সিদিনাহে গলিছিল। ককায়েক-ভনীয়েকৰ অভিমান কিমান দিনলৈ? অত যুগৰ অতবোৰ স্মৃতিৰে গাঁথি থোৱা মৰমৰ এনাজৰীডাল কি শক্তিয়ে ছিঙিব পাৰে? ককায়েক-ভনীয়েকৰ সম্পৰ্কও তেনেদৰেই পুনৰ ঠন ধৰি উঠিল। সেই সম্পৰ্কও আল্ট্ৰাছৰ পছন্দৰ বাহিৰত। আচলতে তাই নুবুজিলে কিমান ত্যাগ কৰা হ’লে তাই আল্ট্ৰাছৰ পছন্দৰ হৈ থাকিলহেঁতেন।
ৰহিমাই আকৌ ফোন কৰিছে, তাই কি খাই ভাল পায় সুধিছে, তাই উত্তৰ দিছে, “কচু, কলডিল, ঢেঁকীয়া পাৱ যদি ৰান্ধি থ’বি। অলপ দেৰিকৈ গৈ আছোঁ।”
এইবাৰ তাই ফোনটো অফ কৰি থ’লে৷ আত্মকথনৰ সময় এয়া। নিজকে উত্তৰ দিয়াৰ সময়। ৰহিমাই তাইক এসাজ খুৱাবই, সেয়া ৰহিমাৰ দাবী। তাই ৰহিমাৰ আশাকণ পূৰ কৰিব। কিন্তু নিজৰ কাৰণেও কিছু সময়ৰ দৰকাৰ। এদিনৰ বাবেহে তাই ঘৰৰ পৰা ওলাই আহিছে। কাইলৈ পুনৰ ওভতনি যাত্ৰা আৰম্ভ কৰি তাই পুৱা দহবজাতে অফিচ পাবগৈ লাগে। ইমানকৈ ছুটী ল’ব নোৱাৰে তাই। চাকৰিটো তাইক দৰকাৰ। বেদুইনী জীৱনৰ হেঁপাহত সন্তান দুটিৰ ক্ষতি কৰাব নোৱাৰে। সিহঁত দুটিক নিশ্চিত ভৱিষ্যত দিয়াটো তাইৰ কৰ্তব্য। বাকীবোৰ কথা পাগলামিত চলি থাকক কোনো কথা নাই। নিজক লৈ চুক্তিবদ্ধ নহয় আৰু তাই। চুক্তিত আবদ্ধ হ’বলৈ গৈ যে তাই কিমানবাৰ হাঁহিয়াতৰ পাত্ৰ হৈছিল কোনো হিচাপ নাই। প্ৰেমৰ চুক্তি পূৰণ কৰিবলৈ বিবাহত বহিছিল, বিবাহৰ চুক্তি পূৰণ কৰিবলৈ তাই নিজস্বতা এৰিছিল। সৰু সৰু দুটিমান উদাহৰণ চেলুলয়ডৰ পৰ্দাৰ দৰে মনৰ চকুৰ আগেৰে পাৰ হৈ যায়।
বিয়াৰ পিছতে তাইক আমিষভোজী কৰিবলৈ জোৰ দিছিল আল্ট্ৰাছে। তাই মান্তি হোৱা নাছিল।
“তুমি এতিয়াও নিজৰ ধৰ্ম ত্যাগ কৰি মোক মনে-প্ৰাণে গ্ৰহণ কৰিব পৰা নাই”, তেওঁ কৈছিল।
তাই সজোৰে প্ৰতিবাদ কৰি উঠিছিল,
“নহয় নহয়, খাদ্যাভাসৰ লগত ধৰ্ম এক নকৰিবা। মানুহ হিচাপে জী থাকিবলৈ দিয়া মোক। মই আমিষ খাদ্য হজম কৰিব নোৱাৰোঁ, গতিকে মই নিৰামিষভোজী। কথাটো একেবাৰেই চিম্পল।”
“মুছলমানৰ ঘৰত নিৰামিষভোজন। কথাটো কিবা নজমে”, আল্ট্ৰাছে কটাক্ষৰ হাঁহি এটা মাৰিছিল।
“নহয় নহয়। তুমি ঠেক গণ্ডীৰে কথাটো বিচাৰ কৰিছা। উত্তৰ ভাৰতৰ বহুত মানুহেই নিৰামিষভোজী। ধৰ্ম লৈ কোনো কথা নাই। এপিজে আব্দুল কালাম আজাদ ছাৰ নিৰামিষভোজী আছিল।”
“পঢ়া-শুনাটো অলপ বেছি হ’লে সেয়াই বিপদ। যুক্তি কাটিবই নোৱাৰি”, বুলি ভোৰভোৰাই আল্ট্ৰাছ ঘৰৰ পৰা ওলাই গৈছিল।
আহত হৈছিল তাই। কিছুমান কথা একেবাৰেই ব্যক্তিগত। সেইখিনিক লৈ প্ৰশ্ন উঠাটো তাই বিচৰা নাছিল। অৱশেষত এনেকুৱা হৈছিল, তাই নিজেই মাংস ৰান্ধি লৈ আল্ট্ৰাছৰ গোটেই বন্ধুবৰ্গক খোৱাইছিল। আল্ট্ৰাছ জয়ী হৈছিল। তাই? তায়োতো হাৰি যোৱা নাছিল। তাই নিৰামিষভোজী হৈয়ে ৰৈছিল।
ঈদ-উদ-জোহাৰ সময় আছিল সেইবাৰ। ঈদ উপলক্ষে তাইক আল্ট্ৰাছে নিজৰ গাঁৱলৈ লৈ গৈছিল। গাঁৱত উখল মাখল পৰিবেশ পিঠা-পনা ভজাৰ গোন্ধই, দীঘল দীঘল চেৱৈবোৰ ৰ’দত শুকুৱাৰ দৃশ্যবোৰে মন মুহিছিল মানে সিমূৰৰ পৰা ছাগলী এজনীয়ে বেবাই উঠিছিল। কোনোবাই কৈছিল, সেইজনী কোৰবানী দিবলৈ অনা ছাগলী। বুকুখনত বিষ উঠিছিল তাইৰ।
আগৰে পৰা বলিবিধান বিৰোধী তাই এতিয়া তাইৰ চকুৰ সন্মুখতে বলি দিয়া হ’ব নিৰীহ প্ৰাণীৰ। কথা নাই; বতৰা নাই অলংকৃতা দুৰ্বল হৈ পৰিল অকস্মাতে। আল্ট্ৰাছৰ মুখখন ওফন্দি উঠিছিল মাথোঁ, গাঁৱৰে বুঢ়ী আই এগৰাকীয়ে তাই অসুখৰ খবৰ পাই নিজৰ ঘৰলৈ লৈ গৈছিল,
“ইয়াতে থাক আই। তই বৰ কোমল মনৰ। সেই পৰিৱেশত তই থাকিব নোৱাৰিবি।”
অকলশৰীয়া সেই বুঢ়ীমাইৰ ঘৰৰ বিছনাত তাই দুদিন পৰি থাকিল। ঘূৰি অহাৰ দিনা পুনৰ আল্ট্ৰাছৰ ওফোন্দা মুখ।
“অলপো ফেষ্টিভ মাইণ্ডেড নোহোৱা তুমি”৷
ফেষ্টিভ মাইণ্ডেড! কথাষাৰৰ হয়তো সত্যতা নোহোৱা নহয়। তাই সদায়েই উৎসৱ-পাৰ্বনৰ পৰা দূৰৈত