দৰটোৰ নিচিনাকৈ চাই থাকিলি’৷
অফিচৰ পৰা আহিয়েই ফাইলটো টেবুললৈ দলিয়াই তাই পোৰ্ট্ৰেইটখনত তুলিকা বুলায়। বাৰাংগনাজনীক আঁকিবলৈ লৈ তাই ভাগৰি পৰে। ধ্ৰুৱমে খুব ভাল ছবি আঁকিছিল। হাতৰ পাকতে চৰাইজনীক নতুবা নাওখনক গতি দিয়ে, ধুমুহাজাকৰ গতি ৰুদ্ধ কৰে নতুবা চকুপানীৰ গলিটোত আশাৰ ৰং ছটিয়াই গৈ থাকে। সি ছবি আঁকোতে তাই একান্তমনে চাই থাকে। চাই চাই তাই কিছু শিকিলে যদিও কিছু শিকিবলৈ থাকি গ’ল, সেয়ে আক্ষেপেৰে কৈ উঠি তাই,
“তোৰ দৰে ছবি এখনো আঁকিবলৈকো নিশিকিলোঁ ধ্ৰুৱম, চাচোন বাৰাংগনাজনী দিনৰ পোহৰত বাৰাংগনা হ’ব নোখোজে, অথচ ৰাতিৰ আন্ধাৰবোৰে তাইলৈ ৰ’ লাগি চায়। এজনী বাৰাংগনাৰ দুটা ৰূপ। দিনত মুখা ৰাতি উকা।”
দিনটো উত্তেজনাৰে পাৰ হ’ল আজি। অফিচত ইমান কামৰ হেঁচা কৰ্মব্যস্ততাৰ মাজতো এই পোৰ্ট্ৰেইটখনৰ কথা চেৰেং চেৰেংকৈ মনত পৰি থাকে তাইৰ। চৰিত্ৰটো ভবামতে ফুটাই তুলিব পৰা নাই, তাইৰ পোৰ্ট্ৰেইটৰ বাৰাংগনাৰ মুখত চহৰৰ নিষিদ্ধ গলিৰ বাৰাংগনাজনীৰ দৰে সস্তীয়া ৰং জিলিকাব পৰা নাই, তাইৰ পোৰ্ট্ৰেইটৰ বাৰাংগনাজনীৰ মুখত অভিজাত হোটেলৰ কোটিটকীয়া বাৰাংগনাজনীৰ দৰে অনৈতিকতাৰ ৰং সানি দিব পৰা নাই। গোটেই কথাবোৰেই সংগতিবিহীন। ক’ৰবাত তাই সফল হোঁৱা নাই। সাধনাৰ প্ৰয়োজন তাইক। বহুত সাধনাৰ প্ৰয়োজন। সেই সাধনাৰ বাবে সময়ৰ প্ৰয়োজন। সেই সময়ৰ বৰ অভাৱ তাইৰ। এফালে জীৱন-সংগ্ৰাম, আনফালে নিচাবোৰ, কোনোটোৰেই চোক কম নহয়।
সহায়িকাজনীয়ে কোটটো নি ৱাৰড্ৰবত সুমুৱাই মানে ল’ৰাহাল দৌৰি আহে, “মা মা বাৰাংগনা মানে কিনো”?
চক খাই উঠে তাই। তাইৰ কেনভাচৰ তলত লিখি থোৱা আছে ছবিখনৰ শিৰোনাম, ‘বাৰাংগনাৰ জুপুৰি। পৰীক্ষা শেষ হোৱাৰ পাছতে দুয়োটাই তাইৰ কিতাপৰ কোঠাটো ছেদেলি-ভেদেলি কৰি থৈছে। ইটো খুঁচৰিছে, সিটো উলিয়াইছে। বিশৃংখল টেবুলখনৰ ওপৰত অসমীয়া অভিধানখন মেল খাই আছে। সিহঁতে অভিধানখন মেলি