পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 বৰঞ্চ তাই সুধিলে ওলোটাই, “মমী যাবনে? উত্তৰাহঁত? প্ৰিয়ংকাক লগ পামনে?”

 এজনীয়ে তপৰাই উত্তৰ দিলে, “সিহঁতকেইজনী ইয়াতেই আছে যেতিয়া লগ পায়েই থাকোঁ, তোকহে পোন্ধৰবছৰ হ’ল নেদেখা। প্ৰিয়়ংকা আহিব নোৱাৰে, তাই প্ৰেগনেন্ট। হস্পিতেলত এডমিট হ’বই দুই এদিনতে৷”

 “মুঠৰ ওপৰত তই আহ। কাইলৈকে আহ। পৰহিলৈ দহবজাত এক্স-ষ্টুডেন্টৰ মীটত তই থাকিবই লাগিব।”

 তাই কিছু আচৰিত হয়। তাই দেখোন মনত ৰাখিবলগীয়াকৈ একোৱে কৰা নাছিল সিহঁতৰ কাৰণে পৰীক্ষাৰ ৰিজান্টটো লৈয়ে ব্যস্ত হৈ আছিল তাই। অথচ সিহঁতে ইমানকৈ বিচাৰিছে তাইক। তাইক বিচৰা মানুহ এতিয়াও আছে। এতিয়াও আছে তাইক ভাল পোৱা মানুহ। হীনমন্যতাত কিয় ভুগিব তাই? ওহোঁ। নহ’ব। তাই যাব তালৈ। ক্ষন্তেকতে দোমোজা সামৰি তাই সিদ্ধান্ত লয়।

 আল্ট্ৰাছৰ ওচৰ পায়গৈ তাই। স্কুলৰ ছাৰে দিযা মেইলটো প্ৰিন্ট কৰি আল্ট্ৰাছৰ হাতত তুলি দিয়ে।

 “কি হয় এইখন”, টিভিৰ পৰ্দাৰ পৰা চকু নোতোলাকৈয়ে সোধে তেওঁ।

 “মই এদিনৰ কাৰণে লখিমপুৰলৈ যাওঁ। স্কুলৰ পৰা মাতিছে।”

 আল্ট্ৰাছে হাঁ না একো নক’লে। কোনো আপত্তি নাই তেওঁৰ। তাই থকা নথকা একেই হৈ পৰিছে এতিয়া। তাই গান এটা গুণগুণাই আলমাৰিৰ পৰা ৰিহা উলিয়ায়। শোভাযাত্ৰাৰ সাজ। ৰঙাকৈ ব্লাউজ, ৰিহা-মুগাৰ সাজ। ধুনীয়া, ধুনীয়া ৷ মুখখন উজলি উঠে। অন্যদিনা হোৱা হ’লে আল্ট্ৰাছে সুধিলেহেঁতেন “ইমান ফুৰ্তি। কেচটো কি?”

 এতিয়া নোসোধে। সুধিব নোৱাৰাকৈ দুয়োৰে মাজত শতযোজন দূৰত্ব। তাইৰ বুকুৰ ধ্বনি তেওঁ নুশুনে। তেওঁৰ বুকুৰ ধ্বনি তাই নুশুনে। বুকুৰ দুৱাৰবোৰ যেন অনিৰ্দিষ্ট কাললৈ বন্ধ। নাজানে তাই, নাজানে কেতিয়াকৈ খুলিব সেই দুৱাৰ। তথাপি জীৱন ৰুদ্ধ নহয়। ৰুদ্ধ নহয় বাবেই দুখৰ মাজতো সুখৰ বতাহজাক হুৰহৰাই সোমাই আহিব বিচাৰে। অত্যন্ত নৈৰাশ্যবাদীসকলেহে সেই বতাহজাকক উভোতাই পঠায়। অলংকৃতা সেই নৈৰাশ্যৰ বলি নহয়। তাই যাব। নোপোৱাবিলাক লৈ উচুপি নাথাকিব।

 গৈছিল অলংকৃতা। স্কুলৰ প্রাংগনত তাইক দেখিয়ে ঢপলিয়াই আহিছিল স্বপ্না বুলি লগৰজনী। কুন্তলাই তাইক সাৱটি এসোঁতা কান্দি ল’লে। সংগীতাই ৰিহা এখন মেৰিয়াই লৈ তাইক টানি আনি ফটো তুলিবলৈ আৰম্ভ কৰিলে। ডিঙিত ডিএছএলতআৰ কেমেৰাটো ওলোমাই ছোৱালীবোৰৰ মাজে মাজে ঘূৰি ফুৰা বৰ্ণালীবায়ে তাইক দেখিয়েই গালখনত চিকুটি দিলে। সুজাতাবায়ে তাইৰ গালত টপটপকৈ দুটামান চুমা খাই দিলে। ইমান মৰমঙ্গ ইমান যে মৰমেৰে ভৰা পৃথিৱী এইখন। ছোৱালীখিনিৰ মাজত তাই সৰু ছোৱালী এজনী হৈ পৰিল। নানাৰঙী পখিলাৰে ভৰি থকা এখন ফুলনিৰ দৰে হৈ পৰিল স্কুল চৌহদ। কিমান বছৰৰ মূৰত যে গোটেইখিনি লগ হৈছে। এটি ল’ৰাৰ মাতৃ শাৰদীয়ে সেই স্কুলীয়া ছোৱালীজনীৰ দৰেই মঞ্চত নাচিবলৈ সাজু হৈ আহিল। জিন্তী হাজৰিকা নামৰ এবছৰৰ ওপৰ বেটচৰ বায়েকজনীয়ে ধুনীয়া হাঁহি এমোকোৰা লৈ মঞ্চত সমবেত সংগীত পৰিবেশন কৰিলে,

 আজি মন ৰঙা,

 জীৱন ৰঙা,

 সাতোখন মহাদেশ ৰঙেই ৰঙা,

 ৰূপালী মেডামে হাৰমনিয়াম বজাইছে। তালে তালে মিলাই আশাৰাণীয়েও সুৰ দিছে,

 আজি মন ৰঙা,

 জীৱন ৰঙা,

 সাতোখন মহাদেশ ৰঙেই ৰঙা,

 উখল মাখল পৰিৱেশটোত তাই হেৰাই গ’ল। হেৰাই গৈ তাই অনুভৱ কৰিলে সুখী হোৱাৰ দেখোন অলেখ বাট। এনেইহে সাঁচি ৰাখোঁ দুখৰ অত অচিলা, অত অজুহাত। আবদ্ধ পানীখিনিত ককবকাই থকাতকৈ বিশাল সাগৰত জঁপিয়াই চোৱাৰ হেঁপাহ জাগিল পুনৰাই ৷ ডুবি চাব এবাৰ, টৌৱে আনি তাইক শুভ্ৰ বলুকাত পেলাই থ'ব৷ বলুকা সাৱটি তাই ৰ’দৰ স’তে কথা পাতিব। ওপৰৰ পৰা চৰাইবোৰে তাই বাউলী হ’ল বুলি গীত জুৰিব। গঙাচিলনীবোৰ দূৰলৈ যাবগৈ। তাইৰ সজীৱ শৰীৰৰ গোন্ধত সিহঁত কেনেকৈ কাষত থাকিব? তাইৰ মৃত্যুকামনা কৰা প্রতিটো গঙাচিলনী তাইৰ পৰা দূৰ হৈ যাব। শোভাযাত্ৰা, নাচ গানৰ পৰা আদি কৰি প্রাক্তন ছাত্ৰীসমূহৰ