সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আঁতৰিবলগীয়া হয়, তাই বিনা প্রতিবাদে আঁতৰি দিব। সন্তান দুটিৰ অভিভাৱকৰ দায়িত্ব অকলেই পালন কৰিব। ইমান কঠোৰ সিদ্ধান্ত লোৱাৰ পাছতো তাই শংকিত হৈ ৰয়, তাইৰ কষ্ট হ’ব, এজোপা বটবৃক্ষক মেৰিয়াই চলি থকা তাই নামৰ লতাডালৰ অকলে বগাবলৈ কষ্ট হ'ব। কেৱল তাইৰে কষ্টনে? সন্তান দুটিয়ে লাগ বুলিলেই যে দেউতা নামটোৰ সৈতে উমলিব নোৱাৰিব, সেইখিনিতে তাই আল্ট্ৰাছৰ পৰা আঁতৰি থকাৰ সিদ্ধান্তটো খহি পৰে। সেই সিদ্ধান্তটো খহি পৰাৰ পাছতে তাই উল্কিক এবাৰ লগ কৰাৰ দৰে সিদ্ধান্তটো লৈ বিশাললৈ ফোন লগায়।

 তাৰ পাছৰ তিনিঘণ্টাত চেকেণ্ডৰ কাঁটাবোৰ হিচাপ কৰি কৰি তাই বেগত কাপোৰ ভৰালে, কিটচেনত খোৱাবস্ত সাজু কৰিলে, ল’ৰাৰ কাপোৰ ভাগে ভাগে থ’লে, শাৰীখন মেৰিয়াই ল’লে। গোটেই সময়ছোৱাত আল্ট্ৰাছ নিৰুত্তৰ হৈ বহি থাকিল। সন্তান দুটি গভীৰ টোপনিত নিমগ্ন আছিল।

 ইফালে মাজৰাতি ফোনৰ শব্দত খপজপকৈ সাৰ পাই উঠিছিল বিশাল। ৰাতিপুৱাবলৈ বেছি পৰ নাই। পুৱাতেই যাত্ৰা আৰম্ভ কৰিব তাৰ নতুন ঠাইলৈ। মাকক ঘৰত অকলে এৰি যোৱাৰ দুখ এটাই তাক যাত্ৰাটোৰ বাবে একো উন্মাদনা কঢ়িয়াই অনা নাছিল। তাৰ মাজতে তাক আচৰিত কৰি মাজৰাতি অলংকৃতাই ফোন কৰি তাৰ সতে মঙলদৈলৈ যোৱাৰ প্রস্তাৱ দিলে। অলংকৃতাৰ ফোনটোৱে তালৈ এক উন্মাদনা কঢ়িয়াই আনিলে, মাজৰাতিখন সি বেলেগকৈ একো কথা ভাবিব নোৱাৰিলে।

 প্রথমবাৰৰ বাবে আল্ট্ৰাছেও হয়তো এক উজাগৰী নিশা পাৰ কৰিছিল। উগ্রতাখিনি শাম কটাবলৈ একো আহিলা নাছিল তেওঁৰ ওচৰত। তেওঁৰ উগ্র স্বভাৱৰ বিপৰীতে অলংকৃতা সদায় আছিল ধীৰ স্থিৰ। তাই যন্ত্ৰৱৎ কাম কৰি গৈছিল। তাইৰ ধীৰ স্থিৰ আচৰণত আল্ট্ৰাছ ভিতৰি ভিতৰি ছটফটাই ৰৈছিল। বেগটো চোঁচৰাই ওলাই আহোঁতেও আল্ট্ৰাছ চোফাখনতে বহি আছিল। তাইৰ সমস্ত কাৰ্য-কলাপ তেওঁ গম পাই আছিল। অথচ কিবা এষাৰ কথাও মুখেৰে উলিয়াব নোৱাৰাকৈ তেওঁৰ ওঁঠত হাজাৰ সংকোচৰ মৌনতাই বিৰাজ কৰিছিল। পুৱতি নিশাৰ ঘণ্টা বাজি উঠিছিল মাত্র, তেনে সময়তে বাহিৰত বিশালৰ গাড়ীখন ৰোৱাৰ শব্দ শুনিছিল। বেগটো দাঙি আনি তাই আল্ট্ৰাছক ওচৰত ৰৈ ক’লে, “দুদিনৰ বাবে ল’ৰা দুটিক চম্ভালিবা”। আল্ট্ৰাছৰ মুখখন নেদেখাকৈয়ে তাই বুজি উঠিছিল, আল্ট্ৰাছৰ বুকুৱেদি যেন সৰি পৰিছে স্বস্তিমিহলি এটি নিশ্বাস, “আসঃ মাথোঁ৷ দুদিনৰ বাবে”৷

 এৰা, মাথোঁ দুদিনৰ বাবেহে! অলংকৃতাই তেওঁক গোটেই জীৱনৰ বাবে এৰি থৈ যোৱাৰ কথা কোৱা নাই। বাহিৰত লৌহ মুখা এখন পিন্ধি থাকিলেও আল্ট্ৰাছৰ ভিতৰতো কপৌকোমল কলিজা এটাই ধৰফৰাই ৰৈছিল। তিলতিলকৈ সজা এখন ঘৰ, দেৱশিশু যেন দুটি পুত্ৰ, অলংকৃতাৰ দৰে দেৱীহেন পত্নী, যিকোনো মূল্যৰ বিনিময়তো তেওঁ যিখিনি হেৰুৱাব নোখোজে। অথচ কি যে এক অহমিকা! অলংকৃতাৰ ওচৰত এবাৰলৈ তেওঁ ক্ষমা খুজিব পৰা নাই। অলংকৃতাৰ চকুলৈ চাই পুনৰাই এনে নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিব পৰাৰ শক্তিকণ গোটাব পৰা নাই। মূৰৰ ওপৰত খহি পৰা এখন আকাশ, যিখন এতিয়ালৈকে দুই হাত মেলি ধৰি আছে অলংকৃতাই। আল্ট্ৰাছেও জানে, অলংকৃতাৰ হাতৰ পৰা এৰ খালেই শেষ হৈ যাব তেওঁৰ সৰুকৈ পৃথিৱী। তথাপি পুৰুষত্বৰ দম্ভালি তেওঁ এৰিব জনা নাই।

 অৱশ্যে তাইৰো বিশ্বাস আছে, দুদিনৰ বিচ্ছেদে আল্ট্ৰাছক কিছু পৰিমাণে হ’লেও সুস্থিৰ কৰি তুলিব। সন্তানৰ সৰু সৰু আৱদাৰবোৰেৰে তেওঁৰ দুদিনৰ পৃথিৱীখন উমাল হৈ পৰিব। তাইহে উদভ্ৰান্ত হৈ ইফালে ঘূৰিব, সিফালে বিচাৰিব। প্রেম-অপ্রেমৰ দগা-পাল্লাত নিজকে জুখি অদেখা পৃথিৱীখনৰ গোপন সত্যৰ অপলাপৰ অজুহাতত তাই আঁৰ চকুৰে তন্ন-তন্নকৈ বিচাৰিব সেই নাৰীৰ শৰীৰ-মনৰ সৌন্দৰ্য। কি নাম আছিল সেই নাৰীৰ, বাৰে বাৰে মনৰ পৰা সেই নাৰীৰ নামটো আঁতৰি যায়, পিছ মুহূৰ্ততে মনত পৰে উল্কি নাম আছিল সেই নাৰীৰ ৷ আল্ট্ৰাছৰ কাষে কাষে থাকি আল্ট্ৰাছৰ মগজুত তৃতীয় শ্ৰেণীৰ নাৰী হিচাপে স্থান পোৱা এক নাৰী চৰিত্ৰৰ নাম হৈছে উল্কি।

 নাৰীৰ প্রকাৰ ভিন্ন। পদ্মিনী নাৰী, চিত্ৰিণী নাৰী, শংখিনী নাৰী, হস্তিনী নাৰী৷ পুৰুষসমাজে নিৰ্ধাৰণ কৰা নাৰীৰ প্রকাৰ সেয়া। প্ৰতিটো ভিন্নতাৰ সৈতে চাৰিত্ৰিক বৈশিষ্ট্যও ভিন্ন। পদ্মিনী নাৰীক সৰ্বোত্তম দৃষ্টিৰে চোৱা হয়। আনহাতে শংখিনী নতুবা হস্তিনী নাৰীক দমন কৰিবলৈ অশ্ব বা বৃষ প্রজাতিৰ পুৰুষক দায়িত্ব দিয়া হয়। নাৰীদমনৰ প্রচেষ্টা চাল সৰ্বত্ৰে। বজাৰৰ সামগ্ৰীৰ দৰেই ভিন্ন নাৰীৰ বাবে ভিন্ন দৰ। আল্ট্ৰাছৰ দৰে উচ্চ শিক্ষিত পুৰুষৰ সমাজতো তেনে নাৰীৰ ভিন্ন দৰ-দাম চলে। এই দৰদামৰ বাবেই অলংকৃতাৰ দৰে নাৰীয়ে পদ্মিনী আসনত