পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কথাবোৰে মুহূৰ্ততে তাইক অন্য এক দেশলৈ লৈ গ’ল। মাকৰ খহটা হাতৰ মৰমৰ পৰশবোৰে, ককায়েকৰ খহটা মাতৰ মৰমৰ ধমকনিবোৰে তাইক স্মৃতিৰ জগতত বিচৰণ কৰালে।

 “অই, তই আকৌ টোপনি গ’লি নে?’

 “নাইতো”, ককায়েকৰ চিঞৰত খকমককৈ সাৰ পাই তাই পাঠ আওৰায়। আকৌ কলমটিয়াই পৰে টেবুলত। ককায়েকে তাইক ফচাবলৈকে লাইটটো অফ কৰি দিয়ে। সন্মুখত সমাজ অধ্যয়ণৰ কিতাপ লৈ তাই চকু মুদি কবিতা আবৃত্তি কৰি থাকে। ককায়েকে সেইবাৰ মাকক চিঞৰে,

 “মা, ভন্টীয়ে টোপনিয়াইছে৷”

 “মা, দাদাই মিছা মাতিছে।”

 “নহয় মা, ভন্টীয়ে মিছা কথা কৈছে। তুমি চোৱাহি লাইট অফ কৰি পঢ়ি আছে।”

 কাজিয়া আৰম্ভ হৈ যায় সিহঁত দুয়োটাৰে। বাহিৰত ঠেটুৱৈ লগা জাৰ। আখলৰ পৰা জালুকীয়া মাংসৰ গোন্ধ ভাঁহি আহে। শেতেলিত উমাল কম্বলৰ লোভ। টোপনিবোৰে ভাত খোৱা টেবুলতো ৰক্ষা নিদিয়ে। কলমটি য়াই থকা তাইৰ মুখত এগৰাহ এগৰাহকৈ ভাত ভৰাই থাকি মাকে বকি থাকে,

 “দিনটো একমিনিট বিছনাত নপৰে তাই। টলৌ টলৌকৈ অমুকৰ ঘৰ, তমুকৰ বাৰী কৰি থাকিব। কোনে ক’ব এয়া যে মেট্ৰিক দিবলগা ছোৱালী। কোনোমতে পাছ কৰিলেও নাকটো ৰ’ব অ’ আই”। মাকৰ বকনিবোৰ শুনিবলৈ তেতিয়া তাই আৰু এই বাস্তৱত ৰৈ নাথাকে। কোনোবা সপোন ৰাজ্যত সপোনকোঁৱৰৰ সতে তেতিয়া তাই ওমলি থাকেগৈ।

 তাৰ মাজতে ধ্ৰুৱমৰ ফোন আহে, “বৰমা কি কৰিছে এইজনীয়ে?”

 “কি কৰিব আৰু? বিছনাত পৰিলেই তাই”, মাকে তাইলৈ চাই চাই ধ্ৰুৱমক অভিযোগ দিয়ে।

 “অ শুলেই নেকি? একো নাই দিয়ক, সোনকালে উঠি পঢ়িব তেতিয়াহ’লে। কাইলৈ শৰ্মাছাৰে পৰীক্ষা ল’ব যে তাকেই সুধিবলৈ ফোন কৰিছিলোঁ”, ধ্ৰুৱমে কথা সামৰি ফোন থয়।

 টোপনি ধৰিলে তাইক কোনেও ৰখাব নোৱাৰে। সেই কথা সকলোৰে জ্ঞাত। দিনটো স্কুল, টিউচন, নাচ, গানৰ প্ৰেকটিচ কৰি আহি তাই ভাগৰত লেবেজান দিয়ে। মেট্ৰিক দিবলগা ল’ৰা-ছোৱালীবোৰৰ ঘৰলৈ স্কুলৰ প্ৰিঞ্চিপালে টহল দিয়ে। প্ৰায়েই তাইক শুই থকা অৱস্থাত প্ৰিঞ্চিপালে উদ্ধাৰ কৰেহি। টোপনিবোৰৰ অথন্তৰ ঘটাবলৈকে এলাৰ্ম ক্লক এটা উপহাৰ দিছিল ধ্ৰুৱমে। কিন্তু টোপনিগধুৰ ছোৱালীজনীৰ বাবে সেইটো একো উপায়েই নহ’ল। যেতিয়াই এলাৰ্ম বাজে, তাইৰ কাণত যেন ম’হেহে গুণগুণাইছে তেনে ভাবত হাতখনেৰে ম’হ খেদোৱাৰ দৰে ক্লকটো খেপিয়াই থাকে। সিটো ৰূমৰ পৰা ককায়েক দৌৰি আহি ঘড়ীটোৰ বিকট চিঞৰটো চম্ভালি লয়।

 কি যে দিন আছিল সেইবোৰ! পঢ়াৰ নামত ৰাতিখন কম হাৰাশাস্তি কৰেনে গোটেই ঘৰখনক? পখিলা খেদা দিনবোৰতো কঠোৰ সাধনাত ব্যস্ত হৈ পৰে চেমনীয়াচাম। ডিচেম্বৰ মাহ পাৰ হ’লেই পৰীক্ষাৰ বতাহজাক আৰম্ভ হয়। গাঁৱত কোনোবাটো নহয় কোনোবাটো মেট্ৰিকৰ পৰীক্ষাৰ্থী থাকেই। সেই বছৰ তাই মেট্ৰিক দিব, ককায়েকে হায়াৰচেকেণ্ডাৰী ফাইনেলত অৱতীৰ্ণ হ’ব। ককায়েকে পুৱতি নিশালৈকে কেমিষ্ট্ৰীৰ সমীকৰণবোৰৰ সতে যুঁজি শুবলৈ যায় মানে তাইৰ উঠিবলৈ হয়। শৰ্মা ছাৰৰ ওপৰতে খংটো জাপি বিস্কুট দুখন লৈ পঢ়া-টেবুলত বহে। পঢ়ানো কি? সপোনৰ ৰাজ্য সেইখনো। কোনোবা উপন্যাসৰ চৰিত্ৰত নায়িকা হৈ তাই কান্দে, হাঁহে, প্ৰেমালাপত ব্যস্ত হৈ পৰে। ড্ৰয়াৰৰ পৰা৷ মাজে মাজে ডায়েৰীখন উলিয়াই জুবিনৰ গানৰ কলি এটাকে টোকে। আকৌ ব্যাকৰণ-পাঠত মনোনিবেশ কৰে। বাক্য এটা অসমীয়াৰ পৰা ইংৰাজীলৈ তৰ্জমা কৰিবলৈ লৈ শব্দত ৰৈ যায় তাই। ডিক্সনেৰীখনত খুচৰিবলৈ লৈ দেখে ডিক্সনেৰীখন তাইৰ টেবুলত নাই, ককায়েকে নিজৰ ৰূম ইতিমধ্যে বন্ধ কৰি বিছনাত পৰিছে। অগত্যা তাই ধ্ৰুৱমলৈ ফোন কৰে। তাইৰ প্ৰতিটো সমস্যাৰ সমাধান সূত্ৰস্বৰূপ ধ্ৰুৱম ক’ত আছে বাৰু এতিয়া? ফেচবুক, গুগল চাৰ্চ ইঞ্জিন চলাথ কৰিও তাই ধ্ৰুৱমৰ খবৰ পোৱা নাই। ধ্ৰুৱমৰ দেউতাকৰ ৰিটায়াৰমেন্টৰ পাছতে সিহঁতে সেই ঠাই এৰিছিল। জালুকবাৰীৰ কৃষ্ণচূড়াৰ মাজত জীৱনৰ ৰং বিচাৰি চোৱা সময়খিনিত সেই আশৈশৱী সময়বোৰো মূল্যহীন হৈ পৰিছিল। জটিলতাবিহীন এক জীৱনৰ গতিত খোজ থৈছিল