পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বুলি মাতিছে নে সি? নে তাই ভুলকৈ শুনিলে? ভুলকৈ শুনিলেও বুকু ভৰিল তাইৰ। আজিলৈকে তাইক আল্ট্ৰাছে সোণ বুলি মতি নাপালে। ধ্ৰুৱমে তাইক সঁচাকৈয়ে সোণ বুলি মাতিলেনে? আৱেশত চকুহাল মূদি দিয়ে তাই।

 “তোলৈ গান এটা পঠিয়াই দিওঁ, শুনি শুনি শুই যা”, সৰু ছোৱালীজনীক নিচুকুওৱাৰ দৰেই বেৰৰ সিপাৰৰ পৰা সি তাইলৈ গান পঠিয়ায়। তাই তন্ময় হৈ শুনি ৰয় সেই গান। সেয়া নদীৰ গান। সেয়া পাহাৰী সুৰ। কোনোবা অচিন পাহাৰ প্ৰেমিকে নৈখনক শুনোৱা বাঁহীৰ সুৰ। সেই সুৰৰ তালে তালে লয়লাস খোজেৰে আকুল-ব্যাকুল হৈ নৃত্যৰতা নৈজনী বৈ যায়। কঁকালৰ কলহটো ভৰাই লোৱাৰ পৰতে নাচনীজনী কিছুপৰ ৰৈ দিয়ে। তাৰ পাছত আকৌ তাইৰ উতনুৱা গতি, কোনোবাখিনিত ডেও দিয়ে, কোনোবাখিনিত গহীন হয়, কোনোবাখিনিত ৰৈ ৰৈ বিনায়। পাহাৰ প্ৰেমিকৰ ওপৰত অভিমান কৰি নৈখনে সাগৰখনত আত্মজাহ দিবলৈ গতি লয়। অভিমানবোৰেৰে পাহাৰখনৰ বুকুখন উঠন হৈয়ে থাকি যায়। নিতৌ নিশা সি বাঁহী বজাই নৈখনক শুনায়, কাকূতি কৰে ঘূৰি আহিবলৈ। সেই বাঁহীৰ সুৰে ধ্ৰুৱমক উতলা কৰে। সেই বাঁহীৰ সুৰে অলংকৃতাৰ চকুত টোপনিৰ মায়া সানে। সুদূৰৰ দেৱলোকত মনটো ওপঙি ফুৰে। মনৰ উপাসকজনৰ ছায়াত জিৰণি লোৱা মনটোৱে পুনৰবাৰৰ বাবে জীৱনৰ মায়াত বন্দী হয়। বুকুত তাইৰ পাৰিজাত ফুলে। দেহ-মনত সোপানে সোপানে বসন্ত আহে। ইমান সুখ। ইমান ৰং। চৌপাশ ভমকাফুলীয়া সপোনৰ ভৰ। বুকুৱে নসহে। সুখৰ ভৰত তাই সাৰ পাই যায়। সাৰ পাই গৰুৰ হেম্বেলনি শুনে। খিৰিকীৰ শলখা খুলি পাহাৰখনলৈ চাই পঠিয়ায়। সোণালী বান্দৰৰ জাকটোৱে কোমল ৰ’দজাকত উমলি থাকে। যুৰীয়া কপৌৱে ৰুণ দি দি তাইক জোকায়। অনন্ত সময় তেনেকৈয়ে পৰি থাকিবলৈ মন যায় তাইৰ। গাৰুটো কাণত হেঁচা দি পাটগাভৰুজনীৰ দৰে তাই বাগৰি থাকে। ধ্ৰুৱমক লগ পালে লাজ লাগিব তাইৰ। সি যদি সুধি পেলায়, ‘ৰাতি ইমান পৰলৈকে কিয় টোপনি অহা নাছিল’ বুলি। লাজ পাব তাই। ওলোটাই ক’ব পাৰিবনে, ‘তোৰনো কেলেই অহা নাছিল টোপনি?”

 ‘আকৌ এবাৰলৈ সোণ বুলি মাতিব নে সি? ওহোঁ, গহীন মাষ্টৰৰ পৰা সেই আশা নকৰাই ভাল’, বুলি পুনৰবাৰ দেহাটো ঢাৰিখনত এৰি দিয়ে। তাই কাণ উনাই বেৰৰ সিপাৰৰ শব্দলৈ দিয়ে। এটা মাথোঁ শব্দ। টোপনিত বুকু উঠা-নমা কৰাৰ শব্দ নতুবা সাৰ পাই এঙামুৰি মৰাৰ সেই শব্দ শুনাৰ হেঁপাহত তাইৰ কাণখন অধীৰ হৈ পৰে। নাই। বেৰৰ সিপাৰে তেনেই নিজম পৰি আছেচোন। ফোনটো হাতত লৈ তাক ৰিং কৰিবলৈ লওঁতেহে দেখিলে, ফোনটোও অফ হৈ গৈছে। ৰাতিৰ ৰাতিটো ফোনটোত মিহি মিহিকৈ সুৰ এটা বাজি আছিল, যি সুৰে নিমিষতে তাইৰ ধ্যান ধাৰণাক একাত্ম কৰি পাৰ্থিৱ জগতৰ পৰা বহু দূৰলৈ লৈ গৈছিল। ধ্ৰুৱমৰ পৰা আৰু এটা নতুন কথা শিকিলে তাই। এতিয়াৰে পৰা উজাগৰী বিষাদগধুৰ নিশাবোৰত তাই বাঁহীৰ সুৰৰ স’তে সহবাস কৰিব। সেউজ কোমল সজীৱতা৷ এটা তাইৰ দেহ-মনত বিয়পি পৰিল। মনটো বৰ ভাল লাগিছে তাইৰ। বৰ ভাল লাগিছে। দিনটো যে তাই ধ্ৰুৱমৰ লগত কটোৱাৰ কথা।

 দৌৰা-দৌৰিকৈ পাটীৰ পৰা উঠি তাই গা ধুলে। তাইক শুই উঠা দেখি হৰিণীনয়নাই চাহ-জলপান সাজু কৰে। তাই মানা কৰে, অকলে নাখায় তাই, ধ্ৰুৱমৰ লগতহে ব্ৰেকফাষ্ট কৰিব। চাহৰ কাপটো লৈ হৰিণীনয়নাই তাইলৈ চাই থাকে। দীপক আগবাঢ়ি আহি তাইৰ ওচৰত বহে,

 “কি হ’ল? কিয় নাখাৱ চাহ?”

 “ধ্ৰুৱমৰ লগত খাম। সি শুই উঠক।”

 “সি নাই অলংকৃতা। তই খাই ল’।”

 “সি নাই মানে? ক’লৈ গ'ল সি?”

 “ক'ম। তোকতো ক'মেই। তই খাই ল’৷ মই ৰেদি হৈ আহোঁ।”

 “ক’লৈ দীপক? ক’লৈ যাবলৈ ৰেদি হৱ তই?”

 “জাষ্ট অলপ দূৰ। তোৰ লগত কথা পতাও হ’ব, খোজ কঢ়াও হ’ব।”

 হাতৰ চাহকাপ চেঁচা হ’ল। অজান আশংকাত কঁপি উঠে তাই। তাই দীপকৰ স’তে খোজ লয়। ৰাতিপুৱা ফিৰফিৰীয়া বতাহজাকে কম্পনটো তীব্ৰ কৰে৷ পাহাৰত বৰষুণ। সেই পাহাৰেই কঢ়িয়াই আনিছে হিমচেঁচা অনুভূতি। বিচলিত হয় তাই, ধ্ৰুৱমক নেদেখি তাই বৰকৈ বিচলিত হয়।