চকু চলচলীয়া হৈ আহে তাইৰ, “কি দেখা পাৱ তাই? একোকে নেদেখ’ তই। দেখা হ’লে এবাৰ হ’লেও মোক বিচাৰি আহিলিহেঁতেন”।
হঠাতে তাইৰ মনত পৰে, চিগাৰেটৰ পেকেটৰ টুকুৰাত ধ্ৰুৱমে তাইলৈ বুলি লিখা টোকাটোৰ কথা, যিটুকুৰাৰ বিষয়ে তাই পোন্ধৰবছৰৰ মূৰতহে জ্ঞাত হ’ল। এগাল কাগজৰ মাজত সোমাই থকা সেই টোকাটো উচিত সময়ত পোৱা হ’লে হয়তো তাইৰ জীৱনৰ সুঁতি বেলেগ ফালে গ’লহেঁতেন। সেই কথা মনত পৰোঁতেই ধ্ৰুৱমেও কৈ উঠে,
“কৃতা, মইতো তোক বিচাৰিছিলোঁ মই। তোক বিচাৰি ইউনিভাৰ্চিটি পাইছিলোঁগৈ”।
“আচৰিত! সেই কথাষাৰেই ময়ো সুধিব লৈছিলোঁ। তই কেতিয়া গৈছিলি সেই কথা মই নাজানিলোঁ, কিন্তু তই এৰি থৈ অহা কাগজৰ টুকুৰাটো সিদিনাহে উদ্ধাৰ কৰিলোঁ”।
“তই তেতিয়া গম পোৱা নাছিলি? মই তোৰ ফোনৰ বাবে ৰৈ ৰৈ হায়দৰাবাদলৈ গ’লোঁ”, বুকুত হেঁচি থোৱা হুমুনিয়াহৰ ভৰটো খহি পৰে তাৰ।
“মই গম নাপালোঁ ধ্ৰুৱম। কাগজৰ জাপৰ মাজতে তোৰ চিঠিখনো সোমাই থাকিল। যেতিয়া চিঠিখন পালোঁ, তোক নাপালোঁ। দেৰি হৈ গ’ল বহুত”।
পাহাৰৰ দাঁতিটোৰে খোজকাঢ়ি খোজকাঢ়ি দুয়ো আগবাঢ়ে। দুয়োৰে মাজত শব্দমুখৰ এলানি মৌনতা আৰু মৌনতাবোৰ কঢ়িয়াই নেজ জোকাৰি জোকাৰি দৌৰি যোৱা এজাক কেৰ্কেটুৱা।
“মই কেনেকৈ ভাবোঁ জাননে কৃতা? মই ভাবোঁ যে, প্ৰতিটো ঘটনাৰে এটা লক্ষ্য থাকে। মই তোক লগ নোপোৱাটোও তেনে এক লক্ষ্যৰে ফল। হয়তো অৰণ্যৰ হেৰাই যোৱা দীপকক উদ্ধাৰ কৰিবলৈকে নতুবা উল্কি নামৰ হেৰাই যোৱা ছোৱালীজনীক উদ্ধাৰ কৰিবলৈকে তেনেবোৰ ঘটনা পূৰ্বনিৰ্ধাৰিত হৈ থাকে’’৷
“দীপকৰ উদ্ধাৰত তোৰ হাত আছে?” পুনৰবাৰ তাইৰ আচৰিত হোৱাৰ পাল।
“ওমম। ক’ম লাহে ধীৰে। সিদিনা দীপকৰ শেষ আশ্ৰয় আছিল খৰস্ৰোতা নৈখন। ভাগ্যক্ৰমত সি বাচি গৈছিল। তাৰ নিৰাপত্তাৰ বাবেই পৃথিৱীৰ সন্মুখত তাক মৃত ঘোষণা কৰা হৈছিল”।
“আৰু মই, খুড়ীদেউ সকলোবোৰ পাগল হৈ গৈছিলোঁ”
“আৰু তই নিজকে চম্ভালিব নোৱাৰি বিশালৰ লগ লাগি খুড়ীদেউৰ ওচৰ পাইছিলিগৈ।”
“তাৰ বাদে উপায় আছিল ক”?
“অকলে যাব পৰাকৈ শক্তিশালী ‘অলংকৃতা’ এজনী আশা কৰিছিলোঁ কৃতা। ইয়ালৈ যিদৰে তই অকলে আহিছ, সেইদৰে।”
“দীপকে মোক ইয়ালৈ মাতি পঠিয়ালে, তাকো অকলে?”
“তোৰ কথাটো বেছ জটিল। কিদৰে আৰম্ভ কৰোঁ ভাবি আছো”।
“আৰে ল’ৰা। তই আকৌ মোৰ লগত কথা পাতিবলৈ কিহৰ আখৰা কৰি আছ? মনলৈ যি আহিছে কৈ যা ফটাফট”।
অলংকৃতা পুনৰ সেই আগৰ ছোৱালীজনী হৈ পৰিছে। আবৱেগবোৰ শাম কাটিছে। ধ্ৰুৱমৰ লগত তাই সহজ হৈ উঠিছে। আৰু কৈ দিছে, মনলৈ যি আহিছে কৈ যা ফটাফট বুলি।
সহজ হৈ উঠিছে সিও। সহজ হৈ সুধিছে পুনৰবাৰ,
“প্ৰথমে ক’, বিশালৰ সৈতে তোৰ কি সম্পৰ্ক?”।
“জাষ্ট এজন কলিগ তেওঁ। আৰু কিছু ক্ষেত্ৰত তেওঁৰ লগত মোৰ ভাল বন্ধুত্বও আছে।”
“কেৱল বন্ধুত্বই নে?”
“ওম। অলপ খাচ বন্ধুত্ব।”
“কিমান খাচ?”, দুষ্টালি ভৰা কণ্ঠ এটাৰে সুধি পেলায় সি।
“তোতকৈ কম দে”, নাকৰ পাহি ফুলাই প্ৰত্যুত্তৰ দিয়ে তাই।
তাইৰ কথাত সি মিচিককৈ হীহি পেলায়। বৰ মৰম লাগে তাইলৈ। বৰ মৰম তাইলৈ তাৰ। সেই মৰমৰ খাতিৰত সি তাইক লগ কৰিবলৈ আহিছে। সেই মৰমৰ কোনো নাম নাই। সেই মৰমত নিজৰ কৰি লোৱাৰ