(দুই)
ভাইব্ৰেশ্যন মুডত থকা ফোনটো কঁপি উঠিছিল। তাই তেতিয়া কেইবাজনো অধিবক্তাৰ স’তে মুখ্য ন্যায়াধীশৰ কোঠাত জৰুৰী আলোচনাত। চাওঁ নাচাওঁকৈ অলংকৃতাই ফোনটোত দৃষ্টি নিক্ষেপ কৰিলে।
অচিনাকি নম্বৰ৷ মুখ্য ন্যায়াধীশৰ ৰূমত ফোনটো ধৰিবলৈ তাইৰ অস্বস্তি লাগিল। ফোনটো বাজি বাজি অফ হৈ গ’ল।
ক্ৰিমিনেল কেচ এটাৰ আলোচনা কৰোঁতে কৰোঁতে দুপৰৰ বেলি উঠিল। মুখ্য ন্যায়াধীশৰ কোঠাৰ পৰা আহি গোটেইকেইজন তাইৰ কোঠাত সোমাল। জৰুৰী কেচকেইটাৰ ফাইলত চহী কৰি পঠিয়াব লাগে। তেনে এদ’মমান ফাইলৰ মাজতে ডুব গৈ থাকোঁতেই আকৌ ফোনটো বাজি উঠিল। কামৰ মাজত ফোনকল আহিলে ভীষণ বিৰক্তি পায় তাই। তাতে আকৌ অচিনাকি নম্বৰ।
ক্লান্তিৰ সুৰ এটা টানি তাই মাত দিলে, “হেল্ল”।
“আপুনি আল্ট্ৰাছ নিয়াজিৰৰ পত্নী নেকি?”
বুকুখন কঁপি উঠিল তাইৰ। আল্ট্ৰাছৰ নাম লৈ তাইক কোনেও ফোন নকৰে। কিবা বিপদ হোৱা নাইতো তাৰ! কিছু শংকা মিহলি অনুভূতিবোৰ নিয়ন্ত্ৰণলৈ আনি তাই মাত লগালে, “হয়। আপুনি কোনে ক'লে?”
“মোক আপুনি চিনি নাপাব। মই কঞ্জনীল। মংগলদৈৰ পৰা কৈছো”। ‘আল্ট্ৰাছ নিয়াজিৰৰ পত্নী’ আৰু ‘মংগলদৈ',এই শব্দকেইটাৰ মাজত কি যোগসূত্ৰ? মুহুৰ্ততে দুডাল বিদ্যুৎ পৰিবাহী তাঁৰে তাইৰ মগজুলৈ সংকেতধ্বনি কঢ়িয়াই নিলে। উল্কিৰ ঘৰ মংগলদৈত। সিমানখিনি তাই জানিছিল। উল্কি আৰু আল্ট্ৰাছৰ মাজৰ বু বু, বা বাখিনিও তাই নজনাকৈ থকা নাছিল। সেয়াইনে যোগসূত্ৰ?
“আপুনি উল্কিৰ.......?”, আধাতে ৰৈ দিলে তাই।
“হয়। উল্কি মোৰ পত্নী। আপোনাক মোৰ অলপ ক’বলগীয়া আছে”।
আছে, আছে। তাইৰো ক’বলগীয়া আছে। কেনেকৈ বুজায় তাই, তাইৰো যে উল্কিৰ স্বামীক ক’বলৈ বহুত কথাই আছে। কিমানদিন যে তাই উল্কিৰ স্বামীৰ লগত যোগাযোগ কৰিবলৈ বিচাৰি ফুৰিছেঙ্গ কিন্তু এতিয়া এই মুহুৰ্তত সেয়া সম্ভৱনে? এইখিনি সময়ত তাইৰ সন্মুখত অধিবক্তা কৃশানু গৌতম আৰু দ্বিতীয় শ্ৰেণীৰ ন্যায়াধীশ বিশাল তামুলী। টেবুলৰ কাষৰ কম্পিউটাৰটোৰ সন্মুখত কাংক্ষিতা নামৰ কম্পিউটাৰ চলোৱা ছোৱালীজনী। ফোনৰ সিপাৰে তাইৰ স্বামীৰ অবৈধ প্ৰেমৰ অভিযোগকাৰী। কি কৰে তাই? কি কৰে এনে মুহূৰ্তত তাই? কি কৰিলেহেঁতেন অন্য নাৰীয়ে? তাই নাজানে সেই কথা।
পলকতে তাইৰ মুখৰ বৰণ সলনি হৈছিল। তাইৰ মাতটোত শতযুগৰ মলিনতা আহি পৰিছিল। এই যেন এইমাত্ৰকে তাই দৌৰি গৈ শোৱনি কোঠাৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ কৰি বিছনাত উবুৰ খাই পৰি গাৰু তিয়াব, এই যেন ব্ৰহ্মপুত্ৰৰ আন্ধাৰ বালিচৰত চুলি মেলি কোনোবা অতৃপ্ত আত্মাৰ দৰে বহি ৰ'ব নতুবা এজনী উদভ্ৰান্ত নাৰীৰ দৰে অসংযত সাজেৰে বৰ্যণমুখৰ কোনো মধ্যৰাতি ঢলং-পলংকৈ নিচাগ্ৰস্ত লোকৰ দৰে লক্ষ্যহীন এক যাত্ৰাত ভৰি থ’ব নতুবা নিষিদ্ধ গলিত এজাক উতনুৱা যুৱক-যুৱতীৰ দৰে চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী পকাব নতুবা চহৰৰ উপকণ্ঠৰ কোনো ধাবাত অকলে পান কৰিব ৰঙীন পানীয়।
তেনে একোৱেই কৰা নহ’ল সেই সময়ত৷ তাইৰ মুখৰ অভিব্যক্তিত সন্মুখত থকা লোক দুজনে কিবা ধাৰণা কৰি উঠি যাবলৈ ওলাইছিল, তাই মুহুৰ্তত নিজকে সম্বৰণ কৰিলে, তেওঁলোকক বহিবলৈ ইংগিত দি ফোনত ক’লে, “আপুনি অলপ পাছত ফোন কৰিব পাৰিবনে?”
কঞ্জনীল যেন ফাটি পৰিছিল। কেনেকৈ পাৰে? কেনেকৈ পাৰে নাৰীয়ে এনেবোৰ মুহুৰ্তত নিজকে ইমান স্থিতপ্ৰজ্ঞা কৰি ৰাখিব পাৰে? কেনেকৈ? সি কিয় নোৱাৰে? কিয় ফটোখিনিত উল্কি আৰু আল্ট্ৰাছৰ মাজত ঘনিষ্ঠতা দেখাৰ পাছৰে পৰা সি চৰম অশান্তিত সময় কটাইছে? সি জানে, কিদৰে সি আল্ট্ৰাছৰ পত্নীৰ ফোন নম্বৰ সংগ্ৰহ