সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এতিয়া মন গ’লেই দীপকক অলংকৃতাৰ খবৰ দিয়া নাযায়। খবৰ দিবলৈ দীপকৰ বিষয়ে জ্ঞাত নহয় সি। দীপকৰ ওচৰত সি চিৰকৃতজ্ঞ। কিন্তু অলংকৃতাৰ প্ৰতি উথলি উঠা অনুভৱটোকো সি নুই কৰিব নোৱাৰে। আচলতে জীৱনটোক কোনো চৰ্ততে বান্ধিব নোৱাৰি। সময়বোৰো বান্ধিব নোৱাৰি। অলংকৃতাই নাজানে যে বিশালে তাইক কিমানদিনৰ পৰা অনুসৰণ কৰি আছে। আল্ট্ৰাছতকৈ আগতেই সি অলংকৃতা বৰুৱা নামটোৰ স’তে পৰিচিত, সেই কথা অলংকৃতায়ো নাজানে। ওঁঠেৰে মিচিকনি এটা ওলাই গ’ল তাৰ। যিগৰাকী নাৰীক কোনোদিনে বিপদত পৰিবলৈ নিদিওঁ বুলি কথা দিছিল দীপকক, সেই নাৰীগৰাকীয়ে এতিয়া তাৰ বুকুৰ আসন জুৰি বহি ল’লে। প্রতিটো পৰিঘটনাৰে এক সূত্ৰ থাকে। থাকে এক শৃংখল। বাঘে হৰিণাজনীক বধ কৰাৰ পৰিঘটনাটো দুখজনক হ’লেও প্রকৃতিৰ বৃহত্তম স্বৰ্থত সেয়া কৰাৰ প্রয়োজন আছে। সেইদৰে প্রতিটো দুখৰ কোনো কাৰণ থাকে। অলংকৃতাৰ দুখৰ স’তে পৰিচিত হওঁতেই সি দীপকলৈ মনত পেলাইছিল, “দাদা আপোনাৰ চৰ্ত মানিব নোৱাৰিলোঁ দেখোন। চকুৰ আগতে তেওঁৰ হুমুনিয়াহ দেখিছোঁ। চকুৰ আগতে তেওঁৰ ভাগি যোৱা আকাশ দেখিছোঁ। একোৱেই কৰিব নোৱাৰিলোঁচোন তেওঁৰ বাবে।”

 "তাৰ পাছৰ কথাবোৰ বিশৃংখল৷ চিন্তাৰ সূতাডালত অলেখ কথাই আউল লগালে। যিমানেই খুলিবলৈ চেষ্টা চলালে, অলংকৃতা নামৰ গাঁথিটো সিমানেই খুলিব নোৱাৰা হৈ পৰিল। কোনোবা দূৰৈৰ বিষাদৰ ৰিণি যেন হ’ল প্রতিশ্ৰুতিবোৰ। তেওঁক সযতনে ৰাখিবলৈ গৈ নিজৰ সিদ্ধান্তবোৰ অযতন হ’ল। তেওঁৰ দুখবোৰৰ গভীৰতা জুখিবলৈ গৈ নিজৰ দুখৰ খাদ গভীৰ হৈ পৰিল। ষ্টিয়েৰিঙত মূৰ পেলাই কথাবোৰ ভাবি থাকোতে চিলমিলীয়া টোপনি এটি তাৰ চকুৰ আগত দুলি আছিল। ৰাতিৰ টোপনি খতিয়ে তাৰ অৱসাদ গভীৰ কৰি তুলিছে।

 হঠাতে ভিতৰৰ পৰা এক চিঞৰত সি সচকিত হৈ বহিল,

 “মই তাইৰ ছাঁটোকে নাচাওঁ। তাই বেশ্যা হৈ গৈছে।”

 বিশালৰ টোপনি ভাব দূৰ হৈ যায়। বুজি পায়, সেয়া নিশ্চয়কৈ কঞ্জনীলৰ মাত। একেসময়তে অলংকৃতাই কথাবোৰ নিজৰ মনলৈ টানি নিৰ্বাক ছবি এখনত চলন্ত ৰূপ দিয়ে,

 “বেশ্যা হৈ গৈছে? কোন? কোন? উল্কি নে তাই?”

 প্রশ্নবোৰৰ উত্তৰ বিচাৰি মনটোৱে লাইব্ৰেৰীৰ এচুকত বহি পৰে,

“marriage is a legal prostitution (বিবাহ এক আইন-স্বীকৃত বেশ্যাবৃত্তি)”

 কোনে কৈছিল? কোনে কৈছিল? হয়, শ্বেকচ্পীয়েৰে কৈছিল।

 “নাৰীয়ে ভৰণ-পোষণৰ বিনিময়ত শৰীৰ বিক্ৰী কৰে। বেশ্যাৰ ক্ষেত্ৰতে হওক নতুবা পত্নীৰ ক্ষেত্ৰতে হওক, “My body, my choice" (মোৰ শৰীৰ, মোৰ পছন্দ”, কথাটো প্রযোজ্য নহয়।) আনহে নালাগে, ৰাষ্ট্ৰৰ আইনেও এই কথাষাৰি সকলো সময়তে প্রয়োগ কৰিবলৈ এৰি দিব নোৱাৰে। গৰ্ভধাৰণৰ সময়ততো নাৰীৰ নিজৰ শৰীৰৰ কোনো অধিকাৰেই নাইকিয়া হৈ পৰে। তেতিয়া ই ৰাষ্ট্ৰৰ সম্পদ হৈ পৰে”।

 অলংকৃতাৰ চিন্তাৰ সূতাডালত প্রায়ে আউল লগোৱা এই কথাষাৰি প্রত্যেকগৰাকী নাৰীৰ দ্বাৰাই প্রমাণিত। পূৰ্বৰ প্রজন্মৰে পৰা চলি আহিছে এই নিয়ম। বিবাহসূত্ৰে বেশ্যাবৃত্তিত লিপ্ত হয় নাৰী। এই কথাষাৰ মনলৈ অহাৰ লগে লগে তাই পুনৰবাৰ নিজকে জোকাৰি দিয়ে। নাই, নাই। বিবাহৰ দৰে পবিত্ৰ শব্দক এই শব্দৰে কলংকৃত কৰা নাযায়। কিন্তু কি কৰে তাই? কি কৰে? বাৰাংগনা নামটোৱে তাইক শুবলৈ নিদিয়ে, শান্তিৰে থাকিবলৈ নিদিয়ে। এই নামৰ পৰা পৰিত্ৰাণ পাবলৈ তাই ব্ৰহ্মাণ্ড ভ্ৰমি ফুৰে। কিন্তু? এই ‘কিন্তু’টোৱে তাইৰ পিছ নেৰে।

 নাম নজনা প্রশ্ন এটাত উবুৰি খাই পৰি থাকে অহংকাৰী লগনবোৰ। কাষেৰে দপদপাই পাৰ হৈ যায় বিজতৰীয়া হাঁহিৰে এদল সৈনিক। চাৰিওফালৰ পৰা ভেনামাখিৰ দৰে ইতিকিঙৰ চকুবোৰে তাইক ওপৰৰ পৰা তললৈ লেলিহাই যায়।

 আসঃ পতিব্ৰতা নাৰী হোৱাৰ কি যে চখ কিছুমান শিপাই লৈছিল বুকুতঙ্গ ভালৰো ভাল কথাবোৰ, ভালৰো ভাল বস্তুবোৰ তেওঁলৈকে সাঁচিলে। ভালৰো ভাল সুৰবোৰ তেওঁলৈকে ৰচিলে। কেৱল তায়েইনে? সকলোৱেইতো সাঁচে। সকলো নাৰীয়ে নিজক উজাৰি দিয়ে। পুষ্পিতা হোৱাৰ দিনৰে পৰা প্ৰত্যেকজনী ছোৱালীক তেনে আচৰণৰ প্রশিক্ষণ দিয়া হয়। নিজস্বতা নোহোৱাকৈ মাকে দেউতাকৰ সংসাৰৰ কাৰণে চিন্তা কৰিছিল, এতিয়া তাই আল্ট্ৰাছৰ