পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পৰিলেও সিমানেই কষ্ট”৷

 ধ্ৰুৱমৰ মুখৰ মাত হেৰায়, ঠিক অস্তগামী বেলিটো নৈৰ বুকুত হেৰাই যোৱাৰ দৰেই৷ ৰাতিৰ ৰাতিটো বেলিটো বিচাৰি পৃথিৱীখনে ব্ৰহ্মাণ্ড চলাথ কৰাৰ দৰেই সিও প্ৰশ্নবোৰৰ উত্তৰবোৰ বিচাৰি মনোজগত চলাথ কৰিব। পাব, সিও উত্তৰবোৰ পাব, কাৰণ কোনোটো প্ৰশ্মই যে উত্তৰবিহীন নহয়।

 উল্কিৰ লগত বিশালৰ কিমান গভীৰ সম্পৰ্ক, এয়া তাৰ অৱচেতন মনত ঘূৰি থকা আন এটি প্ৰশ্ন।

++

(বত্ৰিশ)

 ঘন সেউজীয়া অৰণ্যখনিৰ এচুকৰ চাংঘৰটোত পৰি আছে যদিও টোপনি ধৰা নাই অলংকৃতাৰ। ধ্ৰুৱমক আচৰিতভাৱেই লগ পাই যোৱাৰ সুখখিনি তাই এতিয়ালৈকে চম্ভালিব পৰা নাই। বহুত কথা ক’বলৈ আছিল তাইৰ। নোকোৱাকৈয়ে সি তাইৰ বিষয়ে বহুত কথাই জানে। তাইতকৈ যেন কিছু বেছিকৈয়ে জানে। বিশালৰ কথাও জানে সি। শুব পৰা নাই তাই। এবাৰ যদি ইকাটি হৈছে, ক্ষন্তেক পিছতে সিকাটি। চাংঘৰৰ নগাঢাৰিখন তাইৰ প্ৰতিটো বাগৰতে কেৰমেৰাই উঠিছে। নিস্তব্ধ নিশাটিৰ ছাইৰঙী আঁচলত লুকুৱাই থ’ব জনা নাই বুকুৰ পৰা ভিৰ ফালি ওলাই অহা অস্থিৰতাৰ উশাহবোৰ। প্ৰতিটো উশাহেই যেন ভিৰৰ মাজৰ এটি এটি নিঃসংগ পৰুৱা। অকলশৰীয়া, বৰ অকলশৰীয়া একো একোটা উশাহ।

 অলংকৃতাই ঢাৰিখনতে আঁঠুত মুখ গুজি বহি পৰে। ধ্ৰুৱমলৈ মনত পৰে তাইৰ। জলকোঁৱৰৰ দৰে নৈখনৰ পৰা উঠি অহা প্ৰিয় চৰিত্ৰটোৰ সতে তাই একাত্ম হৈ পৰে। ধ্ৰুৱমৰ মাজত কিবা এটা আছে, যিটো আন কাৰো ওচৰত নাই। সেই ‘কিবা’ টোৰ ভাবত তাই বিভোৰ হৈ পৰে। তাৰ চকুলৈ চোৱা নহ’ল, তাৰ গাৰ গোন্ধও লোৱা নহ’ল, অথচ সমগ্ৰ সত্বা আৱৰি সি তাইৰ কাষত থাকি গ’ল। মন গৈছে তাইৰ, বন্ধ কোঠাৰ দুৱাৰ খুলি ওলাই যাবলৈ, মন গৈছে ধ্ৰুৱমৰ স’তে ৰাতিৰ আকাশখন মুকলি মনেৰে চাবলৈ। তেনেই ওচৰতে আছে সি। মাজত এখন বাঁহৰ বেৰ মাথোঁ। বেৰৰ জৰঙাৰে জিলিকি থকা পূৰ্ণিমাৰ চন্দ্ৰমাটো বৰ মোহনীয় দেখাইছে। জোনটো ইমান ওচৰত অথচ ইমান দূৰৈত। ধ্ৰুৱমো তাইৰ ইমান ওচৰত অথচ ইমান দূৰৈতঙ্গ

 মোবাইল অন কৰি ঘড়ীটোলৈ চালে তাই। একবাজি পাৰ হৈ গৈছে। বেছি দেৰি হোৱা নাই। বাহিৰৰ নিমাওমাও পৰিৱেশে ৰাতিটো বেছি গভীৰ কৰি তুলিছে। নগৰত আকৌ এই সময়ত ৰাতিবোৰ জাগিহে উঠে। নগৰৰ ৰাতিবোৰ দুৰ্দান্ত প্ৰেমিকৰ দৰে, নিস্তব্ধতাবোৰ ফালি ফালি সিহঁতে আদিমতাৰ কবিতা ৰচে। জুপুৰিৰ বাৰাংগনাজনীয়ে দেহত ৰং সানি চাকিগছি জ্বলাই থ’বলৈ এই দুপৰ নিশালৈকে ৰৈ থাকে। নিশা গভীৰ হ’লেই সেই ৰঙেৰে সিহঁতে ফাকু খেলে। সিহঁতৰ বাবে ৰাতিবোৰ ৰঙীন। সিহঁতৰ বাবে ৰাতি মানেই উল্লাস। অৰণ্যৰ দৰে বিষাদসুৰীয়া নহয় নগৰৰ ৰাতিবোৰ।

 বেৰৰ ফাঁকেৰে ফোনটোৰ নীলা পোহৰবোৰ সিটো কোঠালৈ বিয়পি পৰে। নীলা পোহৰটোৱে তাৰ চকু চাট মাৰি ধৰে। অলংকৃতাৰ নীলা বিষাদবোৰ পি খাবলৈ মন যায় তাৰ। নোৱাৰে। সিহঁতৰ মাজত শিকলিৰে বন্ধা দলং পাৰ হ’বলৈ তেনেই সহজ অথচ বৰ কঠিন। নীলা নীলা অনুভৱবোৰ সি সামৰি থয়। বেৰৰ সিপাৰৰ পৰা খৰ- মৰণি এটা আহি তাৰ বুকু বিন্ধে। শুব পৰা নাই তাই। শুব পৰা নাই সিও। ফোনটো উলিয়াই সি তাইৰ নম্বৰটো ডায়েল কৰে। বেৰৰ সিপাৰৰ পৰা অলংকৃতাৰ কণ্ঠ ভাহি আহে,

 “কি হ’ল ধ্ৰুৱম?”

 “টোপনি ধৰা নাই তোৰ?”

 “নাই ধৰা অ”, তাই কয়। কওঁ বুলিও কোৱা নহয় তাইৰ, “ব’লনা ধ্ৰুৱম, আজি ৰাতিটো উজাগৰে কটাও।” বৰঞ্চ সুধি পেলায়,

 “আচ্ছা, তই কিয় বিয়া পতা নাই, সেইটো ক’চোন মোক।”

 হাঁহে সি, “মই যিযোৰ চকুৰে সেই নাৰীক চালোঁ, সেই চকুৰে মই আনক চাওঁ কিদৰে ক’চোন? বাৰু বাদ দে। তই এতিয়া শুই যা সোণ”, অকস্মাতে তাৰ মুখৰ পৰা শব্দকেইটা নিগৰি আহে। চক খাই উঠে তাই। সোণ