স’তে ভাগ কৰে। খিলখিলনিৰ পৰিমাণ যেতিয়াই বাঢ়ে, তেতিয়াই সন্দেহৰ দৃষ্টি বৈ আহে আল্ট্ৰাছ নতুবা আল্ট্ৰাছৰ বন্ধুৰ দুচকুৰে। ভাল-বেয়াৰ সংজ্ঞা বিচাৰি তাই হৃদয় তোলপাৰ লগায়। স্বামীৰ লগত মনটো একাত্ম কৰিব নোৱাৰি কোনোবাটো মুহূৰ্তত মনৰ ভিতৰতে আল্ট্ৰাছক উদ্দেশ্যি কৈ উঠে তাই,
“আল্ট্ৰাছ, মই পৃথিৱীৰ আটাইতকৈ বেয়া পত্নী, কাৰণ মই তোমাতকৈও কিতাপবোৰক বেছি বিশ্বাস কৰোঁ”।
তাই জানে, তাইৰ এই উদাসীনতাই আল্ট্ৰাছক ঘূৰাই আনিব নোৱাৰে। যি সময়ত তাই সম্পূৰ্ণৰূপে আল্ট্ৰাছৰ নামত সমৰ্পিত আছিল, সেই সময়তো তেওঁ তাইৰ হাতৰ মুঠিৰ পৰা ওলাই গৈছিল। এতিয়াতো তাইৰ হাতৰ মুঠি উন্মুক্ত। সেই উন্মুক্ত তলুৱাৰ পৰা আল্ট্ৰাছক উলিয়াই পঠিওৱাৰ পাছতে তাইৰ বুকুখন খালী হৈ পৰিল। খালী হৈ পৰা বুকুখনত তাই বহুতবোৰ উপাদান ভৰাব পৰা হ'ল। সেই উপাদানবোৰক লৈ আপোনমনে তাই উমলি থাকিব পৰা হ'ল। আচৰিতভাৱে নিজক লৈ ব্যস্ত হৈ উঠাৰ পাছতেই দেখিলে, মানুহৰ খোঁচ-বিন্ধাবোৰ কমি আহিছে।
“দৰ্দ কা হদ চে গুজৰনা হে দাৱা হো জানা”
দুখৰ স’তে মোকাবিলা কৰাটোৱেই দুখ নিৰাময়ৰ উপায়৷ দুখবোৰ সামৰি লৈ লয়লাস খোজেৰে পাৰ হৈ যায় সময়। তাৰ পিছত সকলো তল পৰে। বাকী কথাবোৰ চিজিল লাগে। মাথোঁ আউলীয়া সূতাৰ গাঁথিত ওলমি ৰয় ভংগুৰ হৃদয়। হৃদয়ৰ কথা এৰি তাই কাগজত মন দিয়ে। অৰুণাভ বোলা লগৰজনে তাইলৈ মেইল এটা পঠিয়াইছে,
“তুমি এনে এখন দেশত ডাঙৰ হৈছা, য’ত নাৰীৰ বাবে মাত মাতিবলৈ এখন আইন আছে। নাইজেৰিয়াৰ দৰে দেশলৈ চোৱা। পৃথিৱীয়ে নাৰীক কোনখিনিত স্থান দিছে, তেতিয়া বুজি পাবা”।
নাইজেৰিয়াৰ নাৰীসকলৰ ওপৰত গৱেষণা কৰি আছে অৰুণাভে। সেই প্ৰতিবেদন পঢ়ি তাইৰ গা শিয়ৰি উঠিছে। নাৰীবাদত বিশ্বাসী নহয় তাই। তাই বিশ্বাসী মানৱবাদত। সমগ্ৰ নাৰীক মানুহ বুলি গণ্য কৰক, এয়ে তাইৰ প্ৰাৰ্থন৷ অৰুণাভৰ প্ৰতিবেদনখন আধৰুৱাকৈ এৰি তাই চকুহাল মুদি ৰয়। এতিয়াও পৃথিৱীৰ পূৰ্ণবিকাশ হোৱা নাই। আহিব, এনে এটা দিন আহিব, যেতিয়া পৃথিৱীয়ে নাৰীৰ অৱদান বুজি পাব।
ল’ৰা দুটিৰ স’তে পঢ়াটেবুলত ব্যস্ত থাকোঁতেই পাপৰিৰ ফোন আহিল। আনন্দ আৰু বিষাদ মিহলি কণ্ঠেৰে পাপৰিয়ে অলংকৃতাক লগ পোৱাৰ দাবী জনালে। অলপ পিছতে স্কুটিখন লৈ পাপৰি অলংকৃতাৰ ওচৰ পালেহি। আহিয়ে তাই চাৰিজনীয়া বিছনাখনত কম্বলৰ ভিতৰত সোমাই লৈ আড্ডা দিবলৈ আৰম্ভ কৰে, “বা’, এৰাতি তোমাৰ লগত কটাবলৈ মন গৈছিল। ৰ’ব নোৱাৰি আহি গ’লো। বহুত দূৰলৈ যামগৈ বা’।
পাপৰিৰ বিয়া ঠিক হৈছে বিদেশত। ল’ৰাৰ খুব ভাল কেৰিয়াৰ আৰু সৰুৰে পৰা মেধাসম্পন্ন, লগতে ঘৰখনে৷ খুব কালচাৰড। গতিকে ল’ৰা দূৰৈত থাকে যদিও সৱেই বিয়াখন হোৱাটো বিচাৰিছে। তায়ো সুখী। মাথোঁ এটাই সমস্যা, এই মাটিৰ মোহ এৰিব লাগিব, মৰমৰ কৃতাবাজনীক এৰিব লাগিব। সৰু সৰু খং-অভিমানবোৰ কাক ক’বহি? ঘন্টাৰ পাছত ঘন্টা ধৰি তাইৰ কথাবোৰ বিদেশত কোনেনো শুনিব? দেধাৰ সমস্যা তাইৰ। পাপৰিৰ কথা শুনি অলংকৃতাই হাঁহি উঠে,
“ধেৎ পাগলী, এয়া চ’ছিয়েল নেটৱৰ্কিঙৰ যুগ। যেতিয়াই বিচৰা, পাই যাব৷ মোক!”
“সঁচাই পামনে বা’? মোৰ যে মাইগ্ৰেনৰ বিষটো হ’লে তুমি মূৰত হাত ফুৰাই তেল সানি দিয়া, নিজৰ বা’ নোহোৱাকৈয়ে ইমান মৰম কৰা, সেই মৰমৰ পৰশ ক’ত পাম বা’?
“ই্স! বিয়াৰ পাছত মূৰৰ বিষ হ’লে বায়েকলৈহে মনত পেলাব? ৰাজকুমাৰে সৱ কৰি দিব। মোলৈ মনতেই নপৰিব তোমাৰ।”
কথাষাৰ কৈয়ে অলংকৃতাই মাকৰ স্পৰ্শটোলৈ মনত পেলায়। বিয়াতে এৰি থৈ অহা সেই পৰশ। মাকৰ ওচৰলৈ যোৱা হোৱা নাই তাইৰ। লাহেকৈ এটা হুমুনিয়াহ এৰে। পাপৰিয়ে হুমুনিয়াহটোৰ আঁত বিচাৰি তাইৰ মুখলৈ চাই ৰয়,
“কৃতাবা? সৱ ঠিকে আছেনে?”